• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কল ৰেকৰ্ডিং ভাইৰেল : হত্যা কৰা হৈছিল নেকি সাহসী SI জোনমণি ৰাভাক?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2023 7:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা। সঘনাই উচ্চাৰিত হৈছে জোনমণি ৰাভাৰ প্ৰকৃতে দুৰ্ঘটনাত পতিত মৃত্যু হৈছিল নে কোনোবাই হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিছে। নিতৌ ভাইৰেল হৈ থকা ফোন কল ৰেকৰ্ডিং আৰু হঠাতে আবিৰ্ভাৱ হোৱা প্ৰত্যক্ষদৰ্শীৰ মন্তব্যই এই ৰহস্যক অধিক গাঢ়তৰ কৰি তোলাৰ লগতে সংবাদ মাধ্যমতো ব্যাপক চৰ্চা লাভ কৰিছে।

জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে লখিমপুৰৰ নাওবৈচাৰ এগৰাকী মহিলাই সংবাদ মাধ্যমত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ পাছতে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা পেচাত চালক প্ৰণৱ দাস নামৰ লোকজনে বুধবাৰে (১৭ মে’) দাবী কৰে যে জোনমণি ৰাভাৰ বাহনখনে ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ ফলতে জোনমণিৰ মৃত্যু হৈছিল। তেওঁ দাবী কৰা মতে জোনমণি ৰাভাৰ বাহনখনৰ পৰা এজন লোক ওলাই গৈছিল।

ইফালে ইয়াৰ বিপৰীত ভাষ্যও প্ৰকাশ পাইছে যে ৰখাই থোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বাহনখনত তীব্ৰবেগী ট্ৰাকখনেহে খুন্দা মাৰে।

এই দুই ভিন্ন মতে ঘটনাটো ৰহস্যঘন কৰি ৰখাৰ মাজতে  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুজন ব্যক্তিৰ মাজত হোৱা এটা কল ৰেকৰ্ডিং।

কল ৰেকৰ্ডিঙত ব্যক্তিজনৰ এজনে জোনমণি ৰাভাৰ হত্য়াকাণ্ডটোক কেনেকৈ ‘দুৰ্ঘটনা’ ৰূপ দিয়া হৈছিল তাক ক্ৰমণুসাৰে বৰ্ণনা কৰা শুনা গৈছে। ঘটনাটো বিৱৰণি দি থকা লোকজনে দাবী কৰে যে দুৰ্ঘটনাটোৰ পূৰ্বে জোনমণি ৰাভাক দুজন লোকে ৰডেৰে মৰিয়াই হত্যা কৰিছিল।

লোকজনৰ দাবী যে, নগাঁও চহৰৰ মাজ মজিয়াতে নিশা ১১.৩০ৰ পৰা ১২.০০ বজাৰ ভিতৰত জোনমণি ৰাভাক হত্যা কৰা হৈছিল। কিন্তু জোনমণি ৰাভাৰ মৃত্যুৰ খবৰ নিশা প্ৰায় ২.১৫ বজাত লাভ কৰা বুলিও প্ৰকাশ কৰিছে লোকজনে।

ইফালে জোনমণি ৰাভাৰ মৃত্য়ুৰ পাছতেই নগাঁও জিলাৰ আৰক্ষী অধীক্ষৰ নেতৃত্বত এটা দলে জোনমণি ৰাভাৰ আৰক্ষী আৱাসত তালাচী চলাইছিল মাতৃৰ সাঁচতীয়া ধনৰ লগতে জোনমণি ৰাভাই থোৱা নগদ ধনো লৈ গৈছিল।

লোকজনে স্পষ্টকৈ কোৱা শুনা গৈছে যে জোনমণি ৰাভাৰ মৃত্যুৰ পূৰ্বে তেওঁৰ লগত হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাও আছিল।

জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ সৈতে নগাঁও জিলা আৰক্ষী অধীক্ষৰ লগতে জিলাখনৰ এটা শীৰ্ষ আৰক্ষী দল জড়িত থকা বুলিও দাবী কৰিছে লোকজনে।

কল ৰেকৰ্ডিঙটোত লোকজনে এইটো পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি দৃঢ়তাৰে কে’বাবাৰো কোৱা শুনা গৈছে। লোকজনে লগতে এই ঘটনাৰ তদন্ত চিবিআইৰ পৰিৱৰ্তে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)ৰ হাতত অৰ্পণ কৰা উচিত বুলিও কোৱা শুনা গৈছে। এই কল ৰেকৰ্ডিঙটো ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে।

কল ৰেকৰ্ডিঙটো শুনক —

https://nenow.in/wp-content/uploads/2023/05/lv_0_20230518173745.mp4
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd