কিয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰি দিল্লীলৈ গ’ল নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুষ্মিতা দেব?

EvPfmf1UYAQC2A_

সুষ্মিতা দেব। ফটো সৌজন্য: টুইটাৰ।

নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ সুষ্মিতা দেবে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱাৰ পাছতে এইদৰে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে সুষ্মিতা দেবে।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতে দিল্লীলৈ যাত্ৰা কৰিছে বৰাকৰ জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন সাংসদ গৰাকীয়ে।

কিন্তু কিয় হঠাতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে সুষ্মিতা দেবে?

জানিব পৰা মতে, কংগ্ৰেছে চূড়ান্ত কৰা প্ৰাৰ্থী তালিকাত বৰাকত সুষ্মিতা দেবে আগবঢ়োৱা তালিকাক গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে নেত্ৰীগৰাকীয়ে।

আনহাতে, বৰাকত কংগ্ৰেছে এআইয়ুডিএফক অধিক আসন এৰি দিয়াৰো বিৰোধিতা কৰিছিল সুষ্মিতা দেবে।

সেইদৰে বৰাকৰ বৰখলা সমষ্টিত ৰুমী নাথক প্ৰাৰ্থিত্ব দিয়াৰো বিৰোধিতা কৰিছিল সুষ্মিতাই।

কিন্তু নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে উত্থাপন কৰা বিষয়সমূহক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিয়েই সুষ্মিতাই পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে।

অৱশ্যে, সুষ্মিতা দেবে নতুন দিল্লীত গৈ কংগ্ৰেছ হাইকামাণ্ড ছোনিয়া গান্ধী তথা ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পাছত পৰিস্থিতি সলনি হোৱাৰ কথাটো নুই কৰিব নোৱাৰি।

ইপিনে, কংগ্ৰেছ সাংসদ তথা অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে বিশেষ দায়িত্ব লাভ কৰা প্ৰদ্যুৎ বৰদলৈয়ে সুষ্মিতা দেবৰ পদত্যাগৰ বাতিৰ অস্বীকাৰ কৰি ইয়াক এক ভুৱা প্ৰচাৰ বুলি অভিহিত কৰিছে।