হঠাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে ওপচাই পেলালে ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।
শুকুৰবাৰে গুৱাহাটীৰ বৰা চাৰ্ভিছস্থিত আঞ্চলিক গণ মৰ্চাৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শর্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ভূঞা।
সংবাদমেলত তেওঁ কয় ‘হিমন্ত বিশ্ব শৰ্মাই আধ্যাত্মিকতাৰ কথা বেছিকৈ কয়। অসমে বহু দিনৰ মূৰত হিমন্ত বিশ্ব শৰ্মাৰ দৰে নৈতিকতাত বিশ্বাসী, সত্যবাদী, এগৰাকী দুৰ্নীতিমুক্ত, নিৰ্মল চৰিত্ৰৰ নেতা বিচাৰি পালে। তেওঁ বিধায়ক হোৱাৰ পৰা মন্ত্ৰী হোৱালৈকে যদি চাওঁ আগৰ মন্ত্ৰী- বিধায়ক সকলো তল পৰিছে। দুৰ্নীতিৰ প্ৰশ্নত তেওঁ একেবাৰে দুৰ্নীতিমুক্ত। হিমন্ত বিশ্ব শৰ্মাৰ দৰে আদৰ্শবাদী, স্পষ্টবাদী অন্য কোনো নাই।
কিন্তু কিয় এনেদৰে হঠাৎ গালি পাৰি থকা মন্ত্ৰীগৰাকীৰ প্ৰশংসা শুনা গ’ল অজিত ভূঞাৰ মুখত?
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত হালধীয়া সাংবাদিকতাৰ ধাৰাৰ প্ৰৱৰ্তক বুলি কটাক্ষ কৰিছিল সাংসদ অজিত ভূঞাক। তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাক একপ্ৰকাৰ তুচ্ছ- তাচ্ছিল্য কৰিলে সাংসদগৰাকীয়ে। সংবাদমেলৰ জৰিয়তেই হিমন্তক নমস্কাৰ জনালে সাংসদ অজিত ভূঞাই।
ইপিনে, কেইবছৰমান পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰন্থ উন্মোচনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা সাংসদ অজিতভূঞাক ‘আপোচহীন সাংবাদিক’ আখ্যা দিছিল বুলি সোঁৱৰাই দিয়ে ভূঞাই।
ইপিনে, বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণ বাখ্যা কৰে অজিত ভূঞাই।
ভূঞাই কয় ‘তেওঁ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ এটাই কাৰণ কিয়নো মই বিৰোধীৰ ঐক্যৰ কাৰণে চেষ্টা কৰিছো। এই কথাই বিজেপিক আতংকিত কৰিছে। হালধীয়া সাংবাদিকতাৰ প্ৰতি বিতুষ্ট হৈয়ে তেওঁ নিজৰ বাতৰি কাকত খুলি লৈছে, টিভি চেনেল খুলি লৈছে। তাত তেওঁ নিজেও সুস্থ সাংবাদিকতা কৰি আছে, তেওঁক নমস্কাৰ জনাইছো।‘
এনেদৰেই এতিয়া নিৰ্বাচন চাপি অহাৰ লগে লগে তুংগত উঠিছে শাসক- বিৰোধীৰ বাকযুদ্ধ।