আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ভৱিষ্যৎবাণী

আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জীভাৰ মতে ২০২২ চনৰ তুলনাত ২০২৩ চনৰ বিশ্ব অৰ্থনীতিৰ অৱস্থা অধিক বেয়া হ’ব৷ জৰ্জীভাৰ মতে, এই বছৰটোত বিশ্ব অৰ্থনীতিৰ এক তৃতীয়াংশ এলেকাত মন্দাৱস্থাৰ চাপ প্ৰবল হ’ব৷ এই পৰিস্থিতিৰ বাবে তেওঁ যিকেইটা কাৰকলৈ আঙুলীয়াই দিছে, সেইকেইটা হ’ল– নিৰৱচ্ছিন্নভাৱে চলি থকা ৰুছ-ইউক্ৰেইনৰ যুদ্ধ, উচ্চ হাৰৰ মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক স্থৱিৰতা [ইংৰাজীত যাক “ষ্টেগফ্লেচন” [Stagflation] বুলি কোৱা হয়], মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰণ কৰিবলৈ শিল্পোন্নত বিশ্বৰ ভালেমান দেশত দ্ৰুতবেগত আৰু উচ্চ হাৰত সুদ বৃদ্ধি, আৰু যোগান-শৃংখল দীৰ্ঘ দিন ধৰি স্বাভাৱিক অৱস্থালৈ উভতি আহিব নোৱাৰা৷

২০২২ চনত অৰ্থনৈতিক প্ৰবৃদ্ধিৰ হাৰ আছিল ৩.২ শতাংশ৷ ২০২৩ চনত এই হাৰ ২.৭ শতাংশলৈ হ্ৰাস পাব বুলি তেওঁ সকীয়াই দিছে৷ আন কথাত বিশ্ব অৰ্থনীতি ০.৫ শতাংশ পৰিমাণে সংকুচিত হ’ব৷ সম্প্ৰতি বিশ্ব অৰ্থনীতিৰ আকাৰ, মাৰ্কিন ডলাৰৰ হিচাপত, প্ৰায় ৮৫ ত্ৰিলিয়ন ডলাৰ অৰ্থাৎ ৮৫ লাখ কোটি ডলাৰ৷ সেই হিচাপত ৪২,৫০০ কোটি ডলাৰৰ পৰিমাণৰ অৰ্থনৈতিক কাম-কাজ বিলুপ্ত হৈ যাব৷ সেই অনুপাতে কৰ্মসংস্থান হেৰাব আৰু মুঠ চাহিদাৰ পৰিমাণ আনুপাতিক হাৰত কমি যাব৷

অৱশ্যে তেওঁ এটা ভাল খবৰৰো ইংগিত দিছে৷ সেইটো হ’ল–২০২২ চনৰ ৮.৮ শতাংশ হাৰৰ মুদ্ৰাস্ফীতি ২০২৩ চনত ৬.৫ শতাংশলৈ হ্ৰাস পাব৷  কিন্তু মুদ্ৰাস্ফীতিৰ এই সংকোচনক লৈ আত্মসন্তুষ্টিত ভোগাৰ অৱকাশ নাই৷ কাৰণ অৰ্থনীতিক গতিশীল কৰি তুলিবলৈ বিশ্বৰ বহুবোৰ কেন্দ্ৰীয় বেংকে মুদ্ৰাস্ফীতিৰ হাৰ ৪.৫ শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে৷ নক’লেও চলে, বিশ্ব অৰ্থনীতিৰ বৰ্তমানৰ অস্বাভাৱিক অৱস্থাত, নিয়োগ বৃদ্ধি কৰিব নোৱাৰিলে, মুদ্ৰাস্ফীতিৰ হাৰ অধিক হ্ৰাস কৰিবলৈ সুদৰ হাৰ আৰু বেছি বঢ়াব লাগিব৷

সি যি কি নহওক, আমে’ৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক প্ৰবৃদ্ধিৰ হাৰ ২০২২ চনৰ ১.৬ শতাংশৰ পৰা ২০২৩ চনত ১.১ শতাংশলৈ হ্ৰাস হ’ব বুলি মিচেছ জৰ্জীভাৰ বিবৃতিত প্ৰকাশ৷ ইয়াৰ বিপৰীতে আলোচ্য কালছোৱাত ইউৰোপৰ প্ৰবৃদ্ধিৰ হাৰ বিপুল পৰিমাণে হ্ৰাস পাই ৩.১ শতাংশৰ পৰা ০.৫ শতাংশ পাবগৈ৷ ৰাছিয়াৰ প্ৰবৃদ্ধিৰ হাৰ ২০২২ চনতকৈ উন্নত হ’ব যদিও এই হাৰ নেতিবাচক স্তৰতে থাকিব৷ ২০২২ চনত দেশখনৰ প্ৰবৃদ্ধিৰ হাৰ আছিল [–] ৩.৪ শতাংশ আৰু ২০২৩ চনত এই হাৰ হ’ব [–] ২.৩ শতাংশ৷ এই তথ্যৰ পৰা এই কথা স্পষ্ট যে প্ৰায় ডেৰ বছৰ কাল যুদ্ধত লিপ্ত থকা দেশখনক যুদ্ধই আশংকা কৰাৰ দৰে আক্ৰান্ত কৰিব পৰা নাই৷

ভাৰতৰ ছবিখনো, পৰিচালন সঞ্চালকগৰাকীৰ মতে, ভিন্ন নহয়৷ ভাৰতৰ প্ৰবৃদ্ধিৰ হাৰ ২০২২ চনৰ ৬.৮ [অন্যান্য সমীক্ষাৰ মতে, ৫.৭ ] শতাংশৰ পৰা ৬.১ [অন্যান্য সমীক্ষাৰ মতে, ৪.৫] শতাংশলৈ হ্ৰাস পাব৷ [আই এম এফৰ সমীক্ষাৰ সমান্তৰালভাৱে আন কেতবোৰ সংস্থায়ো সমীক্ষা চলাইছে৷ সেই সংস্থাবোৰৰ প্ৰতিবেদন আমাৰ হাতত নৌ পৰে এথোন৷]

ক’ভিড অতিমাৰীয়ে বিধ্বস্ত কৰা অৰ্থনীতিত প্ৰাণসঞ্চাৰ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনীতিত বিপুল পৰিমাণৰ নগদ ধন বিভিন্ন শিতানত মোকলাই দিয়া হৈছিল৷ কিন্তু এই ব্যৱস্থাই আভ্যন্তৰীণ অৰ্থনীতিলৈ কিছু সকাহ আনিলে ঠিকেই, কিন্তু যোগান-শৃংখলক ক’ভিড-পূৰ্ব অৱস্থালৈ ওভতাই আনিব পৰা নাই৷  সেইকাৰণে ক’ভিডোত্তৰ কালত, পণ্য আৰু সেৱাৰ বাবে বজাৰত অৱদমিত চাহিদা [Pent up demands]ৰ যি উচ্ছলতা আহিল, তাক শান্ত কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পণ্য আৰু সেৱাৰ যোগান ধৰাত অৰ্থনীতি ব্যৰ্থ হোৱাৰ অনিবাৰ্য পৰিণতিত ব্যাপক মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক জুৰুলা কৰি পেলাইছে৷ প্ৰত্যাশিত যোগান-শৃংখল আজিও স্বাভাৱিক হোৱা নাই৷

অৱশ্যে এই পৰিঘটনা সমসত্ত্বভাৱে সমগ্ৰ বিশ্বতে হৈছে বুলি ক’লে ভুল হ’ব৷ উল্লেখযোগ্য, বিশ্বজুৰি মুদ্ৰাস্ফীতিৰ যি পৰিঘটনা পৰিলক্ষিত হৈছে, বিভিন্ন দেশত যোগান-চাহিদাৰ অসন্তুলনেই তাৰ অন্যতম কাৰণ বুলি গণ্য কৰা হৈছে৷ প্ৰায়বোৰ কেন্দ্ৰীয় বেংকে মুদ্ৰাস্ফীতিৰ বাবে চাহিদাৰ দিশটোক জগৰীয়া কৰিছে৷  এইটো এটা তুলুঙা যুক্তি৷ সুদৰ হাৰ হ্ৰাস কৰাৰ পাছতো মুদ্ৰাস্ফীতি সন্তোষজনক নোহোৱা কথাটোৱে কি সূচায়? চাহিদা কোনে তৈয়াৰ কৰে? গ্ৰাহকে, নে উদ্যোগপতিয়ে? নিয়োগ বৃদ্ধি চাহিদা বৃদ্ধিৰ অন্যতম উপায়৷ আমোদজনকভাৱে, আজিৰ বিশ্বত যোগান আৰু চাহিদা–দুয়োটাই আক্ৰান্ত হৈছে৷

অৰ্থনীতিৰ ছাত্ৰই এই কথা জানে যে যোগান-শৃংখলক স্বাভাৱিক অৱস্থালৈ আনিবলৈ সুদৰ হাৰ হ্ৰাস কৰিব লাগিব ঠিকেই, কিন্তু নিয়োগ বৃদ্ধিতো প্ৰয়োজনীয় গুৰুত্ব দিব লাগিব৷৷ নিয়োগ বৃদ্ধিৰ জৰিয়তে মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰণলৈ আনিব পৰা যাব৷ উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ যদি সৰলীকৰণ নহয়, তেন্তে অৰ্থনৈতিক প্ৰবৃদ্ধিৰ প্ৰক্ৰিয়া স্বাভাৱিক অৱস্থালৈ সহজে উভতি নাহিব৷ আজিৰ বিশ্ব অৰ্থনীতিৰ ষ্টেগফ্লেচনৰ অন্যতম কাৰণ এইটোও৷ প্ৰতিকাৰৰ উপায় হিচাপে যথাসম্ভৱ সোনকালে যোগান-শৃংখলৰ আসোঁৱাহসমূহ চিনাক্ত কৰি সিহঁতৰ নিৰাময়ৰ ব্যৱস্থা কৰা দৰকাৰ৷ তাৰ বাবে আৱশ্যকীয় বিত্তীয় আৰু মুদ্ৰা নীতি যথোচিতভাৱে ৰূপায়ন কৰিব লাগিব৷ এইবিলাকৰ সমান্তৰালভাৱে বজাৰত চাহিদা সৃষ্টিৰ বাবে চৰকাৰবোৰে উৎপাদনশীল ক্ষেত্ৰসমূহত [হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে নহয়] ৰাজহুৱা ব্যয় সন্তোষজনকভাৱে বৃদ্ধি কৰাটো অতিকে প্ৰয়োজনীয়৷

বিশ্বৰ আন ভালেমান দেশৰ তুলনাত ভাৰতৰ অৱস্থা কিছু পৰিমাণে ভাল৷ চৰকাৰে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত নীতি গ্ৰহণ কৰিলে অৰ্থনীতিৰ অধোগতি কিছু পৰিমাণে হ’লেও ৰুধিব পৰা যাব৷

 [লেখকৰ ফোন-৯৪৩৫০৯০৮৯৯]