ভেকচিন আহিলেও কৰ’নাক সহজে পৰাজিত কৰিব পৰা নাযাব; আশংকা ব্যক্ত কৰিলে WHOৰ মুৰব্বীয়ে

who-2_062320083514-new-750x375

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম ঘেব্ৰিয়াছুছ।

ভেকচিন আহিলেই কৰ’না মহামাৰীৰ পৰা মুক্তি পোৱা নাযাব। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম ঘেব্ৰিয়াছুছে সোমবাৰে এইদৰে সতৰ্ক কৰি দিছে।

তেওঁ কয় যে ভেকচিন আহিলেই কৰ’নাৰ পৰা মুক্তি পোৱা যাব বা স্বাভাৱিক জীৱন যাত্ৰা উভতি আহিব তেনে আশা কৰাটো ঠিক নহয়।

অৱশ্যে, এনে পৰিস্থিতিৰ পৰা কিদৰে সকাহ পাব পাৰি তাৰ উপায়ো তেওঁ জানিবলৈ দিয়ে।

বিশ্বত সম্প্ৰতি কৰ’নাৰ ভেকচিন আৱিস্কাৰকলৈ প্ৰতিযোগিতা চলিছে। চীন আৰু ৰাছিয়াই ভেকচিন প্ৰস্তুত কৰি তোলাৰ দাবী কৰিছে। সেইদৰে, অক্সফ’ৰ্ড, ফাইজাৰ, মৰ্ডানায়ো বজাৰতলৈ ভেকচিন উলিয়াই দিয়াৰ শেষ পৰ্যায়ত উপনীত হৈছে।

সকলোৱে আশা কৰি আছে যে ভেকচিন অহাৰ পাছতে মানুহে স্বাভাৱিক জীৱন যাত্ৰাৰ মাজলৈ উভতিব পাৰিব।

কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে এই সকলো আশাত চেঁচা পানী ঢালিলে।

কৰ’না আৰম্ভ হোৱাৰ প্ৰায় এবছৰ সম্পূৰ্ণ হোৱাৰ পথত। বিশ্বৰ চাৰে পাঁচ কোটি লোক ইতিমধ্যে কৰ’নাত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ১৩লাখৰো অধিক লোক। তথাপি স্থবিৰ হোৱা নাই কৰ’না সংক্ৰমণৰ গতি।

এনে এক পৰিস্থিতিৰ মাজতে সকলোকে সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানম ঘেব্ৰিয়াছুছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে কয়,’’ এটা ভেকচিনে আমাৰ মজুত থকা আহিলাসমূহৰ পৰিপূৰক হিচাপে আম কৰিব, কিন্তু তাক স্নান্তৰ কৰিব নোৱাৰে। এটা ভেকচিনে অকল নিজৰ শক্তিৰে এই মহামাৰীক স্তব্ধ কৰিব নোৱাৰে।‘’

সেয়ে, ভেকচিন আহিলেও নিয়মিত পৰীক্ষা, কন্ট্ৰেক্ট ট্ৰেচিং,মাস্ক-চেনিটাইজাৰৰ ব্যৱহাৰ তথা সামাজিক দূৰত্ব বিধি আদি মানি চলিবই লাগিব।

তেওঁ স্পষ্ট কৰি দিয়ে যে এই ভাইৰাছে সংক্ৰমণ ঘটোৱাৰ বহুত ৰাস্তা আছে যাৰ বাবে সম্পূৰ্ণ দৃষ্টি ৰখাটো প্ৰয়োজন।

ঘেব্ৰিয়াচুছে জানিবলৈ দিয়ে যে প্ৰথমতে এই ভেকচিনৰ সৰবৰাহ সীমিত কৰা হ’ব। স্বাস্থ্যকৰ্মী, বয়স্ক ব্যক্তি তথা বিপদজনক জনগোষ্ঠীক অগ্ৰাধিকাৰ দিয়া হ’ব।