মদ নিষিদ্ধ মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ গাড়ীলৈ কেনেদৰে আহিল মদ?

Created with GIMP

শুকুৰবাৰে  মাজুলীৰ অতিৰিক্ত উপাযুক্তৰ কনভয়ৰ গাড়ীয়ে দুজন ছাত্ৰক খুন্দা মাৰে।

মাজুলীৰ বৰগুৰি তিনিআলিত সংঘটিত এই ঘটনাত ১৪ বছৰীয়া এজন ছাত্ৰই থিতাতে প্ৰাণ হেৰুৱাই আৰু আন এজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়।

মৃত ছাত্ৰজন বৰগুৰিৰ যোৰবিল ৰূপজ্যোতি এম ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল।

এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা আনজন ছাত্ৰও একেখন বিদ্যালয়তে পঢ়ে।

দুয়োগৰাকী ছাত্ৰ বৰগুৰি তিনিআলিৰ এখন দোকানৰ সন্মুখত ৰৈ থকা অৱস্থাত জেংৰাইমুখৰ পৰা অহা AS03X1003 পঞ্জীয়ন নম্বৰ থকা বলেৰো গাড়ীখনে দুয়োকে খুন্দা মাৰে।

আহত ছাত্ৰজনক ততাতৈয়াকৈ গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 

উল্লেখ্য যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত বলেৰো গাড়ীখনত সুৰাৰ বটল প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। এতিয়া প্ৰশ্ন হয়, মদ নিষিদ্ধ মাজুলীত অতিৰিক্ত উপায়ুক্তৰ গাড়ীত কেনেকৈ মদৰ বটল থাকিব পাৰে?

ঘটনাৰ পিছতেই উত্তেজিত ৰাইজে প্ৰশাসনৰ লোকৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে।