COP27 কি, আৰু ই ইমান গুৰুত্বপূৰ্ণ কিয়?

COP27

জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচনৰ (চি অ’ পি) পক্ষসমূহৰ সন্মিলন (ইউ.এন.এফ.চি.চি.) হৈছে চি অ’ পি( COP – Conference of Parties)। চি অ’ পি বুলি জনাজাত এই সন্মিলনে জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচনৰ ৰূপায়ণ, নিৰীক্ষণ আৰু পৰ্যালোচনা কৰাৰ বাবে দায়বদ্ধ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াত ফ্ৰেমৱৰ্ক কনভেনচনত স্বাক্ষৰ কৰা ১৯৭ খন ৰাষ্ট্ৰ আৰু ভূখণ্ডক একত্ৰিত কৰা হৈছে— যাক পক্ষ(Parties) বুলি কোৱা হয়।

চি অ’ পি ১৯৯৫ চনৰ পৰা বছৰি বৈঠকত মিলিত হৈ আহিছে। ২০১৫ চনৰ ডিখচেম্বৰ মাহত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা চি অ’ পিৰ ২১ সংখ্যক অধিবেশনৰ ঐতিহাসিক ফলাফলেই হৈছে— প্ৰথম আন্তঃৰাষ্ট্ৰীয় জলবায়ু চুক্তি।

পেৰিছ চুক্তিখনে প্ৰাক-ঔদ্যোগিক স্তৰৰ ওপৰত বিশ্বৰ গড় উষ্ণতা ২° চেলছিয়াছ (৩.৬° ফাৰেনহাইট) তলত নিয়ন্ত্ৰণ কৰি ৰখা আৰু সেউজ গৃহ গেছৰ নিৰ্গমন হ্রাস কৰাৰ বাবে সন্মিলনৰ পক্ষসমূহক সংগঠিত কৰে। অৱশ্যে, এইটো এটা প্ৰত্যাহ্বানমূলক লক্ষ্য।

২০১৩-২০১৪ চনত প্ৰকাশিত আন্তঃৰাষ্ট্ৰায় জলবায়ু পৰিৱৰ্তনৰ পেনেলৰ (আইপিচিচি) পঞ্চম মূল্যায়ন প্ৰতিবেদন (AR5)ত উল্লেখ কৰা হৈছে যে ১৮৮০ চনৰ পৰা ২০১২ চনৰ ভিতৰত ইতিমধ্যে বিশ্বৰ গড় উষ্ণতা .৮৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে, আৰু যোৱা তিনিটা দশকত ১৮৫০ চনৰ পৰা আন যিকোনো দশকতকৈ ক্ৰমাগতভাৱে উষ্ণতা বৃদ্ধি পাই আহিছে।

উষ্ণতা বৃদ্ধিৰ ধাৰা, ষিটো অব্যাহত থাকিব বুলি আশা কৰা হৈছে, ইয়াক ২° বৃদ্ধি তলত কেনেকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি সেই বিষয়েও চি অ’ পি-এ আলোকপাত কৰে। কিন্তু বহুতে যুক্তি আগবঢ়ায় যে ২° সীমা যথেষ্ট অভিলাষী নহয়। ইমানখিনি উষ্ণতা বৃদ্ধি পৰিণতি বিশ্বব্যাপী বিপজ্জনক হ’ব। সেয়ে এই চুক্তিখনে অংশগ্ৰহণকাৰী পক্ষসমূহক ১.৫° বৃদ্ধিৰ তলত নিয়ন্ত্ৰণ কৰিবলৈ উৎসাহিত কৰে।

পেৰিছ চুক্তি অনুসৰি প্ৰতিটো পক্ষই সেউজ গৃহ গেছৰ নিৰ্গমন হ্রাস কৰাৰ বাবে ইউএনএফচিচিচিৰ লক্ষ্য মানি চলি চি অ’ পিৰ লক্ষ্যৰ সাকাৰ কৰিবলৈ ৰাষ্ট্ৰীয়ভাৱে নিজা সংকল্প আৰু পৰিকল্পনা গ্ৰহণ আৰু ইয়াক প্ৰকাশো কৰিব লাগিব। আৰু প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে তেওঁলোকৰ এই অগ্ৰগতিৰ পৰ্যালোচনা আৰু মূল্যায়ন কৰা হ’ব।

(লেখক ডা৹ ৰাহুল মহন্ত কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক; সঞ্চালক, আই চি আৰ চি (আন্ত:শাখা জলবায়ু গৱেষণা কেন্দ্ৰ। লেখকৰ ফোন: ৯৮৫৪০৭৬৮১৯)