কিয় বিৰোধী ৰাজনৈতিক দলকহে অধিক পৰামৰ্শ দিবলৈ উঠি-পৰি লাগিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

বিজেপিক পৰাজিত কৰিবলৈ নেকি হিমন্ত বিশ্বৰ বিৰোধী ৰাজনৈতিক দলক টিপ্পনী?

0b3d4b66-4e9d-4dc4-a050-ce90bd302a40

বিৰোধী ৰাজনৈতিক দল বিশেষকৈ কংগ্ৰেছ, AIUDF, অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মৰ্চা, ৰাইজৰ দললৈহে বেছিকৈ পৰামৰ্শ দিবলৈ আৰম্ভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বাতৰিটোৰ আৰম্ভণিতে উল্লেখ কৰো যে ২০১৩-১৪ চনৰ পৰা কংগ্ৰেছৰ বিৰোধিতা আওপকীয়াকৈ হ’লেও কৰিবলৈ আৰম্ভ কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে ২০১৫ চনৰ শেষৰ ফালে বিজেপিত যোগদান কৰি ২০১৬ ত শাসনৰ গাদী দখল কৰি দ্বিতীয় পৰ্যায়ৰ হ’লেও সকলো ক্ষেত্ৰতে সৰ্বে-সৰ্বা হৈ পৰিছিল মন্ত্ৰীগৰাকী।

ভিন্ন সময়ত ভিন্ন মত দি অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কৰি অহা মন্তব্যৰ বিভিন্ন সময়ত মতবিৰোধ দেখিবলৈ পোৱা যায়।

ঠিক সেইদৰে ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া আওপকীয়াকৈ হ’লেও বিৰোধী ৰাজনৈতিক দলকহে যেন পৰামৰ্শৰে একপ্ৰকাৰ সমৰ্থন জনোৱা দেখিবলৈ পোৱা গৈছে।

ইপিনে, কৃষক নেতা অখিল গগৈ, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ যদি একত্ৰিত হয় তেন্তে বিজেপিৰ বিৰুদ্ধে এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি ছ’চিয়েল মেডিয়া নাইবা সচেতন মহলত বিষয়টো চৰ্চিত হৈছে। ঠিক সেইদৰে কংগ্ৰেছৰ মহলতো বিষয়টো চৰ্চিত হৈছে তথা তেওঁলোকেও বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আঞ্চলিক ৰাজনৈতিক শক্তিৰ সৈতে একত্ৰিত হোৱাটো মনে-প্ৰাণে বিচাৰে।

ছ’চিয়েল মেডিয়াত হোৱা আলোচনা তথা কংগ্ৰেছৰ শিবিৰত হোৱা এই চৰ্চাকে যেন আওপকীয়াকৈ হ’লেও সমৰ্থন জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁৱো তিনিওগৰাকী গগৈলৈ আহ্বান জনাই আজি সংবাদ মাধ্যমৰ আগত কয় ‘গৌৰৱ গগৈলৈ আহ্বান অখিল গগৈ, লুৰীণজ্যোতি গগৈৰ সৈতে একত্ৰিত হওঁক। বাকী গগৈসকল আমাৰ লগত আছেই।‘

ইপিনে, কংগ্ৰেছৰ লগত একত্ৰিত নোহোৱাৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে অজাপ, ৰাইজৰ দলক বিজেপিৰ বি-টিম হিচাপে ৰাইজে গণ্য কৰিব বুলি মন্তব্য কৰিছিল।

প্ৰদ্যুৎ বৰদলৈৰ সেই মন্তব্যকো যেন একপ্ৰকাৰ সমৰ্থন জনালে প্ৰতাপী মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘তেওঁলোক তিনিও যদি একেলগ নহয় তেতিয়াহ’লে বিজেপিৰ বি-টীম, টি টীম এইবোৰ বেছিকৈ ক’ব। সেয়েহে মই তেওঁলোকক অনুৰোধ কৰিম অখিল গগৈ, গৌৰৱ গগৈ, লুৰীণ গগৈ, অজিত ভুঞা, কংগ্ৰেছ আৰু AIUDF একেলগ হ’ব লাগে।‘

ইপিনে, বিৰোধী শিৱিৰত ভোট বিভাজন হ’লে বিজেপিৰহে লাভ হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

আনহাতে, ‘পৰামৰ্শ দিব নাপাই যদিও’ হিমন্তই পুনৰ বাৰ কয় ‘অজিত ভুঞাৰ ভাষাৰেই কওঁ সকলো একেলগ হওঁক। ইয়াতকৈ ভাল পৰামৰ্শ মোৰ পৰা তেওঁলোকে আশা কৰিব নোৱাৰে।‘

তদুপৰি, হাগ্ৰামা মহিলাৰীকো তেওঁ এই গোটসমূহৰ সৈতে একেলগ হ’বলৈ আহ্বান জনায়।

ইপিনে, আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভুঞাৰ সৈতে কথা তথা মত মিলে বুলি সদৰী কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ‘গোটেই বিৰোধী ৰাজনৈতিক দল বিলাক একত্ৰিত হ’ব লাগে বুলি তেওঁৰ দৰে ময়ো বিচাৰো। এখন মঞ্চত আহি বিজেপিৰ লগত ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে।

তাৎপযপূৰ্ণভাৱে, সংখ্যালঘু মুছলমানৰ সমৰ্থনৰে ২০২১ত বিজয় যাত্ৰা সম্ভৱ কৰি তুলিবলৈ উঠি পৰি লগা বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ‘সবকা সাথ সবকা বিকাশ’ বক্তব্যৰো যেন বিৰোধী হিচাপে পৰিচয় দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আমি বাতৰিটোত এইবাবেই এই কথা উল্লেখ কৰিছো যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিভিন্ন সময়ত কৈ আহিছিল ‘মুছলমান মানেই কংগ্ৰেছ বা AIUDF  নহয়। আমি সকলোৰে লগত সকলোৰে উন্নয়ন বা বিকাশ হোৱাটো বিচাৰো। বিবেকবান মুছলমান লোকে উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিব।‘

কিন্তু বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ মতৰ বিৰুদ্ধে গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ‘মিঞা মুছলমানে বিজেপিক ভোট কেতিয়াও নিদিয়ে। ২০১৪ চনৰ লোকসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে আমাক ভোট দিয়া নাই। মিঞা মুছলমানে কংগ্ৰেছ-AIUDF ৰ মিত্ৰজোঁটক ভোট দিব।‘

ইপিনে, মিঞা-মুছলমানে কিয় বিজেপিক ভোট নিদিয়ে তাৰো বাখ্যা আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় ‘তেওঁলোক বিজেপিৰ ওপৰত বিশ্বাস নহয়। তেওঁলোকৰ নিজা এজেণ্ডা আছে। আমিতো শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম বনাব নিদিওঁ বা মিঞা কবিতা লিখিব নিদিওঁ। গতিকে তেওঁলোকে বিজেপিক কিয় ভোট দিব?’

আনহাতে, মিঞা মুছলমান অধ্যুষিত অঞ্চলত বিজেপিয়ে ‘জয়ী নহ’ব’ৰ বাবেহে প্ৰাৰ্থী থিয় কৰাব বুলি হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি লগতে কয় ‘মিঞা সভ্যতাৰ লগত নথকা এচাম লোকৰ ভোট দিয়াৰ তৃপ্তিৰ বাবেহে প্ৰাৰ্থী থাকিব।‘

বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্য বা বিজেপিৰ মিছনৰ বিৰুদ্ধে কিয় মন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰা আৰম্ভ কৰিছে সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।