• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হায় গণতন্ত্ৰ! আমেৰিকান নিৰ্বাচনটোক ডাঙৰ পিকনিক পাৰ্টি যেন লাগিল কিয়?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 9, 2024 9:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড’নাল্ড ট্ৰাম্প আকৌ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে এক উৎকন্ঠাৰ সৃষ্টি কৰিছিল। কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি? ট্ৰাম্প নে হেৰিছে? এতিয়া সেই উত্তেজনা আৰু উৎকন্ঠা নাই। এতিয়াৰ প্ৰশ্নটো হ’ল ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত আমেৰিকা কোন দিশে গতি কৰিব বা বিশ্ব ৰাজনীতিত ইয়াৰ কি প্ৰভাৱ পৰিব?

ৰাষ্ট্ৰপতি সলনি হোৱাৰ পিছত আমেৰিকাৰ আন্তৰ্জাতিক নীতিৰ কিবা বিশেষ পৰিবৰ্তন হ’ব বুলি ভাবিব নোৱাৰি।এই মুহূৰ্তত বিশ্ব ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা কেইটা কি কি? দুখন যুদ্ধ- এখন ৰাচিয়া আৰু উক্ৰইন মাজৰ আৰু আনখন হ’ল ইজৰাইল আৰু পেলাষ্টাইনৰ মাজত হোৱা সংঘৰ্ষ।যদিও হামাচে যোৱা বছৰ ৭ অক্টোৱৰত ইজৰাইল আক্ৰমণ কৰাৰ পিছত ইজৰাইল জাঙুৰ খাই উঠিছে, এতিয়া মধ্য প্ৰাচ্যৰ উত্তেজনাক ইজৰাই পেলাষ্টাইনৰ মাজৰ সংঘৰ্ষ বুলি কোৱাটো এটা ভুল কথা।

এতিয়া ই হৈ পৰিছে দেখ দেখকৈ পেলাষ্টাইনৰ ওপৰত ইজৰাইলৰ এক নিৰ্লজ্জ্য আৰু নৃশংস আক্ৰমণ।আন্তৰ্জাতিক পঢভূমিত ৰাচিয়াৰ ইউক্ৰইন আক্ৰমণ আৰু ইজৰাইলৰ পেলাষ্টাইন আক্ৰমণ- বিশ্বৰ আটাইতকৈ দুটা ডাঙৰ ঘটনা। আকৌ ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত আমেৰিকাৰ দুটা আভ্যন্তৰীণ বিষয়ত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব পাৰে। তাৰ এটা হ’ল বিদেশৰ পৰা আহি আমেৰিকাত বসবাস কৰা লোক সকলৰ প্ৰতি লোৱা আমেকিকাৰ নীতি আৰু আনটো হ’ল জলবায়ু পৰিবৰ্তন।

ৰাচিয়া ইউক্ৰাইন যুদ্ধৰ সন্দৰ্ভত এসময়ৰ পুটিনৰ পৰম বন্ধু ট্ৰাম্পে এতিয়া কি ভূমিকা ল’ব।ট্ৰাম্প ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত ৰাচিয়াই কিন্তু এতিয়ালৈ কোনো বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। বৰং ক্ৰেমলিনৰ মুখপাত্ৰ দিমিট্ৰি পেস্কোভে সাংবাদিকসকলৰ আগত কৈছে যে আমেৰিকা ৰাচিয়াৰ “বন্ধু দেশ” নহয় বাবে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ট্ৰাম্পক অভিনন্দন জনাব নে নজনাই সেই বিষয়েও তেওঁ এতিয়াই একো ক’ব নোৱাৰে।কিন্তু তাৰ বিপৰীতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কৈছে, ‘বিশ্বত ‘শক্তিৰ জৰিয়তে শান্তি’ স্থাপনৰ নীতিৰ প্ৰতি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দায়বদ্ধতাক মই আদৰণি জনাওঁ। ই ইউক্ৰেইনলৈ প্ৰকৃত শান্তি আনিব পাৰিব।ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বত আমেৰিকাও আৰু অধিক শক্তিশালী হ’ব। গতিকে ট্ৰাম্পৰ লগত থকা পুটিনৰ ব্যক্তিগত সম্পৰ্কই ৰাচিয়া আৰু ইউক্ৰেইন যুদ্ধ সম্পৰ্কে ইতিমধ্যে আমেৰিকাই লোৱা দৃষ্টিভংগীৰ কিবা পৰিবৰ্তন হ’ব বুলি কব পৰা নাযায়, অন্ততঃ এতিয়াই।

এতিয়া আহিলোঁ আমি ইজৰাইল পেলাষ্টাইন সম্পৰ্কলৈ। ট্ৰাম্পৰ বিজয়ত ইজৰাইল অতি উচ্ছসিত। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কৈছে- ‘ইতিহাসৰ শ্ৰেষ্ঠ প্ৰত্যাৱৰ্তনৰ বাবে আপোনালৈ অভিনন্দন! হোয়াইট হাউছলৈ আপোনাৰ ঐতিহাসিক প্ৰত্যাৱৰ্তন আমেৰিকাৰ বাবে এক নতুনযুগৰ আৰম্ভণি আৰু ই ইজৰাইল আৰু আমেৰিকাৰ মাজৰ মিত্ৰতা আৰু অধিক শক্তিশালী কৰিব। নেতানিয়াহুৱে যোয়াভ গেলেণ্টক বৰ্খাস্ত কৰাৰ পিছত মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি পোৱা ইজৰাইল কাট্জে কয় যে, “আমি একেলগে আমেৰিকা-ইজৰাইলৰ মিত্ৰতাক শক্তিশালী কৰিম, পণবন্দীসকলক ঘূৰাই আনিম আৰু ইৰাণৰ নেতৃত্বত গঢ়ি উঠা দুষ্ট চক্ৰক পৰাস্ত কৰিবলৈ দৃঢ়তাৰে থিয় দিম” ইজৰাইলৰ এই হৰ্ষোল্লাষৰ বিপৰীতে হামাচৰ বক্তব্য স্বাভাবিকতে শীতল। তেওঁলোকে কৈছে-‘পেলাষ্টানিয়ান জনসাধাৰণৰ অধিকাৰ আৰু ন্যায়ৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰ নতুন প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে তাৰ ওপৰতহে আমাৰ দৃষ্টিভংগী নিৰ্ভৰ কৰিব।

আমেৰিকাৰ নাগৰিক সকলে গাজাৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতা কৰিছে। নতুন ৰাষ্ট্ৰপতি গৰাকীয়ে তাক গুৰুত্ব দিলেই যথেষ্ঠ।’ এই সন্দৰ্ভত ইৰাণে কি কৈছে সেইটোও প্ৰণিধানযোগ্য।তেওঁলোকে কৈছে, ‘আমেৰিকাৰ নিৰ্বাচনকলৈ আমি ব্যস্ত নহয়।আমাৰ নীতিসমূহ স্থিৰ আৰু কোনো বিশেষ ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়।আমাৰ মানুহৰ জীৱিকাৰ ওপৰত আমেৰিকাৰ নিৰ্বাচনৰ কোনো প্ৰভাৱ নপৰে।’ ইৰাণৰ বক্তব্য অতি মৰ্যাদাকৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ট্ৰাম্পৰ লগত তেখেতৰ বিশেষ সম্পৰ্কৰ কথা কৈ গৌৰৱ কৰে। “এই বিজয়ে আপোনাৰ আগৰ সফলতক সুদৃঢ় কৰিব।বিশ্ব ৰাজনীতিত আমেৰিকা আৰু ভাৰতৰ সহযোগিতা আমি পুনৰাই সুদৃঢ় কৰিবলৈ আগ্ৰহী।’’

বিশ্বৰ কাৰণে আমেকিকাৰ চৰকাৰ সলনিৰ বৰ বিশেষ পাৰ্থক্য নহয়।কিন্তু আমেৰিকাবাসীৰ কাৰণে তাৰ অৰ্থ হয়।আমাৰ ভাৰতত যেনেকৈ হোৱাই নোহোৱাই ভাৰতীয় জনতা পাৰ্টিয়ে ধৰ্মীয় সংখ্যালঘু সকলক দাবী ধমকী দি থাকে আমেকিকাত অন্য দেশৰ পৰা যোৱা মানুহ সকলে এতিয়া ট্ৰাম প্ৰশাসনৰ পৰা তেনে দাবী ধমকীৰ সন্মুখীন হ’ব।গতিকে ট্ৰাম প্ৰশাসন প্ৰবাজিত ভাৰতীয় সকলৰ বাবেও সুখকৰ নহ’ব। কিন্তু ট্ৰাম প্ৰশাসনৰ আটাইতকৈ ভয়াবহ প্ৰভাৱ পৰিব জলবায়ু পৰিবৰ্তনৰ ওপৰত। ট্ৰামে জলবায়ু পৰিবৰ্তনৰ তত্ত্বত বিশ্বাসে নকৰে। গতিকে অহা চাৰি বছৰ বিশ্বৰ পৰিবেশতন্ত্ৰৰ বাবে বৰ বেয়া দিন।আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত বাৰ্নি চেণ্ডাৰ্ছে ডেমক্ৰেটিক পাৰ্টিৰ শ্ৰমিক বিৰোধী স্থিতিক বৰ বেয়াকৈ সমালোচনা কৰিছে। আচলতে হৈছে কি ট্ৰাম্প হৈছে এজন কট্টৰ সোপন্থী নেতা।

গতিকে আমেকিকাৰ আগ্ৰাসী সোপন্থী সকলে ট্ৰাম্পক ভোট দিছে। কিন্তু ডেমক্ৰেটিক পাৰ্টিয়ে শ্ৰমিক সকলৰ জীৱন জীৱিকাৰ সমস্যা সমূহ আওকান কৰা বাবে তেওঁলোক নিজৰ সমাৰ্থক সকলৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। আৰু বিশেষকৈ ৰাষ্ট্ৰপতি জ’বীদেনৰ চৰকাৰে পেলেষ্টাইনত ইজৰাইলে চলোৱা গণহত্যাৰ বাবেও ডেমক্ৰেটিক পাৰ্টিৰ সমৰ্থক সকল পাৰ্টিৰ ওপৰত জকি উঠিছিল। আচলতে ৰিপাল্কিকানে হওক বা ডেমক্ৰেটিকে হওক আমেৰিকাৰ নিৰ্বাচনত এতিয়া গণতন্ত্ৰৰ গ টোও নাই।

এই নিৰ্বাচন হৈছে ধনতন্ত্ৰৰ জুৱা খেল। নিৰ্বাচনত জিকাৰ পিছিত ৰিপাব্লিকান পাৰ্টিৰ সদস্য সকলৰ সমাবেশ এটাত ট্ৰাম্প আৰু তেওঁৰ ঘণিষ্ঠ সমাৰ্থক সকলে যি বক্তৃতাবাজী আৰু আচৰণ কৰিছিল তাৰ পৰা আমেৰিকান নিৰ্বাচনটোক কিবা এটা ডাঙৰ পিকনিক পাৰ্টি যেনহে লাগিছিল। হায় গণতন্ত্ৰ!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 17, 2025 2:13 pm
বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

August 17, 2025 1:17 pm
ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 17, 2025 2:13 pm
বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

August 17, 2025 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd