ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত জনজাতীয় সংগঠনৰ প্ৰতিবাদক কেন্দ্ৰ কৰি হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।
বুধবাৰে ৰাজ্যৰ একাংশ অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে জাৰি কৰা হৈছে সান্ধ্য আইন। ৰাজ্যখনৰ ৰাজ্যপালৰ এক আদেশত দণ্ডাধীশসকলক আইন-শৃংখলা বজাই ৰাখিবলৈ ‘দেখা মাত্ৰেই গুলীচালনা’ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।
একাংশ অঞ্চলত ৫ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে মোবাইল ইণ্টাৰনেট সেৱা। তদুপৰি, বৃহস্পতিবাৰে ভাৰতীয় সেনাই ক্ষতিগ্ৰস্ত অঞ্চলত ফ্লেগমাৰ্চ কৰে।
লগতে পঢ়ক: সেনাৰ মতে মণিপুৰ শান্ত; গণ প্ৰহাৰত আহত বিজেপি বিধায়কৰ অৱস্থা সংকটজনক
মণিপুৰৰ জনসংখ্যাৰ কমেও ৫০% মেইটেই সম্প্ৰদায়ে বিগত কেইবছৰমানৰ পৰা অনুসূচিত জনজাতি (এছটি) হিচাপে শ্ৰেণীভুক্ত কৰিবলৈ দাবী জনাই আহিছে।
ভাৰতত যিবোৰ সম্প্ৰদায় ঐতিহাসিকভাৱে সমান সুযোগৰ পৰা বঞ্চিত হৈ আহিছে তেওঁলোকক এছ টি শ্ৰেণীভুক্ত কৰি তেওঁলোকৰ বাবে চৰকাৰী চাকৰি, কলেজত নামভৰ্তি তথা নিৰ্বাচিত জনপ্ৰতিনিধিৰ আসন সংৰক্ষিত কৰা হয়।
যোৱা মাহত মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেই জনগোষ্ঠীৰ দাবীসমূহ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু ৰাজ্যখনৰ আন জনজাতিসকলৰ মাজত উদ্বেগ প্ৰকাশ পাইছে যে মেইটেইসকলক এছ টিৰ মৰ্যাদা দিলে চাকৰিৰ বাবে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব লাগিব।
লগতে পঢ়ক: চকুৰ কূটা দাঁতৰ শাল! তুৰস্কত ৰাছিয়াৰ প্ৰতিনিধিক চৰ-ঘোচা ইউক্ৰেইন সাংসদৰ (ভিডিঅ’ চাওক)
মণিপুৰৰ সদৌ জনজাতি ছাত্ৰ সন্থাই মঙলবাৰে আহ্বান কৰা এক সমাৱেশত সহস্ৰাধিক লোকে ইয়াৰ প্ৰতিবাদত যোগদান কৰে।
বাতৰি অনুসৰি, চুৰাচান্দপুৰ জিলাত এই সমাৱেশলৈ অহা প্ৰতিবাদকাৰীৰ সৈতে আন এটা দলে সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ পিছত বিষ্ণুপুৰৰ লগতে আন একাংশ অঞ্চলৰ পৰাও সংঘৰ্ষৰ খবৰ পোৱা যায়।
ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰৰ বাহিৰলৈ গুচি যায়। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক কৰি ওলাই যোৱা বিজেপি বিধায়ক এগৰাকীক গণ প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয়। বৰ্তমান চিকিৎসাধীন বিধায়কগৰাকীৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।
লগতে পঢ়ক: কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ; সংঘৰ্ষত শ্বহীদ ২ সেনা জোৱান, আহত আন ৪ জন
ৰাজ্যখনৰ অলিম্পিক পদক বিজয়ী খেলুৱৈ মেৰী কমে সংবাদ মাধ্যমক কয় যে, “দুৰ্ভাগ্যজনকভাৱে এই হিংসাত্মক পৰিস্থিতিত একাংশ লোকে নিজৰ পৰিয়ালৰ সদস্যক হেৰুৱাইছে।”
অৱশ্যে কৰ্তৃপক্ষই কোনো লোক হতাহত হোৱা বুলি নিশ্চিত কৰা নাই। বৰ্তমান সেনাই ৰাজ্যখনৰ পৰিস্থিতি চম্ভালিছে। আৰক্ষীয়ে ক্ষতিগ্ৰস্তসকলৰ বাবে হেল্পলাইন নাম্বাৰো মুকলি কৰিছে।