NORTHEAST NOW (Assamese)

”নাৰীৰ স্তনলৈ কিয় ইমান আকৰ্ষণ?”- প্ৰশ্ন কৰিলে বলিউডৰ এগৰাকী অভিনেত্ৰীয়ে, কোন?

April 9, 2021 4:06 pm · এন ই নাও নিউজ

বলিউডৰ অভিনেত্ৰী সায়ন্তনী ঘোষে এক বলিষ্ঠ মন্তব্য কৰি বাতৰিৰ শিৰোনামালৈ আহিছে।

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে অভিনেত্ৰীগৰাকীয়ে এটা ইনষ্টাগ্ৰাম প’ষ্টযোগে মানসিক স্বাস্থ্য, বডী-শ্বেমিং (body-shaming) সম্পৰ্কেও মতামত ব্যক্ত কৰে।

অভিনেত্ৰীগৰাকীৰ ওপৰত এজন লোকে কৰা ট্ৰলৰ প্ৰত্যুত্তৰতে তেওঁ এই প’ষ্ট কৰিছে।

তেওঁ লিখিছে যে যোৱাকালি তেওঁক এটা ইনষ্টাগ্ৰাম লাইভত সোধা হৈছিল যে তেওঁৰ ব্ৰাৰ চাইজ কিমান!

 

View this post on Instagram

 

A post shared by Sayantani (@sayantanighosh0609)

অভিনেত্ৰীগৰাকীয়ে লাইভটোত তৎক্ষণাৎ এটা যথোচিত প্ৰত্যুত্তৰ দিছিল যদিও তেওঁ অনুভৱ কৰে যে এই বিষয়ে আৰু অধিক কথা পতাৰ প্ৰয়োজন।

”নাৰীৰ স্তনলৈ কিয় ইমান আকৰ্ষণ?”- অভিনেত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।

তেওঁৰ এই প’ষ্টটোক অনেক লোকে সমৰ্থন জনাইছে।

উল্লেখযোগ্য টিভি চিৰিয়েল ‘কুমকুম- এক প্যাৰ কা বন্ধন’, ‘নামকৰণ’, ‘বেৰিষ্টাৰ বাবু’, ‘সন্তুোষী মা’, ‘মহাভাৰত’ ইত্যাদিৰ দ্বাৰা জনপ্ৰিয়তা অৰ্জন কৰা ছায়ন্তনী ঘোষে ২০১৩ চনৰ বলিউডৰ চুপাৰহিট চিনেমা ‘হিম্মতৱালা’ৰ এটা গানত বিশেষ ভুমুকি মাৰিছিল।

Related News