চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

wp-video-call-main_013120124554-new-750x375

প্ৰতিনিধিত্বমূলক ফটো।

অৱশেষত প্ৰাইভেচি পলিচিক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিবাদৰ মাজতে পিছু হুহুকিল জনপ্ৰিয় মেচেজিং এপ হোৱাটছএপ। প্ৰাইভেচি আপডেটৰ বিষয়টো বৰ্তমান স্থগিত ৰখা হৈছে বুলি জানিবলৈ দিয়া হৈছে।

যুজাৰসকলৰ মাজত কোনো ভুল বুজাবুজিৰ যাতে সৃষ্টি নহয় তাৰ বাবে তেওঁলোকে আৰু অধিক সময় বিচাৰিছে।

হোৱাটছএপৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে যে প্ৰকাশ পোৱা বিভিন্ন বাতৰিৰ ফলত য়ুজাৰসকল তেওঁলোকৰ তথ্য সুৰক্ষাৰ বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে। সেয়েহে, এই সিদ্ধান্ত লোৱা হৈছে।

ফেচবুক মালিকাধীন হোৱাটছএপৰ তৰফলৰ পৰা টুইট কৰি জানিবলৈ দিয়া হৈছে যে যি নিৰ্দিষ্ট তাৰিখৰ ভিতৰত সকলোকে পলিচি আপডেটৰ বিষয়ে সন্মতি দিবলৈ কোৱা হৈছিল সেয়া বাতিল কৰা হৈছে।

পূৰ্বে ঘোষণা কৰা মতে ৮ফেব্ৰুৱাৰিত কাৰো একাউন্ট ডিলিট কৰা নহয়। সদ্যহতে হোৱাটছএপে সকলো য়ুজাৰৰ ভুল ধাৰণা ভঙাৰ লক্ষ্য লৈছে।

হোৱাটছএপৰ প্ৰাইভেচি তথা তথ্য সুৰক্ষাৰ বিষয়ে সকলোকে সঠিক ধাৰণা দিয়াৰ পাছত লাহে লাহে পলিচি পুনৰীক্ষণৰ দিশে আগবাঢ়িব।

অহা ১৫ মে’ত তেওঁলোকৰ নতুন বিজনেছ অপশ্যন অহাৰ পাছত পুনৰীক্ষণৰ কথা চিন্তা কৰা হ’ব বুলি জানিবলৈ দিছে।

উল্লেখ্য যে হোৱাটছএপ প্ৰাইভেচী পলিচিৰ আপডেট ঘোষণাৰ পাছৰে পৰা বিভিন্ন শংকাৰ সৃষ্টি হৈ আহিছিল। বহুত য়ুজাৰে হোৱাটছএপ ত্যাগ কৰি ছিগনেল বা টেলিগ্ৰামৰ দৰে আন এপৰ দিশে গতি কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে চলিত সপ্তাহত ছিগনেল ভাৰতৰ এক নম্বৰ এপ হৈ পৰাৰ খৱৰো প্ৰকাশ পাইছিল। এনে পৰিস্থিতিত অৱশেষত পলিচি আপডেটক লৈ হোৱাটছএপে এই সিদ্ধান্ত গ্ৰহণ কৰে।