• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কিয় জবাবদিহি নহ’ব স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? ৰাজনীতিকে পতা মৃত্যুৰ ফান্দত ভৰি থৈছে নিৰীহ জনতাই

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
March 20, 2021 12:31 pm
a hmuu

অসমত কোভিড় নাই!স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বৰ এই ছবিখনে তাকেই প্ৰমাণ কৰিছে

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰজা’ হোৱাৰ বাসনাৰে  নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাজনীতিকসকল সাধাৰণ মানুহৰ জীৱনকলৈ কিমান সজাগ সেই কথাৰ প্ৰমাণ এতিয়া জলজলপটপটকৈ পোৱা গৈছে।

বিজেপি, কংগ্ৰেছ কিম্বা আন দলৰ নেতাসকল এতিয়া কেৱল ব্যস্ত স্বাৰ্থ সিদ্ধিত। সাধাৰণ মানুহৰ জীৱন যমৰ ঘৰত বন্ধকত ৰাখি সকলো ৰাজনীতিকেই এতিয়া ব্যস্ত ৰজা হোৱাৰ প্ৰতিযোগিতাত।

এই প্ৰতিযোগিতাত বিভিন্ন ধৰণে আবেগিক কৰি ঘৰৰ পৰা উলিয়াই অনা হৈছে সাধাৰণ জনতাক। যিটো সময়ত অসমকে ধৰি সমগ্ৰ দেশতে অতিমাৰী কোভিডে পুনৰ সংহাৰী ৰূপত মূৰ দাঙি উঠিছে। যিযো সময়ত পুনৰ দেশত কোভিডত শতকৰ ঘৰত মানুহে মৃত্যুক সাৱটি লৈছে ,সেই সময়তে কোভিডৰ কথা সমূলি পাহৰি ৰাজনৈতিক দলৰ নেতাসকলে বিশাল জনসভাৰ আয়োজন কৰিছে।

হাজাৰ হাজাৰ মানুহ লগতলৈ মনোনয়ন দিবলৈ গৈছে। আন ৰাজনৈতিক নেতাৰ কথা বাবেই দিলো, অসমৰ খোদ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোকেও কোভিডৰ আশংকাক একাষৰীয়া কৰি থৈ হাজাৰ হাজাৰ মানুহৰ উপস্থিতিৰে মনোনয়ন দাখিল কৰিছে। অথচ সেই গৰাকী স্বাস্থ্য মন্ত্ৰীয়েই সৌসিদিনালৈ কোভিড কিমান ভয়াৱহ সেয়া অসমৰ জনতাক বুজাই আহিছিল।

ৰাজ্যত কোভিড নিয়ন্ত্ৰণৰ বাবে ৰাতিক দিন কৰি খাটিছিল।প্ৰতিদিনে কোভিডৰ আপডেট দি ৰাইজক সতৰ্ক (নে শংকিত) কৰিছিল। কিন্তু এতিয়া সেই গৰাকী নেতাৰেই ওলোটা ৰূপ! এতিয়া নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ স্বাৰ্থত হিমন্ত বিশ্বৰ দৰে নেতাসকলে কোভিডৰ আশংকাক দলিয়াই পেলাই হাজাৰ হাজাৰ লোকক  বাহিৰলৈ উলিয়াই আনিছে। আনৰ মুখততো নায়েই খোদ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখতো নাই মাস্ক। অথচ তেওঁ অসমৰ ‘দায়িত্বশীল’ স্বাস্থ্যমন্ত্ৰী।এনেবোৰ কথাৰ বাবে স্বাস্থ্যমন্ত্ৰীগৰাকী জবাবদিহি কিয় নহ’ব?

ৰাজনৈতিক দলৰ নেতাৰ নিৰ্বাচনী প্ৰচাৰ সভাত  সামাজিক ব্যৱধান, মাস্ক আদিৰ কথা হৈ পৰিছে অৰ্থহীন।লকডাউনৰ সময়ত ঘৰতে সোমাই থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এতিয়া ওলাই আহিছে। অসমত ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত ভাগ লৈছে । কিন্তু কোনো এখন সভাতে মোদীয়ে কোভিডৰ কথা এবাৰলৈও উচ্চাৰণ কৰা নাই।

অপৰিকল্পিত ভাবে লকডাউন ঘোষণা কৰি দেশৰ কোটি কোটি মানুহক  কৰ্মহাৰা কৰা মোদীৰ মুখৰ পৰা এতিয়া কিয় কোভিডৰ কথা অন্তৰ্ধান হ’ল?

জনতাৰ বাবে মৃত্যুৰ জাল পতাত কোনো এগৰাকী ৰাজনীতিকেই পিছ পৰি থকা নাই। কোভিডৰ সংক্ৰমণৰ প্ৰসংগত মোদীক সততে আক্ৰমণ কৰি অহা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কোভিডৰ কথা ক’বলৈ পাহৰি গৈছে। মাৰাত্মক কোভিডৰ সংক্ৰমণৰ আশংকাতেই যদি মাহৰ পিছত মাহ ধৰি দেশৰ অৰ্থনীতিকে ধৰি অন্যান্য ক্ষেত্ৰৰ কাম-কাজ বন্ধ কৰি দিব পৰা গৈছিল , এতিয়া নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰি অথবা অতি সীমিত কৰি দিয়াত আপত্তি ক’ত?

তথ্য-প্ৰযুক্তিৰ যুগত প্ৰাৰ্থীয়ে ঘৰত বহিয়েই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সুবিধা নিশ্চয়কৈ কৰি লোৱাৰ থল আছে।ভোটদানৰ ক্ষেত্ৰতো তেনে ব্যৱস্থাই কৰিব পৰাৰো সুবিধা হয়তো কৰি ল’ব পৰা গ’লহেঁতেন।কিন্তু কোনো নেতাই সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত তেনে ব্যৱস্থাৰ কথা মনলৈও অনা নাই।

ইয়াৰ বিপৰীতে তেনে নেতাসকলে জনতাৰ বাবে পাতি দিছে মৃত্যুৰ ফান্দ।জনতাক যেন সেই ফান্দলৈ স্বাগতম জনাই কৈছে—তোমালোক আহা, মোৰ ভাষণ শুনা আৰু ভোটটো দি মোক ৰজা বনোৱা।নেতাই যিয়েই নকওঁক,জীৱনটো কিন্তু আমাৰ নিজৰেই,জীৱন এবাৰেই।

নেতাৰ ভাষণ শুনিবলৈ গৈ মৃত্যুদূত কোভিডক আমন্ত্ৰণ জনাও কিয়? কোভিডক সহজ ভাবে নল’ব, আমেৰিকা,ব্ৰিটেইনৰ দৰে স্বাস্থ্যখণ্ডত উন্নত দেশ সমূহেও সহজ ভাবে লোৱা নাই।

মাস্ক পিন্ধক,সামাজিক দূৰত্ব মানি চলক…. অৰ্থাৎ পূৰ্বে অসমৰ স্বাস্থ্যমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰীয়ে কোভিডৰ বিৰুদ্ধে যিবোৰ সতৰ্কতামূলক কথা কৈছিল সেইবোৰ মনত পেলাই সেইবোৰকে অনুসৰণ কৰক।

নেতাই পাতি দিয়া মৃত্যুৰ ফান্দত ভৰি দিয়াতকৈ আমি কোভিড প্ৰট’কল সমূহ পুনৰ মানি চলাই উচিৎ হ’ব নিশ্চয়।

তেতিয়াহে ৰক্ষা পৰিম আমি, আমাৰ পৰিয়াল আৰু সমাজ।

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

September 1, 2025 8:50 pm
নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

September 1, 2025 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

September 1, 2025 9:32 pm
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd