প্ৰতিবন্ধীৰ হাত-ভৰি ভাঙি কি কৰিব খুজিছে সোণোৱাল চৰকাৰে?

Police lathi charge during Pratibandhi Suraksha Sangstha protest their demand at Dispur Last Gate in Guwahati on 05-10-18. Pix BY UB Photos

দিচপুৰত আৰক্ষীৰ মাৰত বাগৰি পৰা এজন প্ৰতিবাদকাৰী প্ৰতিবন্ধী। ফাইল ছবি।

খোদ ৰাজধানী দিচপুৰত জনপ্ৰতিনিধিৰ আৱাসৰ সমীপতে শুকুৰবাৰে প্ৰতিবাদী প্ৰতিবন্ধীৰ ওপৰত বৰ্বৰ আক্ৰমণেৰে অসম আৰক্ষীয়ে ভয়ংকৰভাৱে উলংঘা কৰিছে মানৱ অধিকাৰ।

প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ প্ৰতিবাদীসকলৰ ওপৰত আৰক্ষীয়ে দুবাৰকৈ লাঠীচালনা আৰু পানী হিলৈ নিক্ষেপ কৰাত ৰেজাউল কৰিম নামৰ এজন খোৰা যুৱকৰ হাত ভাগি যোৱাৰ লগতে হাত আৰু মূৰ ফাটিছে কেইবাজনো প্ৰতিবাদকাৰীৰ।

আৰক্ষীৰ লাঠীচালনাত অসমৰ প্ৰতিবন্ধীৰ একমাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে থুতৰি আৰু হাতত বেয়াকৈ আঘাত পোৱাৰ লগতে বিকাশ পেগু, সঞ্জয় সিনহা, হিমাংশু নাথ আৰু ৰঞ্জিত ছেত্ৰীয়ে মূৰত বেয়াকৈ আঘাত পাইছে।

তাতোতকৈ ভয়ানক কথা সন্ধিয়া ৫.৩০ বজালৈকে বিনা চিকিৎসাই এতিয়াও কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়নতে আটক কৰি ৰখা হৈছে ৫০০ গৰাকী প্ৰতিবাদকাৰীক।

“আমি ৫০০ মানুহক এতিয়াও কাহিলীপাৰাৰ আৰক্ষী বেটেলিয়নত আবদ্ধ কৰি ৰাখিছে। মোৰ হাতত আঘাত পাইছো। কেইবাজনৰো মূৰ ফাটি তেজ ওলাইছে। এজন চিকিৎসক আহি এবাৰ চালে যদিও এতিয়ালৈকে একো চিকিৎসা কৰা নাই,” আৰক্ষীৰ প্ৰথম লাঠীচালনাত আহত কেইজনক “গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ নিছে’’ বুলি সদৰী কৰি নৰ্থ ইষ্ট নাও-ক জনালে প্ৰতিবন্ধী সংস্থাটোৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

আৰক্ষীৰ মাৰত হাত ফাটি যোৱা প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সম্পাদক নৃপেন মালাকাৰ। ছবি- ইউ বি।

প্ৰতিবন্ধীসকলৰ নেতাজনে লগতে জনায় যে আৰক্ষীয়ে দুবাৰকৈ তেওঁলোকৰ ওপৰত লাঠীচালনা কৰাৰ লগতে পানী হিলৈয়ো নিক্ষেপ কৰিছিল। আনকি আটক কৰি বাছত উঠোৱাৰ পিছতো কৰ্তব্যৰত আৰক্ষী বিষয়া অমিতাভ বসুমতাৰীৰ নিৰ্দেশত বাছৰ ভিতৰতো তেওঁলোকক মাৰপিট কৰে আৰক্ষীয়ে।

প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰিব খোজাত বাধা দিবলৈ গৈ মহানগৰ আৰক্ষীয়ে নমায় আনে এই বৰ্বৰ আক্ৰমণ। মুখ্য মন্ত্ৰীক স্মাৰক পত্ৰ দিবলৈ অহা প্ৰতিবাদকাৰীসকলে জনাই যে মুখ্য মন্ত্ৰীৰ সলনি ৰাজ্যৰ মুখ্য সচিবে আহি স্মাৰক পত্ৰ গ্ৰহণ কৰিব বুলি তেওঁলোকক আশ্বাস দিছিল চৰকাৰী বিষয়াই।

“বিভাগীয় মন্ত্ৰীৰ সৈতে হোৱা আমাৰ আগৰ বৈঠকৰ প্ৰতিশ্ৰুতি চৰকাৰে কাৰ্য্যকৰী নকৰা বাবে আমি প্ৰতিবাদী কাৰ্য্যসূচী হাতত লৈছিলো। মুখ্য সচিবে আহি মুখ্য মন্ত্ৰীৰ হৈ স্মাৰক পত্ৰ ল’বহি বুলি প্ৰতিবাদস্থলীত সমাজ কল্যাণ বিভাগৰ উপ আয়ুক্ত মজনুৰ হুছেইনে মৌখিক আশ্বাস দি যেতিয়া পিছত মুখ্য সচিব নাহিল, তেতিয়া প্ৰতিবাদীসকল অপমানিত হৈ পথ অৱৰোধ কৰিব খোজে আৰু তেতিয়াই আৰক্ষীয়ে প্ৰথম লাঠী চালনা কৰে,” জনালে মালাকাৰে।

যোৱা ২ আগষ্টত সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সৈতে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ বৈঠকত নিৰ্ধাৰিত সময়সীমা অনুসৰি ৰাজ্যৰ প্ৰতিবন্ধীসকলক নিযুক্তি দিয়াৰ আশ্বাস দিয়া হৈছিল, কিন্তু সেই মতে একো কৰা নহ’ল বুলি অভিযোগ কৰিছে সংস্থাটোৱে।

“বৈঠকত কোৱা হৈছিল যে ৩০ চেপ্তেম্বৰৰ ভিতৰত প্ৰতিবন্ধীসকলৰ বাবে ৰাজ্য চৰকাৰৰ ৫৪ টা বিভাগত ৪৪১৯ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব আৰু ২২ অক্টোবৰৰ ভিতৰত প-পত্ৰ জমা দিয়া প্ৰক্ৰিয়া সমাপ্ত হ’ব। ইয়াৰোপৰি, অহা ৩১ ডিচেম্বৰৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়াৰ সকলো কাম সম্পূৰ্ণ হৈ উঠিব। কিন্তু ৩০ চেপ্তেম্বৰৰ পৰা এসপ্তাহ উকলি যোৱাৰ পাছতো কোনোধৰণৰ বিজ্ঞাপন প্ৰকাশ নোপোৱাত আমি হতাশাত ভুগিছো,” জনালে মালাকাৰে।

প্ৰতিবন্ধী সংগঠনটোৰ নেতাগৰাকীয়ে লগতে উত্থাপন কৰিছে আন এক ভয়ংকৰ অভিযোগ। “উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইদুৱে আহি অসমত উন্মোচন কৰা দীনদয়াল সাহায্য আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিবন্ধীসকলক সাহায্য প্ৰদান কৰাৰ কথা আছিল। বাজেটতো অসমৰ ৪.৫ লাখ প্ৰতিবন্ধী লোকৰ বাবে ২৫০ কোটি টকা ধাৰ্য্য কৰা হৈছিল বুলি আমি খবৰ পাইছিলো। কিন্তু আজিলৈকে আমাক এটকাও সাহায্যৰ নামত দিয়া হোৱা নাই,” মালাকাৰৰ অভিযোগ।

ৰাষ্ট্ৰসংঘৰ প্ৰতিবন্ধী লোকৰ অধিকাৰ বিষয়ক সন্মিলনৰ প্ৰতি সন্মতি প্ৰকাশ কৰি ভাৰতে প্ৰণয়ন কৰা প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ (Rights of Persons with Disabilities Act, 2016) চূড়ান্তভাৱে ভুলুণ্ঠিত হৈছে মুখ্য মন্ত্ৰী তথা গৃ্হ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰক্ষীৰ বৰ্বৰ আক্ৰমণত।

প্ৰশ্ন হৈছে প্ৰতিবন্ধীৰ হাত-ভৰি ভাঙি কি কৰিব খুজিছে সোণোৱাল চৰকাৰে?