হৃদয় এনেকৈয়ে ভাগিল যে আন কাকোৱেই ভাল পাব নোৱাৰিলে ৰতন টাটাই। অবিবাহিত হৈ থাকিল আজীৱন। কেইবা হাজাৰ কোটি টকাৰ সম্পত্তিৰ গৰাকী হৈও এগৰাকী প্ৰেমিকাৰ বাবে কাকো বিয়া নকৰালে ৰতন টাটাই। আজীৱন নিসংগতাৰ মাজৰেই পাৰ কৰিলে।
যোৱা ৯ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰে টাটা গ্ৰুপৰ মূৰব্বী গৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।
ৰতন টাটাৰ মৃত্যুৰ খবৰে কঁপাই তুলিলে ভাৰতবাসীক। ব্যৱসায়ীক সফলতাৰ শিখৰত আছিল ৰতন টাটা। তথাপিও তেওঁৰ কোনো অহংকাৰ নাছিল। সততা আৰু দয়া তেওঁৰ ধৰ্ম আছিল। কোনো শত্ৰু নথকা মানুহ আছিল ৰতন টাটা।
ডেকা কালতে এগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল ৰতন টাটা। তেতিয়া ৰতন টাটা আছিল বিদেশত। তাতে চিনাকী হৈছিল যুৱতীগৰাকীৰ লগত। বিয়া ঠিক হৈছিল যুৱতীগৰাকীৰ লগত। কিন্তু ৰতন টাটাৰ আইতাকৰ স্বাস্থ্যৰ অৱস্থা বেয়া হোৱাৰ বাবে বিদেশৰ পৰা ঘৰলৈ গুচি আহিছিল টাটা।
ৰতন টাটাৰ প্ৰেমিকাইয়ো ভাৰতলৈ আহিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই সময়ত ভাৰত-চীন যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধই সলনি কৰি দিছিল ৰতন টাটাৰ জীৱন। যুদ্ধৰ পৰিস্থিতিৰ বাবে ভাৰতলৈ আহিব পৰা নাছিল ৰতন টাটাৰ বাকদত্তা।
ভাৰত-চীন যুদ্ধৰ বাবে পিতৃ-মাতৃয়ে যুৱতীগৰাকীক ভাৰতলৈ পঠিয়াবলৈ সন্মত হোৱা নাছিল। গতিকে বিয়াখন প্ৰায় ঠিক হৈছিলেই যদিও সম্পৰ্কটো অতি কৰুণভাৱে ভাঙি যায়।
অৱশ্যে তাৰ পিছত কেইবাবাৰো প্ৰেমত পৰিছে ৰতন টাটা। এসময়ত তেওঁৰ প্ৰেমিকা আছিল বলীউডৰ অভিনেত্ৰী ছিমি গৰেৱাল। তেওঁলোকৰ সম্পৰ্ক কেইবাবছৰ ধৰি চলিছিল। কিন্তু অজ্ঞাত কাৰণত ছিমি আৰু টাটাৰ বিয়া হোৱা নাছিল। কিন্তু তেওঁলোকৰ মাজৰ বন্ধুত্ব অটুট আছিল।