কিয় চন্দ্ৰত মানুহৰ খোজৰ চিহ্ন কেতিয়াও মচা নাযায় ?

moon-facts-footprints

চন্দ্ৰত মানুহৰ খোজৰ চিহ্ন। উৎস-ইণ্টাৰনেট

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি চন্দ্ৰৰ বুকুলৈ সফলভাৱে দ্বিতীয়টো অভিযানৰ আৰম্ভণি কৰে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰি কোটাৰ পৰা দুপৰীয়া চন্দ্ৰযান-২ পৃথিৱীৰ কক্ষপথলৈ উৰা মাৰে।

চন্দ্ৰৰ বুকুত থকা ৰহস্য ভেদ কৰাৰ বাবে মানুহে বহু দিন পূৰ্বৰে পৰা চেষ্টা কৰি আহিছে। নীল আলৰ্মষ্ট্ৰং আৰু এডুইন এল্ড্ৰিনে প্ৰথম চন্দ্ৰৰ বুকুলৈ পৃথিৱীৰ পৰা যাত্ৰা কৰি ভৰি থৈছিল।

চন্দ্ৰত মানুহৰ খোজৰ দৃশ্যই মানৱ সভত্যাৰ জয়গানৰ পৰিচয় বহন কৰি আছে চন্দ্ৰ পৃষ্ঠত। এতিয়া কথাটো হ’ল চন্দ্ৰ পৃষ্ঠৰ পৰা মানুহৰ প্ৰথম খোজৰ চিহ্ন কিয় কেতিয়াও নোহোৱা নহয়?

চন্দ্ৰৰ আকাৰ পৃথিৱীৰ আকাৰৰ তিনিভাগৰ এভাগ। চন্দ্ৰৰ ব্যাস হ’ল ৩,৪৭৬ কিলোমিটাৰ আৰু পৃথিৱীৰ ব্যাস হ’ল ১২,৭৪২ কিলোমিটাৰ।

পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব হ’ল ৩,৮৪,৪০০ কিলোমিটাৰ।

চন্দ্ৰ পৃষ্ঠত আপোনাৰ ওজন কিয় হ্ৰাস পায়? ধৰাহ’ল পৃথিৱী পৃষ্ঠত আপোনাৰ ওজন ৬০ কিলোগ্ৰাম তেতিয়াহ’লে চন্দ্ৰ পৃষ্ঠত আপোনাৰ ওজন হ’ব ১০ কিলোগ্ৰাম। কাৰণ চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিতকৈ ছয়গুণ কম।

এতিয়া দৰকাৰী কথাটো হ’ল চন্দ্ৰ পৃষ্ঠত পঞ্চাশ বছৰ পূৰ্বে পৰা মানুহৰ পদ চিহ্ন কিয় কেতিয়াও নোহোৱা নহয়?

ইয়াৰ কাৰণ হ’ল চন্দ্ৰত পানী আৰু বায়ু নাই যাৰ বাবে চন্দ্ৰ পৃষ্ঠৰ মানুহৰ পদ চিহ্ন কেতিয়াও নোহোৱা নহয়।