এতিয়াৰে পৰা গোপনে থাকিব নোৱাৰিব লিভ-ইন ৰিলেশ্বনতঃ পঞ্জীয়ন নকৰিলে হ’ব জেল-জৰিমনা

Uttarakhand UCC Bill

এতিয়াৰে পৰা যুৱক-যুৱতীসকলে গোপনে থাকিব নোৱাৰিব লিভ ইন ৰিলেইশ্যনশ্বিপত। এনে সম্পৰ্কত থাকিবলৈ হ’লে কৰিব লাগিব পঞ্জীয়ন। অন্যথা যুৱক-যুৱতী দুয়োকে বিহা হ’ব কঠোৰ শাস্তি।

উত্তৰাখণ্ড চৰকাৰে প্ৰণয়ণ কৰিছে এই কঠোৰ নিয়ম। মঙলবাৰে উত্তৰাখণ্ডৰ বিধানসভাত ইউনিফৰ্ম চিভিল কোড উত্থাপন কৰা হয়। এই প্ৰস্তাৱ আইনত পৰিণত হোৱাৰ পিছত, লিভ-ইন সম্পৰ্কৰ বাবেও চৰকাৰে ঘোষণা কৰে এখন বিশেষ আইন।

কি কি নীতি জাৰি কৰা হৈছে লিভ-ইন সম্পৰ্কত?

১. যদি ২১ বছৰৰ তলৰ কোনোবাই লিভ-ইন সম্পৰ্কত থাকিব বিচাৰে, তেনেহ’লে পিতৃ-মাতৃৰ অনুমতি বাধ্যতামূলক।

২. তেওঁলোকে পঞ্জীয়কৰ ওচৰলৈ যাব লাগিব আৰু তেওঁলোক উত্তৰাখণ্ডৰ বাসিন্দা নে নহয় সেই বিষয়ে প্ৰমাণ দাখিল কৰিব লাগিব।

৩. প্ৰস্তাৱিত আইন অনুসৰি, যদি এজন ব্যক্তি পঞ্জীয়ন অবিহনে এমাহতকৈ অধিক সময় লিভ-ইন সম্পৰ্কত থাকে, তেন্তে তেওঁক তিনি মাহলৈকে কাৰাবাস বা ১০,০০০ টকাৰ জৰিমণা বা দুয়োটা শাস্তি প্ৰদান কৰা হ’ব।

৪. যিকোনো ব্যক্তিয়ে ব্যক্তিগত তথ্য লুকুৱাই ৰাখি লিভ-ইন সম্পৰ্কত থাকিলে তেওঁলোকক তিনি মাহৰ বাবে কাৰাবাস আৰু ২৫,০০০ টকালৈকে জৰিমনা বিহা হ’ব।

৫. যদি লিভ-ইন সম্পৰ্কত থাকোঁতে সন্তান জন্ম হয়, তেন্তে তাক বৈধ সন্তান হিচাপে স্বীকৃতি দিয়া হ’ব।

৬. যদি লিভ-ইন সম্পৰ্কত থকা এগৰাকী মহিলাক পুৰুষ সঙ্গীয়ে এৰি দিয়ে, তেন্তে তেওঁ আদালতলৈ যাব পাৰে আৰু সংসাৰৰ দাবী কৰিব পাৰে।

৭. লিভ-ইন সম্পৰ্কৰ বিবৃতি স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ প্ৰেৰণ কৰা হ’ব। সেই বিবৃতিৰ ওপৰত তথ্যবোৰৰ প্ৰামাণিকতা পৰীক্ষা কৰা হ’ব। যদি তথ্য মিছা হয়, আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।

৮. যদি সম্পৰ্কত থকা কোনোবাই ‘নিষিদ্ধ সম্পৰ্ক’ত থাকে, ইয়াক লিভ-ইন সম্পৰ্ক হিচাপে পঞ্জীয়ন কৰা নহ’ব। ইয়াত নিষিদ্ধ সম্পৰ্কৰ অৰ্থ হৈছে বিবাহিত ব্যক্তিৰ বিবাহ বৰ্হিভূতভাবে থকা লিভ ইন সম্পৰ্ক।

৯. তেজৰ দ্বাৰা সম্পৰ্কিত কাৰোবাৰ সৈতে লিভ-ইন সম্পৰ্ক থকাটো নিষিদ্ধ সম্পৰ্ক বুলি গণ্য কৰা হ’ব।

১০. যদি লিভ-ইন সম্পৰ্কৰ অংশীদাৰ এজন নাবালক বা নাবালিকা হয়, তেনেহ’লে সম্পৰ্কটো পঞ্জীয়ন কৰা নহ’ব।

১১. যদি লিভ-ইন সম্পৰ্কত থাকিবলৈ সঙ্গীৰ সন্মতি বলপূৰ্বক বা প্ৰভাৱৰ দ্বাৰা প্ৰাপ্ত কৰা হয়, তেনেহ’লে সম্পৰ্কটো লিভ-ইন সম্পৰ্ক হিচাপে পঞ্জীয়ন কৰা নহ’ব।

লিভ-ইন সম্পৰ্ক ভংগ কৰাৰ নিয়ম-

যদি সম্পৰ্কৰ বিচ্ছেদ ঘটে তেতিয়া লিভ-ইন সম্পৰ্কৰ সমাপ্তি নহ’ব। লিভ-ইন সম্পৰ্ক সমাপ্তি ঘটাবলৈ দুয়োজনে পঞ্জীয়কৰ ওচৰত লিখিত বিবৃতি দাখিল কৰিব লাগিব। বিবৃতিটোৰ এটা প্ৰতিলিপি প্ৰাক্তন সঙ্গীকো দিব লাগিব।