NORTHEAST NOW (Assamese)

আকৌ কি জগৰ লগালে? পাণবজাৰ থানাত গোচৰ ৰুজু ৰাহুল গান্ধীৰ বিৰুদ্ধে

January 19, 2025 5:41 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: January 19, 2025 5:42 pm

আকৌ বিপদত পৰিছে ৰাহুল ৰাহুল গান্ধীৰ। পাণবজাৰ থানাত গোচৰ ৰুজু হৈছে কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে।

আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ বিৰুদ্ধে কটু মন্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰা হৈছে কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে। এই গোচৰ দাখিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মঞ্জিত চেতিয়াই ।

ইতিমধ্যে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। ১৫২/১৯৭(ডি) ধাৰাৰ অধীনত ২৯/২০২৫ নম্বৰত গোচৰ ৰুজু কৰা হৈছে গান্ধীৰ বিৰুদ্ধে ।

অভিযোগ অনুসৰি যোৱা ১৫ জানুৱাৰী তাৰিখে দিল্লীত মোহন ভাগৱতক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৰাহুল গান্ধীয়ে। বিজেপি আৰু আৰ এছ এছে দেশৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান অধিকাৰ কৰি লোৱা বুলি মন্তব্য কৰিছিল ৰাহুলে। লগতে ৰাহুলে কৈছিল যে আমি সেইবাবেই এতিয়া বিজেপি-আৰ এছ এছৰ লগত যুঁজি আছোঁ।ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে এতিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে গৰজি উঠিছে শাসকীয় শিবিৰ। ৰাহুল গান্ধীয়ে এনে মন্তব্যৰ দ্বাৰা ৰাষ্ট্ৰীয় শৃঙ্গলাত আক্ৰমণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে।

Related News