কোন এই জন উইক?; কিয় নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউন্ট হেক কৰিছিল এইজন হেকাৰে?

John-Wick-750x375

বৃহস্পতিবাৰে ৰাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউন্টটো হেক কৰা হৈছিল।

ইতিমধ্যে টুইটাৰে এই কথা নিশ্চিত কৰিছে।

বিশ্বৰে ক্ষমতাশালী এজন ব্যক্তি নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউন্টটো কোনে হেক কৰিছিল? এই লৈ এতিয়া সমগ্ৰ দেশতে জল্পনা কল্পনাৰ আৰম্ভ হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউন্ট হেক কৰা হেকাৰজনে কোড নাম কি ব্যৱহাৰ কৰিছিল জানেনে ?

হেকাৰজনে ব্যৱহাৰ কৰা কোড নামটো আছিল ‘জন উইক’।

কোন এই জন উইক? এই জন উইক হৈছে ২০১৪ চনত মুক্তিপ্ৰাপ্ত আমেৰিকাৰ এখন বহুল প্ৰচাৰিত এক্সন-থ্ৰীলাৰ ছবি।

ছবিখনৰ কাহিনীকাৰ আৰু পৰিচালক হ’ল ক্ৰমে ডেৰেক ক’লছ্টাড আৰু চাড ষ্টেহেলস্কি।

হলিউদৰ তাৰকা অভিনেতা কেন্যু ৰীভছ, মিচেল ন্যাকভিষ্ট, এলফী এলেন, ব্ৰীজ ম’ইনাহান আদিয়ে অভিনয় কৰা জন উইকৰ কাহিনীটো  জন উইকৰ ঘৰত প্ৰৱেশ কৰি মৰমৰ কুকুৰটো হত্যা কৰি তেওঁৰ গাড়ীখন চুৰি কৰি নিয়া মানুহজনক বিচাৰি কৰা থ্ৰীলাৰধৰ্মী অভিযানক লৈ সৃষ্টি কৰা হৈছিল।।

ইফালে এই জন উইক নিজেও আছিল এজন গেংষ্টাৰ, যি এটা সময়ত গংষ্টাৰৰ গ্ৰুপৰ পৰা ওলাই আহিছিল।

এই জন উইকৰে ২০১৭ আৰু ২০১৯ চনত অন্য দুখন চিকুৱেল ছবি মুক্তি পাইছিল আৰু এই দুখনৰ নাম আছিল ক্ৰমে জন উইক : চেপ্টাৰ২ আৰু জন উইক : চেপ্টাৰ ৩

আশ্বৰ্যজনকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একাউন্ট হেক হোৱাৰ দিনাই অৰ্থাৎ ২ ছেপ্টেম্বৰত জন উইকৰ নাম ভূমিকাত অভিনয় কৰা কেন্যু ৰীভছৰ জন্মদিন।

উল্লেখ্যে যে জন উইক কোড নাম ব্যৱহাৰ কৰা হেকাৰজনে ২.৫ মিলিয়ন ফ্ল’ৱাৰ্ছ থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউন্টটো হেক কৰি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ ক্ৰিপ্টোকাৰেন্সিৰ যোগেদি জনতাৰ পৰা সাহায্য বিচাৰি আবেদন জনাইছিল।