এনেবোৰ দিনত কিয় খাব লাগে নিমপাত? জানেনে?

অসমৰ বাৰী আৰু হাবিবোৰত বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধি গছ-লতাই ভৰি আছে। ইয়াৰে এবিধ অতি উপকাৰি ঔষধি গছ হৈছে মহা নিম। মহা নিমৰ পাতৰ উপকাৰিতাৰ যেন অন্ত নাই। এনেবোৰ দিনত নিম পাত খাবলৈ পুৰণা ব্যক্তি সকলে উপদেশ দিয়ে। 

আজি নিমপাতৰ বিভিন্ন উপকাৰী গুণৰ বিষয়ে জানো আহকচোন –

১. নিম পাত বসন্ত ৰোগৰ প্ৰতিষেধক । সেয়ে ফাগুন চ’ত মাহত নিম পাত খাবলৈ পৰামৰ্শ দিয়া হয়।  আনকি বসন্ত ৰোগ হ’লেও ৰোগ নিৰাময়ৰ বাবে নিম পাত ব্যৱহাৰ কৰা হয়। বসন্ত ৰোগৰ সময় শৰীৰটো বিজাণুমুক্ত কৰি ৰাখিবলৈ চাবোনৰ সলনই নিম পাত সিজোৱা পানী গা ধুবলৈ ব্যৱহাৰ কৰা হয়।

২. বিশেষকৈ শিশু সকলৰ মাজত দেখা দিয়া এটা সমস্যা হ’ল কৃমি। নিমপাত খালে কৃমিনাশ হয়।

৩. মেলেৰীয়া ৰোগৰ বাবেও নিম পাত অতি উপকাৰী।

৪. নিমপাতৰ ৰসে জণ্ডিছ আৰু বহুমূত্র ৰোগ উপশম কৰাত সহায় কৰে। 

৫. মহানিমৰ পাত সিজোৱা পানীৰে মূৰ ধুলে ওকণিৰ লগতে উফিৰ সমস্যা নাশ হয়।

৬. যিকোনো খৰ-খজুৱটি বা ছালৰ ৰোগৰ বাবে নিম পাত অতি উপকাৰী। 

৭. কুকুৰিকণা ৰোগৰ বাবেও নিম পাত উত্তম ঔষধ বুলি গণ্য কৰা হয়।

৮. নিমপাতে বদহজমীৰ সমস্যাও নাশ কৰাত সহায় কৰে। 

৯. নিমপাতৰ গুৰি বা ঠাৰিৰে দাঁত মাজিলে দাঁত উজ্জল আৰু ভাল হয়, দাঁতৰ সৌন্দৰ্য্য বাঢ়ে।

১০. নিমৰ পৰা প্ৰস্তুত কৰা নিমতেল গাত ঘঁহিলেও গাৰ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা ৰক্ষা পোৱা যায়।