NORTHEAST NOW (Assamese)

কোন হ’ব ৰতন সাম্ৰাজ্যৰ উত্তৰাধিকাৰী! টাটা ন্যাসে জনালে নতুন অধ্যক্ষৰ নাম

October 11, 2024 3:43 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বোপাককাৰ দিনতে আৰম্ভ হোৱা টাটা গ্ৰুপৰ ব্যৱসায়ক সমগ্ৰ বিশ্বলৈ লৈ গৈছিল ৰতন নাভাল টাটাই।

কেৱল ব্যৱসায় বা উদ্যোগৰ বাবেই নহয় মানুহৰ ত্ৰাণকৰ্তা আৰু সৰল ব্যক্তিত্বৰ বাবে পৰিচিত আছিল ৰতন টাটা।

যোৱা বুধবাৰে ৮৬ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট উদ্যোগপতি তথা টাটা গোটৰ অধ্যক্ষগৰাকীয়ে। উল্লেখ কৰাৰ প্ৰয়োজন নাই যে অবিবাহিত আছিল ৰতন টাটা। গতিকে, পৈত্তিক সম্পত্তি হিচাপে কাৰো উত্তৰাধিকাৰ নাই ৰতন টাটাৰ সম্পত্তিৰ ওপৰত।

ৰতন টাটাৰ মৃত্যুৰ পিছতেই উত্থাপন হয় এই প্ৰশ্নটো – কোন হ’ব ৰতন টাটাই এৰি থৈ যোৱা মহান ব্যৱসায়িক সাম্ৰাজ্যৰ উত্তৰাধিকাৰী?

শুকুৰবাৰে এই প্ৰশ্নৰ উত্তৰ দিলে টাটা ন্যাসে। ৰতন টাটাৰ ভাতৃ নোৱেল টাটাক টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ন্যাসৰ সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related News