গাব্বাত দুৰ্দান্ত প্ৰদৰ্শন নৱাগত তাৰকা শাৰ্দুল-সুন্দৰৰ; ভংগ কৰিলে ৩০ বছৰ পুৰণি অভিলেখ

WhatsApp Image 2021-01-17 at 12.59.23 PM

ফটো সৌজন্য: বিচিচিআই।

ব্ৰীছবেন টেষ্টৰ তৃতীয় দিনা দেওবাৰে গাব্বাত বাউন্সি উইকেটত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিলে ৱাশ্বিংটন সুন্দৰ আৰু শাৰ্দুল ঠাকুৰে।

দলৰ ১৮৬ৰাণত ঋষভ পন্ট আউট হোৱাৰ পাছত ভাৰতীয় ইনিংছ সোনকালেই সমাপ্ত হ’ব বুলি সকলোৱে আশা কৰিছিল। কিন্তু সুন্দৰ আৰু শাৰ্দুলৰ পাৰ্টনাৰশ্বিপে অষ্ট্ৰেলিয়াৰ পেচ আক্ৰমণক তচনচ কৰি ভাৰতক মেচলৈ ওভতাই আনে।

১৮৬ৰাণত ভাৰতৰ ছয়টা উইকেট পতন হোৱাৰ পাছত এই দুগৰাকী বেটছমেনে অষ্ট্ৰেলিয়াৰ বলাৰক প্ৰত্যুত্তৰ দি আক্ৰমণাত্মক শ্বট খেলে।

সপ্তম উইকেটৰ যুটীত দুয়োগৰাকীয়ে ভাৰতৰ বাবে ১২৩ ৰাণ যোগ দিয়ে। গাব্বাৰ গতিময় তথা বাউন্সি উইকেটটত ১২৩ৰাণৰ যুটী গঢ়ি তুলি যুটীটোৱে কপিলদেব আৰু মনোজ প্ৰভাকৰৰ ৩০বছৰ পুৰণি অভিলেখ ভংগ কৰে।

১৯৯১ চনত গাব্বাৰ এই পিটচতেই সপ্তম উইকেটত ভাৰতৰ প্ৰাক্তন বেটছমেন দুগৰাকীয়ে ৫৮ৰাণৰ যুটী বান্ধিছিল।

ইয়াৰ পাছত গাব্বাত ২০১৪চনত মহেন্দ্ৰ সিং ধোনী আৰু ৰবিচন্দ্ৰন অশ্বিনে সপ্তম উইকেটৰ যুটীত ৫৭ৰাণ কৰিছিল।

ব্ৰীছবেনতেই ৱাশ্বিংটন সুন্দৰৰ অভিষেক ঘটিছে আৰু দলত তেওঁ এগৰাকী অলৰাউণ্ডাৰ হিচাপে স্থান পাইছে। অভিষেক মেচতেই অৰ্দ্ধশতক কৰি সুন্দৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

আনহাতে, শাৰ্দুল ঠাকুৰেও গুৰুত্বপূৰ্ণ সময়ত ৬৭ৰাণৰ এক অনবদ্য ইনিংছ খেলি সকলোকে চমক দিছে।