• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

পশ্চিম এছিয়া কিয় অশান্ত হৈ পৰিছে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
October 5, 2024 9:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম এছিয়া এতিয়া পৃথিৱীৰ ভিতৰতে আটাইতকৈ অশান্ত দেশ হ’বলৈ গৈ আছে।পশ্চিম এছিয়া মানে ইজৰাইল, পেলেষ্টাইন, লেবানন, জৰ্দান, ছিৰিয়া, ইৰাক, ইৰাণ, চৌদি আৰব আদি দেশ বোৰ।

কালিৰ খবৰ মতে লেবাননৰ বেইৰুট চহৰত ইজৰাইলী জেট আক্ৰমণৰ ফলত ২০০০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু তাৰ ভিতৰত ১২৭ টি শিশু আৰু ২৬১ গৰাকী মহিলা আছে। এই আক্ৰমণৰ ফলত জৰ্দান নদীৰ পশ্চিম পাৰত প্ৰায় ১৬ জন পেলাষ্টাইনী লোকৰো মৃত্যু হৈছে। তাৰ মাজত হামাচৰ এজন নেতাও আছে।

যোৱা বছৰৰ ৭ অক্টোৱৰৰ পৰা এতিয়ালৈকে সেই অঞ্চলত প্ৰায় প্ৰতিদিনে এনে হত্যা আৰু ধংসৰ ঘটনা ঘটি আছে।কি আচৰিত কথা যে আমাৰ জ্ঞাতসাৰে পৃথিৱীৰ এটা অঞ্চলত দিনে ৰাতিয়ে বিৰামহীনভাবে এনে হত্যা আৰু ধংস যজ্ঞ চলি আহিছে।

এতিয়ালৈকে ইজৰাইলী আক্ৰমণৰ ফলত প্ৰায় পঞ্চাচ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু প্ৰায় এক লাখ লোক ঘূণীয়া হৈছে। আনফালে যোৱা বছৰৰ সাত অক্টোৱৰৰ দিনা হামাচে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণত ১৪০০ লোক নিহত হৈছিল আৰু হামাচে ২০০ লোকক পণবন্দী কৰি ধৰি লৈ গৈছিল। শেহতীয়াকৈ, যোৱা ৰবিবাৰে ইজৰাইলে লেবাননত আক্ৰমণ চলাই হিজবুল্লাৰ কেইবা গৰাকীও গুৰুত্বপূৰ্ণ নেতাক হত্যা কৰে আৰু এক বিস্তৃত অঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা বোমা বৰ্ষণেৰে চূৰ্ণ-বিচূৰ্ণ কৰি পেলায়।

পশ্চিম এছিয়াৰ এই উত্তপ্ত পৰিস্থিতিত ইমান দিনে ইৰাণ নীৰৱ হৈ আছিল।কিন্তু যোৱা ৰবিবাৰে ইজৰাইলৰ লেবানন আক্ৰমণৰ পিছত ইৰাণৰ ধৰ্যচ্যুতি ঘটে আৰু তেওঁলোকে ২০০ মিচাইলেৰে ইজৰাইলৰ অস্ত্ৰ ঘাটিত আক্ৰমণ চলায়। ইৰাণৰ মিচাইল আত্ৰমণৰ পিছতে পশ্চিম এছিয়াৰ পৰিস্থিতিয়ে এক নতুন মোৰ লয়।

অধিক উত্তেজিত হৈ পৰে।যোৱা বছৰৰ ৭ অক্টোৱৰৰ দিনাৰ ঘটনাৰ পৰাই গম পাইছিলোঁ যে পশ্চিম এচিয়া আকৌ অশান্ত,উত্তপ্ত হৈ পৰিব।কিন্তু এইখিনিতে এটা কথা কৈ থোৱা উচিত। হামাচে কোনো কাৰণ-পূৰণ নোহোৱাকৈ ফূৰ্তিতে আচম্বিতে ইজৰাইল আক্ৰমণ কৰা নাছিল? আজি কিমান দশকজুৰি ইজৰাইলে হোৱাই নোহোৱাই পেলাইষ্টাইনী জনসাধাৰণৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ, উৎপীড়ণ চলাই আহিছে।নিজৰ জন্মভূমিতে তেওঁলোকক গৃহহাৰা হৈ পৰিছে। আজি অলপ কালি অলপকৈ জোৰজৱৰদস্তি তেওঁলোকৰ মাটি ইজৰাইলে দখল কৰিছে।গাজাক এক বধ্যভূমিলৈ ৰূপান্তৰিত কৰা হৈছে।গতিকে ইজৰাইলৰ অত্যাচাৰত ৰ’ব নোৱাৰিহে হামাচে তেওঁলোকৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰিছিল।তাৰ অৰ্থ এইটো নহয় যে হামাচে ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণ সমৰ্থনযোগ্য আছিল।পৰৱৰ্তী পৰিস্থিতিয়ে তাকে প্ৰমাণ কৰিছে।

ইজৰাইল-পেলাষ্টানিয়ান সমস্যাটোৰ পটভূমিটোও আমি জনা উচিত। এই বিষয়ে প্ৰখ্যাত পণ্ডিত আৰু পাবলিক ইন্টালেকচুৱেল এডোৱাৰ্ড চাইডে বিস্তাৰিতভাবে আলোচনা কৰিছে।ইংলেণ্ড আৰু আমেৰিকাই মধ্য-প্ৰাচ্যৰ ভূৰাজনীতি নিয়ন্ত্ৰণ কৰিবলৈ, বিশেষকৈ অঞ্চলটোৰ খাৰুৱাতেলৰ ওপৰত চকু ৰাখিয়ে ১৯৪৮ চনত আৰৱ ৰাষ্ট্ৰ সমূহৰ মাজত ইজৰাইল ৰাষ্ট্ৰৰ জন্ম দিছিল। সেই তেতিয়াৰেপৰা পেলেষ্টাইনী সকল নিজৰ ঠাইতে ভগনীয়া হোৱা নাই জানো?

তেওঁলোকক ঠেলি ঠেলি গাজা আৰু জৰ্দন নদীৰ পশ্চিম পাৰত সীমাবদ্ধ কৰি পেলোৱা হ’ল। তাতো হকে বিহকে ইজৰাইলৰ অত্যাচাৰ। মাজে মাজে পেলেষ্টাইনী সন্ত্রাসবাদী সকলে অতর্কিতে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি এই অত্যাচাৰৰ পোতক লয়। তেতিয়া ইজৰাইলে সমগ্র পেলেষ্টাইনবাসীৰ ওপৰত অবর্ণনীয় অত্যাচাৰ নমাই আনে।

যোৱা বছৰ অক্টোৱৰতো সেইটোৱেই হৈছিল।এতিয়া এই আক্ৰমণ প্ৰত্যাক্ৰমণত ইৰাণ জড়িত হোৱাৰ লগে লগে ই গোটেই পৰিস্থিতিটোকে এটা বেলেগ মাত্ৰা প্ৰদান কৰিছে।আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে লেবাননত হিজবুল্লাৰ ওপৰত কৰা ইজৰাইলী আক্ৰমণেহে ইৰাণক এই উত্তেজনাত জড়িত হ’বলৈ বাধ্য কৰিছে। ইতিমধ্যে কাতাৰৰ যোগেদি ইৰাণে আমেৰিকালৈ বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকে পশ্চিম এচিয়াত এখন আঞ্চলিক যুদ্ধ নিবিচাৰে।কিন্তু ইতিমধ্যে ইৰাণ এই উত্তেজনাত জড়িত হৈ পৰিছে।

তেওঁলোকে ইজৰাইলৰ লগত যুদ্ধ কৰিবলৈ প্ৰস্তুত হৈ পৰিছে।ইজৰাইলে ৰণ হুংকাৰ দি কৈছে যে প্ৰয়োজনত তেওঁলোকে পশ্চিম এচিয়াৰ যি কোনো মুচলিম দেশ আক্ৰমণ কৰিবলৈ কুন্ঠাবোধ নকৰিব। ইজৰাইলে ইৰাণৰ তৈল ঘাটিত আক্ৰমণ কৰি ইৰাণৰ মিচাইল আক্ৰমণৰ প্ৰতুত্তৰ দিব বুলি ইৰাণক হুমকি দিছে। এই পৰিস্থিতি যদি অপৰ্ৱৰ্তিতহৈ থাকে ইয়াৰ প্ৰভাৱ কেৱল পশ্চিম এচিয়াই নহয় সমগ্ৰ বিশ্বৰ ৰাজনীতি আৰু অৰ্থনীতৰ ওপৰতে পৰিব।

ভাৰতো ইয়াৰ পৰা সাৰি নাযাব।ভাৰত দুই ধৰণে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব। ভাৰতৰ লাখ লাখ লোক মধ্য প্ৰাচ্যৰ বিভিন্ন দেশত কৰ্মৰতহৈ আছে। তেওঁলোকে তাৰ পৰা পঠিওৱা পইছাই আমাৰ দেশৰ অৰ্থনীতি টনকিয়াল কৰিছে।পশ্চিম এছিয়াত লগা যুদ্ধৰ ফলত সেই লোক সকলে যদি কাম হেৰুৱাই ঘৰলৈ গুচি আহিব লগা হয়, এক বৃহৎ উপাৰ্জনৰ পৰা ভাৰত বঞ্চিত নহ’বনে? আৰু ভাৰতলৈ ঘূৰি আহি তেওঁলোক নিশাটোৰ ভিতৰতে নিবনুৱা হৈ নপৰিবনে?

সেইটো এটা আৰু আনটো হ’ল ইজৰাইলে যে ইৰাণৰ তৈলখাদত আক্ৰমণ কৰাৰ কথা কৈছে , সেইটো হ’লে পেট্ৰ’লজাত সামগ্ৰীৰ দাম হোৰহোৱাই নাবাঢ়িবনে? ভাৰতে যিহেতু ৩০% পেট্ৰলজাত সামগ্ৰী বিদেশৰ পৰা আমদানী কৰে তেতিয়া ভাৰতৰ অৱস্থা কি হ’ব। অকল ভাৰতেই নহয়, ইতিমধ্যে বিশ্ব অৰ্থনীতি মন্দা অৱস্থালৈ যোৱাৰ লক্ষণ দেখা দিছে বুলি বিশ্ব বেংক আৰু আই এম এফ মানে আন্তৰ্জাতিক মুদ্ৰানিধিয়ে সতৰ্ক কৰি দিছে কৰিছে। সেই অৱস্থাত মধ্যপ্ৰাচ্যত যদি এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ হয় বিশ্বত এক ভয়ানক অৱস্থাৰ সৃষ্টি হ’ব।কিন্তু ইজৰাইলে ইমান মইমতালী দেখুৱাব পাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আৰু কিছুমান পশ্চিমীয়া দেশে অস্ত্ৰ সস্ত্ৰ আৰু অন্য ধৰণে তেওঁলোকক সহায় কৰি থকা বাবে। গতিকে যদি পশ্চিম এচিয়াত এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধ লাগে তাৰবাবে দায়ী হ’ব এই দেশবোৰ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

August 24, 2025 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd