“হুইস্কি আইচক্ৰীম”ৰ ৰমৰমীয়া বেহা! আইচক্ৰীমৰ সৈতে সুৰাৰ ব্যৱসায় কৰি গ্ৰেপ্তাৰ তিনিজন

হায়দৰাবাদত ‘হুইস্কি আইচক্ৰীম’ বিক্ৰীক লৈ হুলস্থুলৰ সৃষ্টি হৈছে। শুকুৰবাৰে আৰক্ষীয়ে এই চক্ৰ চলোৱাৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। এখন দোকানো ছীল কৰা হৈছে।

গোপন সূত্ৰৰ পৰা এই তথ্য লাভ কৰে আবকাৰী বিভাগে। সেই খবৰ পাই তেওঁলোকে জুবিলী হিলছৰ কেইবাটাও আইচক্ৰীম পাৰ্লাৰত অভিযান চলায়। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোকে হুইস্কি আইচক্ৰীমৰ লগত মিহলাই বিক্ৰী কৰি আছিল। গ্ৰাহকৰ মাজত যথেষ্ট সঁহাৰিৰ সৃষ্টি হয়। বিক্ৰী দ্ৰুতগতিত চলি আছিল। কিন্তু ‘হুইস্কি আইচক্ৰীম’ বিক্ৰীৰ খবৰ আবকাৰী বিভাগ পোৱাৰ লগে লগে এটা দল জুবিলী হিলছলৈ যায়। তাত কেইবাখনো দোকানত তালাচী চলোৱা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি এখন দোকানৰ পৰা বহু সুৰা উদ্ধাৰ হৈছে।৬০ গ্ৰাম আইচক্ৰীমৰ সৈতে মিহলি ১০০ মিলিলিটাৰ হুইস্কি উচ্চ মূল্যত বিক্ৰী কৰা হৈছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজন অভিযুক্ত ক্ৰমে সৰচন্দ্ৰ ৰেড্ডী, দয়াকৰ ৰেড্ডী আৰু শোৱন। এই ধৰণৰ আইচক্ৰীম ক’ত ক’ত বিক্ৰী হয়, ইয়াৰ লগত কোন জড়িত সেই কথা জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।