পৰিস্থিতি যিয়েই নহওক কিয় আমি আইনৰ শাসনৰ বাহিৰলৈ যাব নোৱাৰো!

ধিঙৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ত তফাজ্জুল ইছলামৰ পুলিচৰ জিম্মাত মৃত্যু হোৱা ঘটনাটো আশ্চৰ্যজনক। ইয়াৰ বাবে পুলিচ জগৰীয়া। ই এক প্ৰকাৰৰ হত্যা।আইনৰ শাসনৰ কথা কোৱা সকলো ব্যক্তিয়ে পুলিচৰ এই কাৰ্যৰ বিৰোধিতা কৰা উচিত। এই নৈৰাজ্যৰ পৰিণতি আমাৰ সকলোৰে বাবে কিন্তু অতি ভয়াবহ।

এতিয়া আহিছোঁ যোৱা সময়ছোৱাত উপৰ্যুপৰি ঘটি থকা ধৰ্ষণৰ ঘটনা বোৰলৈ। আমাৰ দেশখনত কিবা এটা হৈছে।দেশখনত কিয় দিনক দিনে, হত্যা, ধৰ্ষণ, আৰু অপৰাধমূলক ঘটনাবোৰ বাঢ়ি যাব ধৰিছে? আমাৰ দেশখন কি এখন ধৰ্ষণকাৰীৰ দেশ হ’বলৈ গৈ আছে নেকি? চাৰিওফালে যে এই ঘটনাবোৰ ঘটিবলৈ লৈছে তাৰ কাৰণে কোন দায়ী? শিৱসাগৰত যে ঘটনাটো ঘটিল তাত প্ৰশাসনৰ ভূমিকা কি আছিল? এতিয়া ধিঙত এই পাষবিক ঘটনা! তাৰ আগতে কলিকতাৰ আৰ জি কৰ চিকিৎসালয়ৰ ঘটনা, যিটো ঘটনাৰ ৰোমহৰ্ষক বৰ্ণনা পঢ়িবলৈ মোৰ ভয় লগে।

 

এতিয়া সেই ঘটনাকলৈ দুটা/ তিনিটা পক্ষ। ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটনৰ সলনি তাৰ ৰাজনীতিকৰণ।তাক লৈ চাৰিওফালে উত্তেজনা।এই বিতৰ্ক আৰু উত্তেজনা এনে পৰ্যায় পাইছে গৈ যে উচ্চতম ন্যায়ালয়ে ক’বলৈ বাধ্য হৈছে ধৰ্ষণৰ ঘটনাক ৰাজনীতিকৰণ কৰিব নালাগে।এইবোৰৰ মাজতে খবৰ আহিছে কৰ্ণাটকৰ চিক্কাবাল্লাপুৰৰ চিকিৎসালয়ত ৬৫ বছৰৰ মহিলা ৰোগী এগৰাকীক এজন ব্যক্তিয়ে ধৰ্ষণ কৰাৰ খবৰ।এইবোৰ কি হৈছে ? ধৰ্ষণকাৰীক কি শাস্তি দিয়া হ’ব?

 

তাৰ বিচাৰ কেনেকৈ হ’ব সেই প্ৰশ্নবোৰ আছে। সেইবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু আমাৰ সমাজত, সি কলিকতাই হওক, ধিঙেই হওক বা চিক্কাবাল্লাপুৰেই হওক- কেনেকৈ এই ঘটনাবোৰ ঘটিবলৈ পাইছে? আমাৰ সামাজিক মূল্যবোধ আৰু সামাজিক নিৰাপত্তাত ক’ৰবাত নিশ্চয় এক গুৰুতৰ বিসংগতি আছে।সেইটো অতি চিন্তনীয়। তাৰ বাবে আমি সকলো জবাবদিহি।আমি ভাৰতীয় মূল্যবোধ আৰু পৰম্পৰাৰ কথা কওঁ? আমাৰ মূল্যবোধে এইবোৰত অনুমোদন জনায়নে? আন এটা কথা হ’ল- হয়, এনেকুৱা এটা ঘটনা ঘটিলে মানুহ স্বাভাবিকতে উত্তেজিত হয়, আবেগিক হৈ পৰে।

 

আবেগ আৰু উত্তেজনাৰ বশৱৰ্তী হৈ তেওঁলোকে যি কোনো কথা কয়।সেইটো স্বাভাবিক।কিন্তু ঘটনা যিমানেই ৰোমহৰ্ষক নহওক কিয় তাৰ বিচাৰৰ দায়িত্ব দেশৰ বিচাৰ ব্যৱস্থাৰ। আইন কোনেও হাতত তুলি ল’ব নোৱাৰে। কোনো ব্যক্তি, কোনো সংগঠনৰ সেই অধিকাৰ নাই। পৰিস্থিতি যিয়েই নহওক কিয় আমি আইনৰ শাসনৰ বাহিৰলৈ যাব নোৱাৰোঁ।আপোনালোক সকলোৰে নিৰ্ভয়া কাণ্ডৰ কথা নিশ্চয় মনত আছে। দুহেজাৰ বাৰ চনৰ ১৬ ডিচেম্বৰৰ দিনা দিল্লীৰ মুণিৰকাত কেনেকৈ এগৰাকী ২২ বছৰীয়া যুৱতীক চলন্ত বাছ এখনৰ ভিতৰত বৰ্বৰভাবে গণ ধৰ্ষণ কৰা হৈছিল, তাৰপিছত কেনেকৈ সমগ্ৰ ভাৰততে ঘটনাটোৱে খলকনি তুলিছিল।সেই তেতিয়াই ধৰ্ষণকাৰীৰ শাস্তি কেনে হোৱা উচিত সেই লৈ ভাৰতৰ প্ৰাক্তন মুখ্য বিচাৰপতি জে এচ বাৰ্মাৰ নেতৃত্বত এখন তিনিজনীয়া কমিটি গঠন কৰা হৈছিল। তাৰ আন সদস্য দুগৰাকী আছিল উচ্চতম ন্যায়ালয়ৰ আন এগৰাকী প্ৰাক্তন ন্যায়াধীশ লীলা শেঠ আৰু ভাৰতৰ প্ৰাক্তন চলিচেটৰ জেনেৰেল গোপাল সুব্ৰমণিয়াম।গণধৰ্ষণকাৰীক কি শাস্তি দিব লাগে তাৰ বিধান বাৰ্মা কমিটিয়ে তেতিয়াই দি গৈছে।গতিকে আমাৰ কাঢ়া আৰু মজবুট আইন আছে।সেই আইনৰ ভিত্তিতহে এই অপৰাধৰ বিচাৰ হ’ব লাগিব।তাৰ পিছতো ২০১৮ চনত চৰকাৰে অধিসূচনা জাৰি কৰিছিল। গতিকে আইন আছে। বিচাৰ আইন মতে হ’ব।পুলিচৰ মন মৰ্জিত নহয়।

আন এটা উদ্বেগৰ বিষয় হৈছে ধৰ্ষণকাৰীৰ জাতি, ধৰ্ম আৰু ৰাজনৈতিক আনুগত্যৰ বিষয়টো। উচ্চতম ন্যায়ালয়ে ধৰ্ষণৰ ঘটনাক ৰাজনীতিকৰণ কৰিব নালাগে বুলি কোৱা কথাটো ইতিমধ্যে উল্লেখ কৰা হৈছে। ধৰ্ষণ ধৰ্ষণ। ধৰ্ষণকাৰী কোন ধৰ্মৰ কোন জাতিৰ, কোন পাৰ্টিৰ সেইটো জনাৰ আমাৰ কোনো প্ৰয়োজন নাই। ধৰ্ষণকাৰীৰ পৰিচয় ধৰ্ষণকাৰী, ধৰ্ষণকাৰীৰ পৰিচয় অপৰাধী। কিন্তু আচৰিত কথা এচামে সেইটোৱেই কৰি আছে। অসমত যেতিয়াই তেনে এটা ঘটনা ঘটে এইচাম লোকে এটা সম্প্ৰদায়ক তাৰ বাবে জগৰীয়া কৰিবলৈ উঠিপৰি লাগে।সেই সম্প্ৰদায়টো হ’ল মিঞা।কোনোবা এজন মিঞাই এটা দুষ্কাৰ্য কৰিলে সকলো মিঞাকে তাৰবাবে জগৰীয়া কৰাটো কেনে কথা?

 

তেওঁলোকক গুৱাল গালি দিয়াটো কেনে কথা? সকলো মিঞাকে অপৰাধী সজোৱাটো কেনে কথা? কিন্তু সেইটোৱেই হৈ আছে। যোৱা সময়ছোৱাত অসমৰ বিভিন্ন ঠাইত এই ধৰণৰ ঘটনা ঘটাৰ খবৰ আহিছে। তাত অন্য সম্প্ৰদায়ৰ লোক জড়িত আছে। সেই নিৰ্দ্দিষ্ট সম্প্ৰদায় বোৰৰ সকলো মানুহকে কিন্তু তাৰবাবে জগৰীয়া কৰা হোৱা নাই।তেন্তে মিঞাৰ ক্ষেত্ৰত কিয় সেইটো কৰা হ’ব? আৰু এই সাম্প্ৰদায়িক প্ৰচাৰ চলৱা হৈছে স্বয়ং চৰকাৰৰ প্ৰৰোচনাত। মুখ্যমন্ত্ৰীয়ে হৈছে তাৰ নায়ক। ইয়াৰ উদ্দেশ্য সম্পূৰ্ণ ৰাজনৈতিক। বিভাজনৰ ৰাজনীতিৰে মানুহৰ দৃষ্টি মানুহৰ মৌলিক সমস্যাৰ পৰা অন্য দিশলৈ নিয়া। জনতাক সুশাসন দিয়াত ব্যৰ্থ মুখ্যমন্ত্ৰীৰ ই ৰাজনৈতিক চতুৰালি।আমি সাধাৰণ মানুহে যেন সেই ফান্দত ভৰি নিদিওঁ।অৱেশ্য ৰাইজৰ সৰহ সংখ্যকে কিন্তু এই কথাবোৰ নুবুজাও নহয়।