অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে ৰঙাপাৰা নৰ্থ আৰু বিশাখাপত্তনমৰ মাজত সাপ্তাহিক জনসাধৰণ বিশেষ ৰে’ল

যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে জুলাই, ২০২৩ পৰা ০৪ (চাৰিটা) ট্ৰিপৰ বাবে উভয় দিশত ৰঙাপাৰা নৰ্থ আৰু বিশাখাপত্তনমৰ মাজত এখন সাপ্তাহিক বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰা হৈছে।

সাপ্তাহিক বিশেষ ৰে’ল সেৱাৰ পৰিচালনা সম্পৰ্কে বিস্তৃত তথ্য এই ধৰণৰ:-

ৰে’ল নং ০৮৫৬১(ৰঙাপাৰা নৰ্থ-বিশাখাপত্তনম) জনসাধৰণ সাপ্তাহিক বিশেষ ৰে’লখনৰ সেৱা ১১জুলাই, ১৮জুলাই, ২৫ জুলাই আৰু ০১ আগষ্ট, ২০২৩ তাৰিখ প্ৰতি মঙলবাৰে ০৫.১৫ বজাত, ৰঙাপাৰা নৰ্থৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ১৫.১৫ বজাত ইয়াৰ গন্তব্যস্থান বিশাখাপত্তনমত গৈ উপস্থিত হ’ব।

একেদৰে, ৰে’ল নং ০৮৫৬২ (বিশাখাপত্তনম-ৰঙাপাৰা নৰ্থ) জনসাধৰণ সাপ্তাহিক বিশেষ ৰে’লখনৰ সেৱা ৯ জুলাই, ১৬ জুলাই, ২৩ জুলাই আৰু ৩০ জুলাই, ২০২৩ তাৰিখ প্ৰতি দেওবাৰে ০০.১০ বজাত বিশাখাপত্তনমৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ১০.০০ বজাত ইয়াৰ গন্তব্যস্থান ৰঙাপাৰা নৰ্থত গৈ উপস্থিত হ’ব।

এই সাপ্তাহিক বিশেষ ৰে’লখন উভয় দিশত বিজয়ানগৰম, পালাচা, ব্ৰহ্মপুৰ, ভুৱনেশ্বৰ, কটক, খড়গপুৰ, ডানকুনি, বৰ্ধমান, মালদা টাউন, বাৰছোই, নিউ জলপাইগুড়ী,মাথাভাঙ্গা, নিউ কোচবিহাৰ, কোকৰাঝাৰ, নিউ বঙাইগাঁও, ৰঙিয়া আৰু ওদালগুৰি ষ্টেচন হৈ ইয়াৰ নিৰ্ধাৰিত গন্তব্যস্থানত উপনীত হ’ব।

ৰে’লখনত ১৭টা (সোতৰ) টা জেনেৰেল ছিটিং (জিএছ) ডবা থাকিব। যাত্ৰীসকলে টিকট কাউণ্টাৰৰ পৰা বা ইউটিএছ এপৰ জৰিয়তে যাত্ৰাৰ টিকট ক্ৰয় কৰিব পাৰিব।