কোন হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য?: দৌৰত তিনি প্ৰাক্তন ইএম আৰু বিধায়কৰ পুত্ৰ

index.jpg1

কোন হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য? দৌৰত প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য তুলসী বৰদলৈ, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, প্ৰাক্তন অধ্যক্ষ খগেন চন্দ্ৰ বৰদলৈ আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্ৰ মদন দেউৰী। এই লৈ এতিয়া শিবিৰে শিবিৰে অব্যাহত আছে গুণা-গঠা।

উল্লেখ্য যে, কালি ঘোষিত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী ফলাফল অনুসৰি শাসকীয় বিজেপি দলে অভূতপূৰ্ৱ সাফল্য লাভ কৰি পৰিষদৰ ৩৬ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৩৩ খন আসন লাভ কৰি তিৱা স্বায়ত্ত পৰিষদ দখল কৰে।

বিজয় উল্লাসত মত্ত থকা প্ৰাৰ্থীসকলৰ মাজৰ কোনগৰাকী প্ৰাৰ্থীয়ে লোভনীয় মুখ্য কাৰ্যবাহী পদটো লাভ কৰিবলৈ সক্ষম হয় সেই বিষয়টোৱে সম্প্ৰতি চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

পূৰ্বৰ আটাইকেইজন মুখ্য কাৰ্যবাহী  সদস্যৰ বিৰুদ্ধে আছে সীমাহীন দুৰ্নীতি আৰু কেলেংকাৰিৰ অভিযোগ। পৱন মান্তাৰ লগতে তুলসী বৰদলৈ, খগেন চন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈ অহাৰ লগতে প্ৰাক্তন মুখা কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধেও আছে বিয়াগোম দুৰ্নীতি, কেলেংকাৰিৰ লগতে যৌন কেলেংকাৰিৰো অভিযোগ।

সেয়ে ৰমাকান্ত দেউৰীয়ে পুত্ৰ মদন দেউৰীক মুখ্য কাৰ্যবাহী সদস্য হোৱাতো তিৱা জনসাধাৰণে বিচৰা নাই।

ইফালে মুখ্য কাৰ্যবাহীৰ পদটো লাভ কৰাৰ আশাৰে আটাইকেইগৰাকী সদস্যই দলীয়  তথা চৰকাৰৰ শীৰ্ষ মহলৰে সঘন যোগাযোগ অব্যাহত ৰখা বুলিও এটি বিশেষ সূত্ৰই নৰ্থ ইষ্ট নাওৰ আগৰ সদৰী কৰিছে।

আনহাতে, বিগত সময়ত শাসনৰ নামত কেৱল লুণ্ঠন, অবাধ দুৰ্নীতি, কেলেংকাৰিৰে সামগ্ৰিকভাৱে তিৱা পৰিষদখনক অস্থিৰ কৰি সমষ্টি উন্নয়নৰ ফালে পিঠি দি সদস্যসকলে কোৰোনাৰে ৰাইজৰ ধনসমূহ উদৰস্থ কৰিছিল বুলি সবৰ্ত্ৰে চৰ্চা চলিছে।

তেনে ক্ষেত্ৰত নৱ-নিৰ্বাচিত পাৰিষদসকলে ক্ষমতা লাভৰ মোহত আচ্ছন্ন হৈ পূৰ্ৱৰ ধাৰাবাহিকতাকে অক্ষুণ্ণ ৰাখিব নেকি? এনে বহু প্ৰশ্নই এতিয়া পৰিষদৰ অন্তৰ্ভূক্ত সাধাৰাণ ভোটাৰৰ মনত সন্দেহৰ ওপিছে।

উল্লেখ্য যে এখন শক্তিশালী, সৱল নেতৃত্বৰ পৰিষদ গঠনৰ যোগে পিছপৰা জনগোষ্ঠীটোৰ লগতে পৰিষদৰ এলেকাধীন আন জনগোষ্ঠীয় ৰাইজৰ সামগ্ৰীক বিকাশৰ হেতুকে গঠিত তিৱা পৰিষদখনৰ কৰ্মদক্ষতা ওপৰতে নিৰ্ভৰ কৰিছে পৰিষদৰ ভৱিষ্যত।

সেয়ে হয়তু পৰিৱৰ্তনৰ স্বাৰ্থত মধ্য অসমৰ জনসাধাৰণে অভূতপূৰ্ৱ জনাদেশ দি পৰিষদখন গঠনত গেৰুৱা বাহিনীক বিপুলভাৱে সমৰ্থন আগবঢ়াইছিল।

সেই কথা উপলব্ধি কৰি এতিয়া কেনেদৰে নৱ-নিৰ্ৱাচিত পৰিষদখনক দুৰ্নীতিমুক্ত, নিকা পৰিষদ গঠন কৰে সেয়াহে অনাগত সময়ত লক্ষণীয় হ’ব বুলি জিলাখনৰ ৰাজনৈতিক বিশ্লেষক মহলত মাজত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।