• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বড়োসকলৰ সংগ্ৰামক সন্মান কৰো, আন জনগোষ্ঠীৰ অধিকাৰ খৰ্ব হোৱাটো নিবিচাৰো: কৃষক মুক্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 18, 2018 8:28 pm
Akhil Gogoi adviser KMSS addressing a Press Conference at Guwahati on 18-11-18.Pix by UB Photos

দেওবাৰে গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদ মেল। ছবি- ইউ বি।

398
VIEWS
Share on FacebookShare on Twitter

বি টি এ দিৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ দেওবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বড়োসকলৰ সংগ্ৰামৰ লগতে আন জনগোষ্ঠীসমূহৰ অধিকাৰ সন্দৰ্ভত মত প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।

বড়োসকলৰ সংগ্ৰামৰ প্ৰতি সন্মান জনাই কৃষক মুক্তিৰ নেতাজনে আন জনগোষ্ঠীসমূহৰ অধিকাৰ সন্দৰ্ভত মীমাংসাৰ প্ৰয়োজনীয়তাও উল্লেখ কৰে।

“বড়োসকলৰ অধিকাৰ বিচাৰি কৰা সংগ্ৰামক আমি সন্মান কৰো। কিন্তু বড়োসকলৰ অধিকাৰপ্ৰাপ্তিৰ সংগ্ৰামৰ জৰিয়তে আন জনগোষ্ঠীৰ অধিকাৰ খৰ্ব হোৱাটো আমি কেতিয়াও নিবিচাৰো,” গগৈৰ মন্তব্য।

বি টি চিক কেন্দ্ৰীয় শাসিত পৰিষদলৈ পৰিৱৰ্তনৰ ‘প্ৰস্তাৱ’ক লৈ শেহতীয়াকৈ কোচ ৰাজবংশীকে ধৰি এলেকাটোত বাস কৰা অনা বড়োসকলে কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভটো মন্তব্য কৰিছে কৃষক মুক্তিৰ নেতাজনে।

তেওঁ কয়, “বি টি এ ডিত থকা ৭০ শতাংশ অনা বড়ো লোকৰ অধিকাৰ কেনেকুৱা হ’ব, সেই প্ৰশ্নক লৈ সিদ্ধান্তত উপনীত নোহোৱা পৰ্য্যন্ত এইক্ষেত্ৰত আগবঢ়াটো উচিত নহয় বুলি আমি ভাবো।” এই সন্দৰ্ভত অৱশ্যে কোনো ‘প্ৰস্তাৱ’ গ্ৰহণৰ কথা বড়ো সংগঠনসমূহৰ লগতে কেন্দ্ৰৰ মধ্যস্থতাকাৰী এ বি মাথুৰে অস্বীকাৰ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে ওপৰৰ পৰা জোৰকৈ ‘জাপি’ দি সমস্যা সমাধান কৰিব খুজিলে বড়োসকলৰ সমস্যাৰ ‘সমাধান’ নহৈ বি টি এ ডি এটা স্থায়ী সংঘাতৰ কেন্দ্ৰ বিন্দুতহে পৰিণত হ’ব বুলি মন্তব্য কৰিছে গগৈয়ে।

“কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে বি টি এ ডিৰ আটাইবোৰ সংগঠনৰ সৈতে ঘূৰণীয়া মেজ মেল অনুষ্ঠিত কৰিব লাগে, য’ত ৰাজ্য চৰকাৰৰো প্ৰতিনিধি উপস্থিত থাকিব লাগে,” বিষয়টো সন্দৰ্ভত গগৈৰ পৰামৰ্শ।

‘প্ৰস্তাৱ’ৰ প্ৰতিবাদত আৰু অহা ১৯ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে এবছু আৰু এন দি এফ বিৰ ‘বৈঠক’ বাতিলৰ দাবীত অহা সোম আৰু মঙলবাৰে অসম বন্ধ আহ্বান কৰিছে কোচ ৰাজবংশী সংগঠনসমূহে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd