ৱাকফ সংশোধনী বিধেয়কক লৈ উচ্চতম ন্যায়ালয়ত চলি থকা বিতৰ্কৰ মাজতে নতুন বিবাদে গাকৰি উঠিছে। দিল্লীৰ ‘গুৰুদ্বাৰা’ দখল কৰিবলৈ চেষ্টা কৰি এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৱাকফ ব’ৰ্ড। উচ্চতম ন্যায়ালয়ে কয় যে যিহেতু তাত গুৰুদ্বাৰা আছে, সেয়েহে ৱাকফ ব’ৰ্ডে এই সম্পত্তি দাবী কৰিলেও সেই সম্পত্তি তাতেই থাকিব।
১৯৪৭ চনৰ পৰা পূব দিল্লীৰ সাহদৰা অঞ্চলত গুৰুদ্বাৰাখন খন আছে। কিন্তু ৱাকফ ব’ৰ্ডে দাবী কৰিছে যে এই সম্পত্তি তেওঁলোকৰ। এই সন্দৰ্ভত ২০১০ চনত গোচৰ ৰুজু হৈছিল।দিল্লী ৱাকফ ব’ৰ্ডে দাবী কৰিছে যে প্ৰকৃততে ই কোনো গুৰুদ্বাৰা নহয়। বৰঞ্চ ই এটা মছজিদ। ইয়াৰ নাম ‘মছজিদ তাকিয়া বব্বৰ শ্বেৰ’। ৱাকফ ব’ৰ্ডে দাবী কৰিছে যে এই মছজিদটো অনাদি কালৰ পৰাই আছে। কিন্তু গুৰুদ্বাৰা বিষয়াসকলে দাবী কৰে যে মহম্মদ আহছান নামৰ এজন ব্যক্তিয়ে ১৯৫৩ চনত গুৰুদ্বাৰা বিষয়াসকলক সেই মাটি বিক্ৰী কৰিছিল।কিন্তু তেওঁলোকে ইয়াৰ সমৰ্থনত কোনো প্ৰমাণ দেখুৱাব পৰা নাছিল। ২০১০ চনত দিল্লী উচ্চ ন্যায়ালয়ে এই মাটিৰ মালিকীস্বত্ব গুৰুদ্বাৰা বিষয়াক অৰ্পণ কৰিছিল। ইয়াৰ পিছতে দিল্লী ৱাকফ ব’ৰ্ড উচ্চতম ন্যায়ালয়লৈ যায়।
উচ্চতম ন্যায়ালয়েও গুৰুদ্বাৰ বিষয়াসকলৰ সপক্ষে ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ে কয় যে গুৰুদ্বাৰ বিষয়াসকলে যিদৰে মালিকীস্বত্ব প্ৰমাণ কৰিব নোৱাৰিলে, তেনেদৰে ৱাকফ ব’ৰ্ডেও মাটিৰ মালিকীস্বত্ব প্ৰমাণ কৰিব নোৱাৰিলে। গতিকে মালিকীস্বত্ব গুৰুদ্বাৰা বিষয়াক দিব লাগে। শেহতীয়াকৈ ৱাকফ সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ লগে লগে পুৰণি বিতৰ্ক পুনৰ চৰ্চালৈ আহিছে। কেন্দ্ৰৰ নতুন আইনখনে ৱাকফ ব’ৰ্ডৰ ভূমি সন্দৰ্ভত বিশেষ অধিকাৰৰ ওপৰত ক্ষতিসাধন কৰিছে। কেন্দ্ৰই কয় যে যদি ৱাকফ ব’ৰ্ডে যিকোনো মাটিৰ মালিকীস্বত্ব দাবী কৰে তেন্তে সেই মাটি আগৰ দৰে দখল কৰিব নোৱাৰিব। মাটিৰ বৰ্তমানৰ মালিকে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব পাৰে। সেই নতুন বিধেয়কখনৰ বিতৰ্ক সম্প্ৰতি উচ্চতম ন্যায়ালয়ৰ আন এখন বিচাৰপীঠত চলি আছে।