কিয় আহিল চেনেলৰ সুবিধা? নতুন সংস্কৰণ আপডেট হোৱাটছএপৰ

আইফোন ব্যৱহাৰকাৰীৰ বাবে নতুন ডিজাইন উন্নীতকৰণৰ ব্যৱস্থা কৰিছে হোৱাটছএপে। মেটাৰ মালিকানাধীন মেছেজিং এপটোৱে এপটোৰ নতুন ডিজাইন মুকলি কৰিছে।

WABteaInfo ৰ ৰিপৰ্ট অনুসৰি WhatsApp সংস্কৰণ iOS 23.18.78 ত মুকলি কৰা হৈছে নতুন ডিজাইনৰ আপডেট। কিন্তু বৰ্তমান এই আপডেটটো সীমিত সংখ্যক ব্যৱহাৰকাৰীৰ বাবেহে উপলব্ধ।

নতুন আপডেটৰ পিছত সম্পাদনা বিকল্পটো তিনিটা বিন্দুৰ মেনু বুটামৰ সৈতে সলনি কৰা হয়। ইয়াৰ লগতে নতুন chat আৰম্ভ কৰিবলৈ আইকনটোও ‘+’ আইকনেৰে সলনি কৰা হয়।

অন্যান্য আপডেট এতিয়াও উপলব্ধ হোৱা নাই যদিও হোৱাটছএপে মাত্ৰ এটা নতুন বুটাম ষ্টাইল মুকলি কৰিছে । 

উল্লেখযোগ্য যে এপটোৰ বিটা সংস্কৰণ ইনষ্টল কৰা কিছুমান ব্যৱহাৰকাৰীয়েও নতুন বুটামটোৰ সুবিধা লাভ কৰিব পাৰে। 

চলিত বৰ্ষৰ আৰম্ভণিতে জুন মাহত হোৱাটছএপে ইনষ্টাগ্ৰামৰ পৰা প্ৰেৰণা লৈ নিজৰ Channels মুকলি কৰিছিল। প্ৰথমতে নিৰ্দিষ্ট অঞ্চলত ইয়াক মুকলি কৰি দিয়া হৈছিল। 

মেটাৰ মালিকানাধীন এই প্লেটফৰ্মটোৱে এতিয়া ভাৰতত আত্মপ্ৰকাশ কৰাৰ লগতে এই বৈশিষ্ট্যৰ প্ৰসাৰতা বিশ্বজুৰি বৃদ্ধি কৰিছে। 

কোম্পানীটোৰ মতে, হোৱাটছএপ চেনেলসমূহে হোৱাটছএপ নেটৱৰ্কৰ ভিতৰৰ ব্যক্তি আৰু সংস্থাসমূহৰ পৰা গুৰুত্বপূৰ্ণ আপডেট লাভ কৰিবলৈ এক সুবিধাজনক, সুৰক্ষিত, আৰু ব্যক্তিগত পদ্ধতি আগবঢাইছে।

কোম্পানীটোৱে এটা ব্লগ পোষ্টত কয় যে  আজি আমি ১৫০ খনতকৈও অধিক দেশত হোৱাটছএপ চেনেল মুকলি কৰি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ আপডেট লাভ কৰাৰ বাবে সহায় হোৱাকৈ নতুন আপডেট আগবঢ়াইছোঁ। আমি হাজাৰ হাজাৰ সংস্থা, ক্ৰীড়া দল, শিল্পী, আৰু চিন্তাবিদক আদৰণি জনাইছো যিবোৰ ঠিক হোৱাটছএপৰ ভিতৰতে অনুসৰণ কৰিব পাৰে।