NORTHEAST NOW (Assamese)

ভাৰতীয় নোটত কেতিয়াৰ পৰা ছপা হৈছিল গান্ধীজীৰ ছবি?

October 29, 2022 6:40 pm · এন ই নাও নিউজ,গুৱাহাটী

ভাৰতীয় নোটত লক্ষ্মী-গণেশৰ ছবি ছপা কৰিব লাগে বুলি ৰাজনৈতিক দাবী উত্থাপন হৈছে। বিশেষকৈ আম আদমী পাৰ্টীয়ে এনে দাবী কৰি গুজৰাটত দলটোৰ এক নিজস্ব পৰিচয় দাঙি ধৰিব বিচাৰিছে। বহুতে আকৌ ছত্ৰপতি শিবাজীৰ ছবি নোটত ছপা কৰাৰো দাবী জনাইছে।

কিন্তু এনে দাবী কোনে পূৰণ কৰিব পাৰিব? দৰাচলতে নোটখনৰ ডিজাইন কোনে প্ৰস্তুত কৰে? ভাৰতত প্ৰচলিত বিধি অনুসৰি ৰিজাৰ্ভ বেংকে নোটনোটৰ জিজাইনৰ ক্ষেত্ৰত সিদ্ধান্ত লয়।

ৰিজাৰ্ভ বেংক আইনৰ ধাৰা ২২ত কোৱা হৈছে যে নোটখনৰ ডিজাইনৰ সিদ্ধান্ত কেৱল এই বেংকেহে ল’ব পাৰে। ভাৰতীয় নোটত স্বাধীনতাৰ পিছত ব্ৰিটেইনৰ ৰজাৰ ছবি আঁতৰ কৰি গান্ধীজীৰ ছবি ছপাবলৈ ১৯৮৭ ৰ’বলগীয়া হৈছিল।

১৯৮৭ চনতেই প্ৰথমবাৰৰ বাবে গান্ধীৰ ছবিৰ সৈতে ৫০০ টকাৰ নোট এখন মুদ্ৰণ কৰা হৈছিল। ১৯৯৬ চনৰ পৰা গান্ধীজীৰ ছবি সকলো নোটত ছপোৱাৰ ব্যৱস্থা কৰা হয়।

Related News