WhatsAppৰ নতুন ফিচাৰ্ছ : কোনোবাই আপোনাক গ্ৰুপত এদ কৰাটো কেনেদৰে বন্ধ কৰিব

whatsapp

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

জনপ্ৰিয় ছ’চিয়েল মেছেজিং এপ হোৱাটছ এপে চলিত বৰ্ষত ব্যৱহাৰকাৰীসকলৰ বাবে ভালেমান নতুন ফিচাৰ্ছ লৈ আহিছে।

নতুন ফিচাৰ্ছবোৰৰ ভিতৰত উল্লেখযোগ্য ফিচাৰ্ছ এটা হ’ল হোৱাটছ এপ নিউ গ্ৰুপ প্ৰাইভেচি ফিচাৰ্ছ।

এতিয়াৰ পৰা হোৱাটছ এপ ব্যৱহাৰকাৰীসকলে তেওঁক কোনোটো গ্ৰুপত তেওঁক এদ কৰিব সেই সম্পৰ্কে তেওঁ নিজে বাচনি কৰিব পাৰিব।

বৰ্তমানলৈ হোৱাটছ এপ গ্ৰুপত কোনোৱাই আপোনাক এদ কৰি দিলে আপোনাৰ সেই গ্ৰুপটো ভাল নালাগিলে হাতত থকা একমাত্ৰ উপায়টো হ’ল সেই গ্ৰুপটোৰ পৰা ওলাই অহা।

কিন্তু শেহতীয়াকৈ জনপ্ৰিয় মেছেজিং এপটোৱে ব্যৱহাৰকাৰী সকলক হোৱাটছ এপ গ্ৰুপত অধিক ক্ষমতা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।

হোৱাটছ এপৰ নতুন সংস্কৰণটো লাভ কৰিবলৈ হ’লে ব্যৱহাৰকাৰী সকলে গুগল প্লে ষ্টোৰলৈ গৈ ইয়াক ইনষ্টল কৰিব লাগিব।

কেনেদৰে ব্যৱহাৰ কৰিব

যদিহে আপুনি নতুন ফিচাৰ্ছ সক্ৰিয় কৰিব বিচাৰে তেনেহ’লে প্ৰথমে হোৱাটছ এপ চেটিংছলৈ যাওক আৰু ‘একাউণ্ট’ত ক্লিক কৰক। তাৰপাছত ‘প্ৰাইভেচি’ত ক্লিক কৰি ‘গ্ৰুপ’ অপশ্যন বাচনি কৰক।

ইয়াত তিনিটা বাচনি আপোনাৰ বাবে উপলব্ধ হ’ব। সেইকেইটা হ’ল- “Everyone”,”My Contacts” আৰু “My Contacts Except”। ইয়াৰ ভিতৰত আপুনি নিজৰ ইচ্ছা অনুসাৰে যিকোনো এটা বাচনি কৰিব পাৰে।

“My Contact” বাচনিটোৱে আপোনাৰ কন্টেক্ট লিষ্টত থকা লোককহে আপোনাক যিকোনো গ্ৰুপত এদ কৰাৰ সুবিধা প্ৰদান কৰিব।

“My Contacts Except” বাচনিটো ক্লিক কৰিলে যিকোনো গ্ৰুপত আপোনাক এদ কৰাৰ পূৰ্বে আপোনাৰ অনুমতি ল’ব লাগিব। এইক্ষেত্ৰত কোনোবাই আপোনাক কোনো গ্ৰুপত এদ কৰিব বিচাৰিলে ব্যক্তিগতভাৱে আপোনালৈ বাৰ্তা প্ৰেৰণ কৰি আমন্ত্ৰণ জনাব লাগিব আৰু আপুনি তিনিদিনৰ ভিতৰত ইয়াৰ উত্তৰ নিদিলে সেই আমন্ত্ৰণ স্বয়ংক্ৰিয়ভাৱে নিস্ক্ৰিয় হৈ পৰিব।