NORTHEAST NOW (Assamese)

কি যে কৰবাৰ! এতিয়াৰে পৰা দিল্লী বিশ্বিবিদ্যালয়ত হ’ব মনুস্মৃতিৰ পাঠদান

July 12, 2024 7:58 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

এতিয়াৰে পৰা দিল্লী বিশ্ববিদ্যালয়ৰ আইন বিভাগত পাঠদান কৰা হ’ব মনুস্মৃতিৰ! খবৰ অনুসৰি কৰ্তৃপক্ষই পাঠ্যক্ৰম নিৰ্ধাৰণ সমিতিলৈ এই প্ৰস্তাৱ আগবঢ়াইছে।

ইফালে বিশ্ববিদ্যালয়খনৰ আইন বিভাগৰ এই সিদ্ধান্তক সমালোচনা কৰিছে একাংশ অধ্যাপকে।

আইন বিভাগে প্ৰথম ষান্মাসিক আৰু ষষ্ঠ ষান্মাসিকত মনুস্মৃতি পাঠদানৰ প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰস্তাৱ আইন অনুষদৰ পাঠ্যক্ৰম সমিতিৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয়।

জি এন ঝাৰ ‘মেধাতিথিৰ মনুভাষ্যৰ সৈতে মনুস্মৃতি’ আৰু টি কৃষ্ণস্বামী আয়াৰৰ ‘মনুস্মৃতিৰ টীকা— স্মৃতচন্দ্ৰিকা’ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

দিল্লী বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তই এতিয়া সমালোচনাৰ ধুমুহাৰ সৃষ্টি কৰিছে। ছাত্ৰ-ছাত্ৰীৰ ওপৰত হিন্দুত্ববাদী গ্ৰন্থ জাপি দিয়া বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ জৰিয়তে জাতি ব্যৱস্থাৰ সমস্যা, লিংগ বৈষম্য বৃদ্ধি হ’ব বুলি আপত্তি জনাইছে একাংশ অধ্যাপকে।

বিশ্ববিদ্যালয়খনৰ আইন বিভাগৰ এগৰাকী অধ্যাপকে কয় যে মনুস্মৃতিৰ দৰে প্ৰাচীন গ্ৰন্থ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ কোনো ন্যায্যতা নাই। এনে কৰিলে জাতি আৰু শ্ৰেণীৰ ভিত্তিত সমাজখন বিভক্ত হ’ব। কিয়নো এই গ্ৰন্থখনে নৱ প্ৰজন্মক প্ৰভাৱিত কৰিব পাৰে। প্ৰাচীন কালত এই সকলোবোৰ গ্ৰন্থ পিতৃতান্ত্রিক সমাজৰ সপক্ষে ৰচনা কৰা হৈছিল। এই ধৰণৰ গ্ৰন্থত নাৰীৰ স্বাধীনতা বা তেওঁলোকৰ অধিকাৰৰ সীমাবদ্ধতাৰ কথা কোৱা হয়।

বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে বাওঁপন্থী শিক্ষক সংগঠন ছ’চিয়েল ডেম’ক্ৰেটিক টিচাৰ্ছ ফ্ৰণ্টে। তেওঁলোকৰ অভিযোগ যে আমাৰ শিক্ষা ব্যৱস্থাত মনুস্মৃতিৰ কোনো কাম নাই। সমাজত অসঙ্গতি সৃষ্টি কৰিবলৈ প্ৰাচীন গ্ৰন্থ শিকোৱাৰ সিদ্ধান্ত লোৱা হৈছে। নাৰীৰ অধিকাৰক ভেঙুচালি কৰা কিতাপ এখনৰ কি প্ৰয়োজন?

Related News