• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আৰক্ষীৰ নিযুক্তি কেলেংকাৰি: মুখ্যমন্ত্ৰী সোণোৱালে ‘শূণ্য সহনশীলতা’ৰ নিদৰ্শন দাঙি ধৰিব পাৰিবনে?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
October 3, 2020 2:57 pm
sarbanand-sonowal-1140x570-750x375

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য কঁপাই যোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ কেলেংকাৰিয়ে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

কেলেংকাৰিটোত প্ৰাক্তন আৰক্ষী বিষয়াৰ লগতে বিজেপি দলৰ নেতা-কৰ্মী জড়িত হৈ থকাৰ কথাটোৱে বিষয়টো আৰু অধিক জটিল কৰি তুলিছে।

যোৱা ২০ ছেপ্টেম্বৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৎক্ষণিকভাৱে পৰীক্ষা বাতিল কৰি তদন্ত ঘোষণা কৰাৰ পাছত কেলেংকাৰিটোত সাঙোৰ খাই পৰিছে বহু প্ৰভাৱশালী ব্যক্তিৰ নাম।

কেলেংকাৰিটোৰ তদন্তৰ দায়িত্ব বহন কৰা চিআইডি, ক্ৰাইম ব্ৰান্সকে ধৰি আটাইকেইটা শাখা গৃহ মন্ত্ৰীৰো দায়িত্বত থকা মুখ্য মন্ত্ৰী গৰাকীৰ নিয়ন্ত্ৰণতে আছে।

স্বাভাৱিকতে, অসমৰ জনসাধাৰণে আৰক্ষী নিযুক্তি কেলেংকাৰিৰ প্ৰকৃত তদন্ত হোৱাটো বিচাৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে যিধৰণে এই ঘটনাৰ ক্ষেত্ৰত তৎপৰতা আৰম্ভ কৰিছে সেয়া এক সন্তোষজনক তথা জনসাধাৰণৰ পতিয়নযোগ্য ফলাফলৰ দিশলৈ নিব পাৰিব লাগিব।

যোৱা কেইদিনমানত আৰক্ষীৰ তদন্তকাৰী দলে কেলেংকাৰিটোৰ সৈতে জড়িত বহুকেইজনক গ্ৰেপ্তাৰ কৰিছে। কিন্তু সকলোৱে ধৰি লৈছে যে এই ঘটনাত আৰু বহুতো প্ৰভাৱশালী ব্যক্তি জড়িত আছে।

মুখ্যমন্ত্ৰী সোণোৱালে এই কেলেংকাৰিৰ এক পানী নসৰকা ধৰণৰ তদন্ত হোৱাটো নিশ্চিত কৰিব লাগে। প্ৰয়োজনত নিজ দলৰ প্ৰভাৱশালী কোনো চক্ৰ যদি ইয়াৰ সৈতে জড়িত আছে তাকো ৰেহাই দিব নালাগিব।

নিৰ্বাচনী সময়ত মুখ্য মন্ত্ৰীগৰাকীৰ ভাৱমূৰ্তি ম্লান কৰাৰ বাবে কোনো চক্ৰই বা দলৰে কোনো উচ্চাভিলাষী নেতাই এনে ঘটনাত উৎসাহ যোগাব পাৰে নেকি সেয়াও এক বিচাৰ্য বিষয়।

জনসাধাৰণৰ মনত আস্থাৰ ভাৱ জগাবলৈ আৰক্ষীৰ নিযুক্তি কেলেংকাৰি যিমান স্বচ্ছ হ’ব সিমানেই মুখ্যমন্ত্ৰী গৰাকীৰ লগতে চৰকাৰখনৰ মান বাচিব।

অৱশ্যে, ইয়াৰ লগতে পৰৱৰ্তী পৰীক্ষা অনুষ্ঠিত কৰি কেনেদৰে যোগ্য আৰু মেধাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয় সেয়াও লক্ষ্যণীয় হ’ব।

তদুপৰি, কোনো ব্লেক লিষ্টেড ব্যক্তি বা প্ৰতিষ্ঠানৰ নাম যাতে পুনৰ সাঙোৰ খাই নপৰে সেয়া নিশ্চিত কৰাটো জৰুৰী।

মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীগৰাকীয়ে এই কেলেংকাৰিৰ তদন্তত এটা কথা স্পষ্ট কৰিব লাগিব যে ইয়াৰ সৈতে জড়িত যিমান প্ৰভাৱশালী তথা ক্ষমতাশালী ব্যক্তিয়েই নহওক কিয় তেওঁলোকক সন্মুখলৈ উলিয়াই আনিব পাৰিব লাগিব।

পূৰ্বতে আৰক্ষীৰ তদন্তৰ ওপৰত মানুহৰ আস্থা নোহোৱাৰ বিষয়টো যেন ইয়াতেই সামৰণি পৰে তাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে তেওঁৰ তৎপৰতাখিনিক অন্তিম পৰ্যায়লৈকে কঢ়িয়াই নিব লাগিব।

মুখ্যমন্ত্ৰী সোণোৱালৰ সন্মুখত এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান হৈছে আৰক্ষী নিযুক্তি কেলেংকাৰিৰ এক পৰিণাম জনসাধাৰণৰ আগত দাঙি ধৰা।

ৰাজধৰ্ম পালনৰ বাবে স্বজন-তোষণ, আত্মীয়-বান্ধৱৰ পৰিচয়তকৈ জনসাধাৰণৰ আস্থা আৰু বিশ্বাস অটুট ৰখাটো অধিক গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰী সোণোৱালে ৰাজধৰ্ম পালনৰ স্বাৰ্থতে দৃষ্টান্তমূলক ভূমিকা গ্ৰহণ কৰিব বুলি সকলোৱে আশা কৰিছে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd