আজি কেইদিনমান আগতে প্ৰাসংগিক প্ৰশ্নত অসমীয়া জাতীয়তাবাদ কেনেকৈ ব্যৰ্থ হৈছে সেই বিষয়ে আলোচনা কৰিছিলোঁ।আজি আকৌ জাতীয়তাবাদৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ।কিন্তু কেৱল অসমীয়া জাতীয়তাবাদৰ বিষয়ে নহয়, সাধাৰণভাবে জাতীয়তাবাদৰ বিষয়ে।
জাতীয়তাবাদ, ইতিহাস,ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান আদিৰ অধ্যয়নৰ বিষয়।জাতীয়তাবাদৰ কাৰণে বিশ্বত কিমান যুদ্ধ লাগিছে? ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্য এক নাম আছিল ভাৰতৰ জাতীয় সংগ্ৰাম।অসমৰ ৰাজনীতিত কিয় এতিয়াও জাতীয়তাবাদ প্ৰাসংগিক? বিজেপিয়ে হিন্দুত্বৰ কথা কয়। কিন্তু তাৰ লগতে তেওঁলোকে ভাৰতীয় জাতীয়তাবাদকো সাঙুৰি নলয় জানো? তেওঁলোকৰ অখণ্ড ভাৰতৰ ধ্বনি জাতীয়তাবাদী ধ্বনি নহয়নে?
কমিউনিষ্ট সকলে আন্তৰ্জাতিকতাবাদৰ কথা কয়। কিন্তু এসময়ত ভিয়েটনাম আৰু কম্বোডিয়া, দুখন কমিউনিষ্ট ৰাষ্ট্ৰৰ মাজতো যুদ্ধ লাগিছিল।ঠিক তেনেদৰে চীন আৰু ভিয়েটনামৰ মাজতো যুদ্ধ হৈছিল যদিও দুয়োখনেই কমিউনিষ্ট দেশ আছিল।গতিকে আন্তৰ্জাতিকতাবাদী মতবাদত বিশ্বাসী দেশেও জাতীয়তাবাদী যুদ্ধত অৱতীৰ্ণ হৈছিল।এই ক্ষেত্ৰত বিখ্যাত ইতিহাসবিদ এৰিক হবচবমে ‘New Left Review’ৰ ‘The Break-up of Britain’ নামৰ প্ৰবন্ধটোত কোৱা কথাটো মনকৰিবলগীয়া। ‘মাৰ্ক্সবাদী আন্দোলন বা ৰাষ্ট্ৰ সমূহৰ চৰিত্ৰ দেখাতে নহয় প্ৰকৃততে জাতীয়তাবাদী। ভৱিষ্যতলৈও ইয়াৰ অন্যথা হোৱাৰ কোনো লক্ষণ দেখা নাই।’(Marxists movements and states have tended to become national not only in form but in substance, i.e. nationalist. There is nothing to suggest that this trend will not continue.’ এই ক্ষেত্ৰত বেনেডিক্ট্ এণ্ডাৰচনে তেওঁৰ বিখ্যাত গ্ৰন্থ ‘Imagined Communities: Reflections On The Origin And Spread Of Nationalism’ ত কৈছেঃ ‘বাস্তৱ অৱস্থাটো অতি স্পষ্ট। জাতীয়তাবাদী যুগৰ অন্ত হ’ব বুলি ইমানদিনে ভৱিষ্যত বাণী কৰি থকা হৈছে।কিন্তু কেতিয়া সেই শেষটো আহিব তাৰ সামান্য ইংগিতো এতিয়ালৈকে আমি পোৱা নাই।তাৰ বিপৰীতে জাতীয়তাহে সাম্প্ৰতিক সময়ৰ আটাইতকৈ বৈধ ৰাজনৈতিক মূল্যবোধ হৈ পৰিছে।’ (The reality is quite plain: the ‘end of the era of nationalism’, so long prophesied ,is not remotely in sight.Indeed, nation-ness is the most universally legitimate value in the political life of our time.) গতিকে জাতীয়তাবাদী ধ্যান ধাৰণাৰ অৱলুপ্তি নঘটে, সি তিস্থি থাকিব।
কিন্তু জাতীয়তাবাদ বস্তুটো কি? এণ্ডাৰচনেই কৈছে যে এতিয়ালৈকে কোনেও জাতীয়তাবাদৰ গ্ৰহণযোগ্য সংজ্ঞা এটা দিব পৰা নাই।তাৰ এটা কাৰণ হৈছে জাতীয়তাবাদী ধাৰণাটোও যেন সময়ে সময়ে পৰিবৰ্তিত হৈ আছে। কিন্তু কোনোবাই সংজ্ঞা দিয়ক বা নিদিয়ক জাতীয়তাবাদৰ ধাৰণাটো যে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ধাৰণা তাত কোনো সন্দেহ নাই।মই ভাবোঁ জাতীয়তাবাদৰ দুটা দিশ- এটা ৰাজনৈতিক আৰু আনটো সাংস্কৃতিক।আচলতে জাতীয়তাবাদৰ উৎপত্তি এই সাংস্কৃতিক উপাদানটোৰ পৰাহে। এই কথাটো অলপ দকৈ ভবাৰ প্ৰয়োজন।
সংস্কৃতিক আমি কি ধৰণে ব্যাখ্যা কৰোঁ? সংস্কৃতিক সাধাৰণতে জীৱন ধাৰণৰ প্ৰণালী বা পদ্ধতি বুলি কোৱা হয়।এই ক্ষেত্ৰত কেইটামান কথা মনকৰা দৰকাৰ।সংস্কৃতিৰ লগত জলবায়ু, এটা ভৌগলিক অঞ্চল আৰু এটা নৃতাত্তিক কথাও জড়িত।তাত ভাষাৰ কথাটোও আহিব বা ৰাজনৈতিক শাসন আৰু ধৰ্মীয় উপাদানৰ কথাও আহিব পাৰে বা পৰিবেশতন্ত্ৰৰ দৰে অন্য অনুষংগিক কথাও আহিব পাৰে।এই আটাইবোৰ এটা সম্প্ৰদায়ৰ ভিতৰৰ মানুহবোৰত কম বেছি পৰিমাণে দেখা যায়। সি তেওঁলোকৰ অস্তিত্বৰ অংশহৈ পৰে। তেওঁলোক সকলোৱে নিজকে তাৰ ভিতৰুৱা বুলি গণ্য কৰে। তাকে বেনেডিক এণ্ডাৰচনে ‘Imagined Communities’ বুলি কৈছে। এই সাংস্কৃতিক পৰিচয়টোত ধনী-দুখীয়াৰ শ্রেণী প্ৰভেদ নাই।শ্ৰেণীৰ প্ৰশ্নটো উহ্য থকা বাবেই সাধাৰণতে পৰিচয় কেন্দ্ৰীক ৰাজনৈতিক আন্দোলনৰ দ্বাৰা সেই সম্প্ৰদায়ৰ ধনিক শ্ৰেণীটোহে উপকৃত হয়। কিন্তু তাৰ কিছুমান সাৰ্বিক চৰিত্ৰও আছে।তাৰ সুস্পষ্ট প্ৰমাণ ভাৰতৰ স্বাধীনতা আন্দোলন।
ভাৰতৰ স্বাধীনতা আন্দোলন আছিল ভাৰতৰ জাতীয় সংগ্ৰাম।দাদাভাই নৌৰজী(১৮২৫-১৯১৭)ৰ ‘Poverty and un-British rule in India’ আৰু ৰমেশ চন্দ্ৰ দত্ত(১৮৪৮-১৯০৯)ৰ ‘The Economic History of India’ আদি কিতাপত বা তেনে আন কিতাপত ভাৰতত বৃটিছৰ অৰ্থনৈতিক শোষণৰ বিষয়টো বিশদভাবে আলোচনা কৰা হৈছিল।গান্ধীজী এই আলোচনা বোৰৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছিল।সময়ত গান্ধীজীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিদেশী সামগ্ৰী বৰ্জন কৰা স্বদেশী আন্দোলন গঢ়ি উঠিছিল। গতিকে দেশে স্বাধীনতা লাভ কৰাৰ পিছত কেৱল যে ধনীক শ্ৰেণীটোৱে তাৰ দ্বাৰা উপকৃত হৈছিল তেনে নহয় দেশৰ সকলো অংশৰ জনসাধাৰণ কম বেছি পৰিমাণে তাৰ দ্বাৰ উপকৃত হৈছিল। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট ব্যক্তি স্বাধীনতা, অৰ্থনৈতিক সমতা আৰু ভাতৃত্ববোধৰ কথাবোৰ দেশৰ সকলো অংশৰ জনসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ আছিল।গতিকে কবি গুৰু ৰবীন্দ্ৰনাথে তেওঁৰ ‘Nationalism’ নামৰ কিতাপত জাপান আৰু প্ৰাশ্চাত্যৰ আগ্ৰাসী জাতীয়তাবাদক কঠোৰভাবে সমালোচনা কৰিছে যদিও, বা জাতীয়তাবাদৰ ৰক্তাক্ত ইতিহাস সত্বেও জাতীয়তাবাদৰ এটা ইতিবাচক দিশো আছে।
আনহাতে আটাইতকৈ ডাঙৰ কথাটো হৈছে, আগতে উল্লেখ কৰাৰ দৰে, জাতীয়তাবাদ প্ৰায় প্ৰতিজন ব্যক্তিৰে সত্তাৰ ভিতৰুৱা, অস্তিত্বৰ ভিতৰুৱা।সেই কাৰণেই প্ৰবাসী সকলেও নিজৰ জাতীয়তাবাদী সত্ত্বাৰ দ্বাৰা উদ্বেলিত হয়। সেইকাৰণেই অসমত জাতীয়তাবাদী আন্দোলনৰ শোচনীয় ব্যৰ্থতা সত্বেও এতিয়াও অসমীয়া পৰিচয়ে, অসমীয়া জাতীয়তাবাদে মানুহক আকৰ্ষিত কৰে।বিজেপিয়ে এনেয়ে জাতি মাটি ভেটিৰ ধ্বনি দিছিলনে?
যদিও সি আছিল তেওঁলোকৰ এক ডাঙৰ ভণ্ডামী।ভাৰতততো বিজেপিয়ে এতিয়া কেৱল হিন্দুত্ব আৰু অখণ্ড ভাৰতৰ কথা কৈয়ে মানুহক ভুলাই আছে।গতিকে ভাৰতৰ বাবেই প্ৰস্তুত কৰা হওক, বা অসমৰে বাবেই প্ৰস্তুত কৰা হওক যি কোনো কাৰ্যসূচীতে এটা জাতীয়তাবাদী উপাদান থাকিবই লাগিব, কিয়নো জাতীয়তাবাদৰ এতিয়াও, আমাৰ সকলোৰে বাবে এটা আবেদন আছে।কিন্তু সেই জাতীয়তাবাদী কাৰ্যসূচীৰ লক্ষ্য আন কাৰোবাক তেওঁলোকৰ হক আৰু অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ব নালাগিব।আৰু যিমান পাৰে সি সকলোকে সামৰি লোৱা হ’ব লাগিব।সি গণতান্ত্ৰিক হ’ব লাগিব।সি কেৱল আবেগ সৰ্বোচ্চ হ’ব নালাগিব।