অৰুণাচলৰ চাংলাত সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত অৰুণাচল প্ৰদেশৰ চাংলা জিলাৰ মিয়াওবাম সংৰক্ষিত বনাঞ্চলত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু আন বিস্ফোৰক সামাগ্ৰী উদ্ধাৰ হয়।

ক’ৰ’নাৰ সংক্ৰমণৰ মাজতো ভাৰতীয় সেনা বাহিনীয়ে অব্যাহত ৰখা উগ্ৰবাদ বিৰোধী অভিযানৰ সময়তে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ হয়।

অভিযানকাৰী দলটোৱে অৰুণাচলৰ মিয়াওবাম সংৰক্ষিত বনাঞ্চলত উগ্ৰপন্থীৰ এটা ঘাটিও উৎখাত কৰে।

চাংলাং জিলাৰ মিয়াওঁৰ সমীপৰ বনাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক, অস্ত্ৰ-শস্ত্ৰ সহ আপত্তিজনক সামগ্ৰী অৰুণাচলৰ চাংলাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হয়।

অভিযানৰ সময় উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ সমূহৰ মাজত আছে এটা এ কে ৫৬ ৰাইফল, ৩ টা মেগজিন, সক্ৰিয় গুলী, হেণ্ড গ্ৰেনেড, পইণ্ট ২২ পিষ্টল, ডিটেনেটৰৰ লগতে অনান্য বিস্ফোৰক সামগ্ৰী।

বৰ্তমানলৈ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ সমূহ কোনোটো উগ্ৰপন্থী সংগঠনৰ সেই সম্পৰ্কে নিৰাপত্তা বাহিনীৰ দলটো নিশ্চিত হ’ব পৰা নায়।

অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।