নতুন কৰ’না ভাইৰাছক লৈ বৃদ্ধি পাইছে শংকা; কিন্তু তাৰ মাজতে কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই?

বিশ্ব স্বাস্থ্য সংস্থাৰ নতুন কৰ'না ভাইৰাছ সম্পৰ্কত বক্তব্য

ব্ৰিটেইনত ইতিমধ্যে কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেন বিয়পি পৰিছে। সেইদৰে আন কেইবাখনো দেশত ইয়াৰ অস্তিত্বৰ কথা প্ৰকাশ পাইছে।

কিন্তু কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেনক লৈ বৰ্তমান আতংকিত হোৱাৰ কাৰণ নাই বুলি সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্ব স্বাস্থ্য সংস্থাই আশ্বস্ত কৰিছে যে এই নতুন ভাইৰাছৰ সংক্ৰমণৰ গতি এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা নাই। তদুপৰি, ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ নতুন একো কৰিবলগীয়া নাই।

কোৱা হৈছে যে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে যি পদ্ধতিসমূহ লোৱা হৈছে সেই একেই পদ্ধতিৰেই নতুন ভাইৰাছকো নিয়ন্ত্ৰণ কৰিব পৰা যাব। ইয়াৰ বাবে কঠোৰভাৱে নিয়মসমূহ অনুসৰণ কৰিব লাগিব।

বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে ইতিমধ্যে মুঠ ৩০খন দেসত ব্ৰিটেইনৰ পৰা বিমান চলাচল বন্ধ কৰি দিয়া হৈছে। পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন।

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী বিভাগৰ মুৰব্বী মাইক বায়ানে কয়,’’আগৰ বাৰত বহুক্ষেত্ৰত সংক্ৰমণৰ হাৰ ইয়াতকৈ অধিক আছিল। সেইটোক আমি নিয়ন্ত্ৰণ কৰিব পাৰিছো। গতিকে, সেইফালৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা নাই।‘’

অৱশ্যে, তেওঁ লগতে কয় যে সেইবুলি ইয়াক গুৰুত্ব নিদিয়াকৈ থাকিব নোৱাৰি। আমি এতিয়া যিধৰণে ভাইৰাছৰ মোকাবিলা কৰিছো সেইটোৱে সঠিক পদ্ধতি। আমি সেইটোকে আৰু ভালদৰে কৰিব লাগিব। ভাইৰাছটো অধিক বিপদজনক হ’লেও তাক ৰোধ কৰিব পৰাটো সম্ভৱ।