সুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক জবাবদিহি কৰিছে উচ্চতম ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ে এই গোচৰত চিছ’দিয়াৰ বিপক্ষে প্ৰমাণ সম্পূৰ্ণৰূপে দাখিল হোৱা নাই বুলি উল্লেখ কৰে। তদুপৰি ব্যৱসায়ী দীনেশ অৰোৰাৰ বক্তব্যৰ বাহিৰে চিছ’ডিয়াৰ বিৰুদ্ধে প্ৰমাণ ক’ত আছে বুলিও শীৰ্ষ আদালতে প্ৰশ্ন কৰে তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটক।
ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ এছ ভি এন ভট্টীৰে গঠিত বিচাৰপীঠে লগতে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ গোচৰ অনুসৰি চিছ’দিয়াই কিদৰে ধন লাভ কৰিছিল বুলিও প্ৰশ্ন কৰে।
গোচৰৰ পৰ্যবেক্ষণ কৰি বিচাৰপীঠে কয় যে মনীষ চিছ’দিয়াক সুৰা লবীৰ কথা-বতৰাত জড়িত যেন দেখা নাযায়। তদন্তকাৰী সংস্থাসমূহে তেওঁক ধন সৰবৰাহৰ গোচৰত কিদৰে অভিযুক্ত কৰিলে বুলিও প্ৰশ্ন কৰে শীৰ্ষ আদালতে।
তদন্তকাৰী সংস্থাসমূহৰ হৈ আদালতত উপস্থিত থকা অতিৰিক্ত চলিচিটৰ জেনেৰেলে যুক্তি দৰ্শায় যে চিছ’ডিয়া এনে এটা প্ৰক্ৰিয়াৰ সৈতে জড়িত, যি অপৰাধৰ উপাৰ্জনৰ সৈতে জড়িত।
ইয়াৰ প্ৰত্যুত্তৰত আদালতে কয় যে ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ আওতালৈ আহিব অপৰাধৰ পৰা পোৱা উপাৰ্জন দিয়াৰ বা পৰিশোধ কৰাৰ পিছত।
সংশ্লিষ্ট ব্যক্তিজনক অপৰাধৰ উপাৰ্জনৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংযোগ কৰিব লাগিব বুলিও আদালতে সকীয়াই দিয়ে তদন্তকাৰী সংস্থাসমূহক।