• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমাৰ এতিয়াও বিষদাঁত আছে; গতিকে দুৰ্বল বুলি ভাবিব নালাগে : অনুপ চেতিয়া (ভিডিঅ’টো চাওক)

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই আলফা (স্বাঃ)ত যোগদান বাঢ়িছে”

মুকুট দাস by মুকুট দাস
November 12, 2018 5:14 pm
AnupChetia

বংগভাষী অসমীয়া সমাজ আৰু আলফাৰ সংবাদমেলৰ দৃশ্য। ১২ নৱেম্বৰত, পল্টনবজাৰস্থিত হোটেল অম্বৰীশত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আমাৰ জাতীয়তাবোধ আছে। আমি অসমখনক ভাল পাওঁ। সেয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি আছো।” –আজি বংগভাষী অসমীয়া সমাজ আৰু আলফাৰ এখন যুটীয়া সংবাদমেলত এইদৰে কয় আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।

চেতিয়াই লগতে কয় যে যুদ্ধ বিৰতিৰ চুক্তিত আলোচনাৰত আলফাই চৰকাৰৰ বিৰুদ্ধে ৰাজপথত মাত মাতিব নোৱাৰে বুলি স্পষ্টকৈ লিখা আছে যদিও অসমৰ আৰু অসমৰ জনগণৰ স্বাৰ্থত আলফাই মাত মাতি আছে। “জনগণৰ পক্ষত আমি আছো, আগলৈও থাকিম।” চেতিয়াই দৃঢ়তাৰে কয়।

চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰৰ গৰ্জন তুলি তেওঁ কয়, “আমি দাঁত নাইকীয়া সাপ হৈ পৰা নাই। আমাৰ দাঁত এতিয়াও আছে। বৃহৎ স্বাৰ্থত শান্তি-শৃংখলা বজাই ৰাখিছো।”

“আমি যদি অসমক উত্তপ্ত কৰো বুলি ভাবো, তেন্তে সেই শক্তি, সামৰ্থ্য আৰু ক্ষমতা আমাৰ আছে। কিন্তু সেই পথলৈ আমি যাব বিচৰা নাই।” চেতিয়াই সংবাদমেলত কয়।

উচটনিমূলক মন্তব্য দিয়া বুলি বাঙালী সংগঠনৰ নেতা-কৰ্মীয়ে দিয়া গোচৰত কাৰাৰুদ্ধ জিতেন দত্ত আৰু মৃণাল হাজৰিকা সন্দৰ্ভতো চেতিয়াই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। “কাৰাগাৰত থকা আমাৰ সতীৰ্থকেইজনক আমি আইনী প্ৰক্ৰিয়াৰেই উলিয়াই অনাৰ কথা ভাবিছো। কিন্তু ভাৰত চৰকাৰ বা অসম যদি চৰকাৰে ভাৱে যে আমাৰ এইটো দুৰ্বলতা, তেন্তে আমি সকীয়াই দিওঁ যে এয়া দুৰ্বলতা বুলি নাভাবিব।”

তেওঁ লগতে কয়, “ধৈৰ্য্যৰ বান্ধ এতিয়ালৈকে ছিগা নাই। ধৈৰ্য্য ধৰি আছো। ভাৰত চৰকাৰৰ শুভবুধি উদয় হ’ব বুলি আশা কৰিছো।”

“গতিকে চৰকাৰক শেষবাৰৰ বাবে কওঁ, যিসকলে উচটনিমূলক মন্তব্য দি আজিৰ এই পৰিৱেশ সৃষ্টি কৰিলে, যিসকলৰ প্ৰৰোচনাত পৰি জিতেন দত্ত, মৃণাল হাজৰিকা কাৰাগৰলৈ যাব লগীয়া হ’ল। সেই মূল হোতাসকল, শিলাদিত্যকে আদি কৰি আনসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে অসম চৰকাৰক সকীয়াই দিছো।” চেতিয়াই কয়।

আনহাতে সংবাদমেলত তেওঁ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সোণোৱালকো কটাক্ষ কৰে। “সোণোৱালৰ ওপৰত অসমৰ ৰাইজে বিশ্বাস আৰু আস্থা ৰাখিছিল, তেওঁ তাৰ ওপৰত কুঠাৰাঘাত কৰিছে।” চেতিয়াই কয়।

“মুখ্য মন্ত্ৰী সোণোৱাল দিল্লীৰ নিৰ্দেশ পালনৰ বাবেহে থকাৰ দৰে। কিন্তু অসমৰ ৰাইজে ভোট দি তেওঁক প্ৰতিষ্ঠা কৰিছে, দিল্লীয়ে ভোট দি মুখ্য মন্ত্ৰী বনোৱা নাই”, চেতিয়াই কয়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই আলফা (স্বাঃ)ত যোগদান বাঢ়িছে

আন এটা গুৰুত্বপূৰ্ণ মত আগ বঢ়াই আলফাৰ সাধাৰণ সম্পাদকজনে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কে সৃষ্টি কৰা তীব্ৰ জাতীয়তাবোধৰ আৱেগৰ বাবেই শেহতীয়াকৈ আলফা (স্বাঃ)ত অসমৰ নৱ প্ৰজন্মৰ যোগদান বহুত বাঢ়িছে। বিধেয়কখন বাতিল নকৰিলে “আৰু যাব” বুলি চেতিয়াই দাবী কৰে। কেৱল উজনি অসমতে নহয়, অসমৰ সকলো জিলাৰ পৰাই আলফাত শেহতীয়াকৈ বহু সংখ্যক যুৱকে যোগদান কৰিছে। “আমি আগতেই এই কথা সোঁৱৰাই দিছিলো।” চেতিয়াই কয়।

“যুটীয়া সংসদীয় কমিটীৰ আগতো আমি কৈছিলো যে অসমত নাগৰিকত্ব সংশোধনী বিধেয়কখন জাপি দিলে অসমৰ বহু যুৱক আলফালৈ গুচি যাব।” অনুপ চেতিয়াই কয়।

অসমীয়া-বাঙালীৰ সংঘাতৰ বাবে নাগৰিকত্ব বিধেয়কখনেই জগৰীয়া

আন এটা তাৎপৰ্য্যপূৰ্ণ মন্তব্যত আলফাৰ সাধাৰণ সম্পাদকজনে ৰাজ্যখনত শেহতীয়াভাৱে মূৰ দাঙি উঠা অসমীয়া-বাঙালীৰ মাজৰ সংঘাতৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কখনকে স্পষ্টকৈ জগৰীয়া কৰে। অসমীয়া-বাঙালীৰ মাজৰ এই সংঘাতৰ প্ৰেক্ষাপট চৰকাৰৰ পৃষ্ঠপোষকতাতে সৃষ্টি হৈছে বুলি তেওঁ দাবী কৰে। বিধেয়কখন ননা হ’লে অসমীয়া আৰু বাঙালীৰ মাজত কেতিয়াও বিভাজন নহ’ল হেঁতেন।

“নাগৰিকত্ব বিধেয়ক ননা হ’লে অসমীয়া-বাঙালীৰ মাজত বিভাজনৰ ৰেখা সৃষ্টি নহ’লহেঁতেন।” চেতিয়াৰ স্পষ্ট মত।

আজিৰ সংবাদমেলখনত বংগভাষী অসমীয়া সমাজৰ প্ৰতিনিধিসকলৰ লগতে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু অন্যান্য নেতা-সদস্যও উপস্থিত আছিল।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm
আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

আইআইটি খড়গপুৰঃ হোষ্টেলত সুকীয়াকৈ নাই আমিষ-নিৰামিষভোজীৰ বাবে আসন, শিক্ষাৰ্থীৰ প্ৰতিবাদত সলনি সিদ্ধান্ত

September 10, 2025 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd