আজি প্ৰতিখন স্বাধীন দেশৰে যুদ্ধ সম্পৰ্কীয় নিজাকৈ নিয়ম-প্ৰণালী থাকে। যুদ্ধক্ষেত্ৰত কেনে নীতি অৱলম্বন কৰিব, শত্ৰু সেনাক কেনে ব্যৱহাৰ কৰিব, কি কি ক্ষেত্ৰসমূহ যুদ্ধৰ সময়ত আক্ৰমণ পৰা ৰেহাই দিয়া হ’ব, নিজা দেশৰ সেনাৰ মৃত্যু বা শত্ৰু সেনা মৃত্যু হ’লে মৃতকক কেনে ব্যৱহাৰ কৰিব, আবদ্ধ কৰা শত্ৰু সেনাৰ বাবে কেনে নীতি গ্ৰহণ কৰিব ইত্যাদি ইত্যাদি।
বৰ্তমান বিশ্বত যুদ্ধ-বিগ্ৰহ ঘোষণা কৰিলে শত্ৰু-মিত্ৰ দেশে পালন কৰিব লগীয়া বহুতো আন্তৰ্জাতিক নীতি থাকে। পৰাপক্ষত তাক কোনো দেশে ভঙ্গ কৰিব নোৱাৰে। এইবোৰ আমি সকলোৱে কম-বেছি পৰিমাণে জানো, বাৰু আগতে আমাৰ অসমত প্ৰায় ৬০০ বছৰ শাসন কৰা আহোমৰ যুদ্ধ সম্পৰ্কীয় তেনে কিবা নীতি আছিল নেকি?
আহোমে শত্ৰুক আক্ৰমণৰ সময়ত কিবা সূত্ৰ মানি চলিছিল নে? সেই সমন্ধে আমাৰো জানিবলৈ মন নাযায় নে? নিশ্চয় যায়। আজি আমি আহোমৰ যুদ্ধ নীতিৰ ওপৰতে আলোচনা কৰিম- আচলতে আহোমৰ ৰজাই কাষৰীয়া অন্যান্য স্বাধীন ৰাজ্য যেনে কোঁচ ৰাজ্য, কছাৰী ৰাজ্য, ভূঞা ৰাজ্য, মিছিং ৰাজ্য বা নগা ৰাজ্য সমূহৰ ক্ষেত্ৰতে হওক নতুবা মোগলৰ স’তে ইতিহাসৰ বিভিন্ন সন্ধিক্ষণত বহু যুদ্ধত অৱতীৰ্ণ হ’ব লগা পৰিস্থিতি হৈছিল।
কেতিয়াবা আহোমে যদি প্ৰথমে আক্ৰমণ কৰিছিল, আকৌ কেতিয়াবা আহোমক প্ৰথমে আক্ৰমণ কৰিছিল। তাৰ মাজতো এক কঠোৰ অনুশীলনৰ মাজেৰে আহোমৰ সৈন্য বাহিনী, আনকি ৰজাও পৰিচালিত হৈছিল, ফলস্বৰূপে বহু ঘাট-প্ৰতিঘাত নেওচি সগৌৰৱে ছটা শতিকা ধৰি বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল শক্তিশালী আহোম সকলে।
আহোমৰ যুদ্ধৰ নীতিক দুই ধৰণে বিচাৰ কৰিব পাৰোঁ- নিজা সৈন্য বাহিনীৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি আৰু শত্ৰু সেনাৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি।
আহোমৰ শাসন কালত এক স্বকীয় ব্যৱস্থা আছিল- পাইক ব্যৱস্থা, এই ব্যৱস্থা অনুসৰি প্ৰতিটো পৰিয়ালৰে অতি কমেও এজন ব্যক্তি(প্ৰয়োজনত দুজন) দেশৰ সাৰ্বভৌমত্ত অক্ষুণ্ণ ৰাখিবৰ বাবে সৈন্য বাহিনীত সেৱা আগবঢ়োৱাটো বাধ্যতামূলক আছিল। ফলত আহোম শাসকসকলে এটা হৃষ্ট-পুষ্ট সেনা-বাহিনী গঢ়িবলৈ সক্ষম হোৱাই নহয়, ১৭ বাৰকৈ বিশাল মোগল সেনাক পৰাস্তও কৰিছিল।
আহোমৰ সেনাত পদমৰ্যাদা ক্ষেত্ৰত একক আৰু সুকীয়া নীতিৰ প্ৰচলন আছিল। সেনাপতিৰ নিয়োগৰ ক্ষেত্ৰত এক অনন্য ক্ৰম অনুসৰণ কৰিছিল, সেই অনুযায়ী- ১০ জন পাইকৰ বাবে এজন ডেকা, ২০ জনৰ ওপৰত এজন বৰা, ১০০ জন পাইকৰ ওপৰত এজন শইকীয়া, ১০০০ জন পাইকৰ বাবে এজন হাজৰিকা, ৩০০০ জন পাইকৰ ওপৰত এজন ৰাজখোৱা, ৬০০০ জন পাইকৰ বাবে থাকে এজন ফুকন।
একেবাৰে সৰ্বোচ্চ সেনাপ্ৰধান জন হৈছে বৰফুকন। আহোমৰ এজন সেনা যুদ্ধক্ষেত্ৰত মৃত্যু হোৱা কাৰ্যক দেশৰ প্ৰতি চৰম কৰ্তব্য ৰূপে গণ্য কৰা হৈছিল, আনকি পৰিয়ালৰ লোকেও তাকলৈ গৌৰব কৰিছিল।
যুদ্ধক্ষেত্ৰত মৃত্যু হোৱা সেনাৰ বিধৱা পত্নীক জীৱিকাৰ সমল আগবঢ়োৱাটো অন্য এক ৰাজকীয় নীতি আছিল। যুদ্ধত মৃত্যু সেনাৰ সাহসীকতাক সন্মান জনাই “ৰিক খৱন” নামৰ এক বিশেষ ধাৰ্মিক কাৰ্যসূচী সম্পাদন কৰিছিল যাতে বাকী সৈন্য সকল ইয়াৰ দ্বাৰা উৎসাহিত হ’ব পাৰে আৰু নিজৰ মনোৱল দৃঢ় কৰিব পাৰে।
যদি কোনোবা আহোম সৈন্য যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰে অথবা সেনাপতিৰ আৰ্দেশ পালনত খেলিমেলি কৰে, তেনে সেনাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া ব্যৱস্থা আছিল। যদি কোনোবা সেনাপতিয়ে ৰজাৰ নিৰ্দেশক অংগুষ্ট প্ৰদৰ্শন কৰে, তেওঁৰ ক্ষেত্ৰতো একেই ব্যৱস্থা লৈছিল।
কেতিয়াবা তেনে সেনা অথবা সেনাপতিক মহিলাৰ বেশত পোছাক পিন্ধিবলৈ বাধ্য কৰোৱা হৈছিল, প্ৰায়ে পদৱীৰ পৰা অপসাৰণ ঘটোৱা হৈছিল। আনকি কেতিয়াবা খোদ ৰজাই যদি ৰাজ্যক ৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ হয়, তেৱো নিজে অপবাদৰ পৰা সাৰি যাব নোৱাৰিছিল।
এবাৰ জয়ধ্বজ সিংহই(১৬৪৮-৬৩) নিজৰ ৰাজধানী গড়গাঁও এৰি পলাই যোৱা বাবে ক্ষুব্ধ আহোম জনসাধাৰণে অপমান কৰি তেওঁক “ভগনীয়া” ৰজা ৰূপে আখ্যা দিছিল, যিটো এজন ৰজাৰ বাবে ঘোৰ লজ্জাজনক কথা। যুদ্ধ অৱস্থাত আহত অথবা নিহত সেনাক নিজৰ শিবিৰলৈ ঘূৰাই অনাটো নিয়ম আছিল, আহত সকলক চিকিৎসা ব্যৱস্থা কৰি আৰু নিহত সকলক ৰাজকীয় সন্মান যাঁচি অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।
শত্ৰু সেনাক নিধন কৰিবলৈ সক্ষম হোৱা সেনাক বিশেষ পুৰস্কাৰ প্ৰদান কৰা লগতে পদোন্নতিৰ ব্যৱস্থা আছিল। যেতিয়াই শত্ৰু সেনা আঘাতপ্ৰাপ্ত হয় বা তেওঁক নিজ সেনাই এৰি থৈ যায় নতুবা অস্ত্ৰ-হস্ত্ৰ অবিহনে শত্ৰু সেনাৰ স’তে আহোমৰ সৈন্য মুখামুখি হ’লে তেনে সেনাক হত্যা কৰা সলনি গ্ৰেপ্তাৰ কৰাহে নীতি আছিল- অৰ্থাৎ দুৰ্বল জনৰ প্ৰতি সমীহ আৰু সহায় আহোমৰ পৰম্পৰা আছিল।
ইয়াতে প্ৰশ্ন হ’ব পাৰে, শত্ৰুপক্ষই যদি পৰাজয় বৰণ কৰে তেতিয়া কেনে নীতি অৱলম্বন কৰিছিল? পৰাজিত সেনাক সকলো হাথিয়াৰ সমৰ্পন কৰিবলৈ পোনতে আদেশ দিয়ে, তাৰ পিছত প্ৰত্যেককে মুখত ঘাঁহ ভৰাই দুই হাত ওপৰলৈ কৰি নিজকে গ্ৰেপ্তাৰৰ বাবে সমৰ্পন কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল।
কোনো সেনাই আদেশ মানিবলৈ অমান্তি হ’লে, তৎক্ষণাত বৰ্বৰ অত্যাচাৰ কৰিছিল। যেতিয়াই বৃহৎ সংখ্যক শত্ৰু সেনা পৰাজিত হৈছিল নতুবা আহোম সৈন্যৰ হাতত ধৰা দিছিল, শত্ৰুৰ সেনাবাহিনীক প্ৰথমতেই এটা নিৰ্দিষ্ট জেগাত সকলো হাথিয়াৰ জমা কৰিবলৈ কোৱা যায়, তাৰ পিছত নিজৰ জীৱনৰ প্ৰতি মৰম আছে অৰ্থাৎ ৰক্ষা পৰাটো বিচাৰে তেন্তে নিজকে সমৰ্পন কৰিবলৈ কোৱা হয়। তেনে উদাহৰণ আমি ১৫৩৩ চনত চলা নামৰ ঠাইত আহোম আৰু মোগলৰ মাজত হোৱা যুদ্ধত প্ৰত্যক্ষ কৰোঁ।
তেতিয়াৰ চৈয়দ আবা আকবৰৰ নেতৃত্বত অহা মোগল সৈন্যক আহোমৰ সেনাপতি হাতী বৰুৱাৰ নেতৃত্বত যোৱা এদল আহোম সৈন্যই আবদ্ধ কৰে, ২০ জনকৈ মোগলক এটা গোটত বিভক্ত কৰি একেলগে বান্ধি বন্দী কৰি ৰজাৰ ওচৰলৈ লৈ অহা হৈছিল। বন্দীশালত আবদ্ধ কোনো শত্ৰু সেনাক যিকোনো কাৰণতে ৰাজকীয় অনুমোদনৰ অববিহনে হত্যা কৰাটো ঘোৰ অপৰাধৰূপে বিবেচনা কৰা হৈছিল, তেনে অপৰাধৰে দণ্ডিত আহোম অপৰাধীক মৃত্যুদণ্ড পৰ্যন্ত দিয়া হৈছিল।
স্বৰ্গদেউ প্ৰতাপ সিংহ(১৬০১-৪৩) শাসন কালত ১৬১৭ চনৰ ভৰালী যুদ্ধত কেইবাজনো নগাক ধৰি বন্দীশালত ৰাখিছিল কিন্তু চাৰিং ৰজা নামৰ ৰাজকুমাৰ জনে অন্য তিনিজন নেওগৰে(সেনাপতি মৰ্যাদাৰ লোক) মিলি ৰাজকীয় অনুমোদন অবিহনে নগা কেইজনক হত্যা কৰা বাবে ৰজাই তেওঁলোকক কঠোৰ শাস্তি বিহিছিল।
অৰ্থাৎ প্ৰজাৰ বাবে যি নিয়ম,ৰজাৰ বাবেও সেই নিয়ম। সেইফালৰ পৰা চালে আমি দেখিম আহোম ব্যৱস্থা এক নিয়মানুৱৰ্তীতাৰ মাজেৰে পৰিচালিত হৈছিল। যুদ্ধৰ সময়ত আবদ্ধ কৰা শত্ৰু সৈন্যক ৰাজ্যৰ ভিতৰতে পুনঃসংস্থাপনৰ দিহা কৰা হয়, যিসকল কাৰিকৰী জ্ঞানৰ অধিকাৰী আছিল-তেওঁলোকক নিয়োগৰ ব্যৱস্থাও কৰিছিল।
বৰ্তমান যুদ্ধৰ ক্ষেত্ৰত বিষাক্ত অস্ত্ৰ প্ৰয়োগৰ ক্ষেত্ৰত বাধা আছে, কিন্তু আহোমৰ শাসনত তেনে নিষেধাজ্ঞা নাছিল। ১৫৩৩ৰ ‘চলা’ যুদ্ধত বিষাক্ত যাঠি আৰু কাঁড় ব্যৱহাৰৰ তথ্য পোৱা যায়। তাতোকৈ ভয়ানক এক তথ্য পোৱা যায়, এনে বহু নিদৰ্শন আছে য’ত যুদ্ধত মৃত্যুবৰণ কৰা শত্ৰু সৈনিকৰ মুণ্ডচ্ছেদ কৰি তাক সংগ্ৰহ কৰা হৈছিল, পিছলৈ সেইবোৰ পূজা-পাতলৰ নিৰ্দিষ্ট ঠাই “দেউশাল”লৈ লৈ অহা হৈছিল। তেনেকুৱা উদাহৰণ সোতৰশ শতিকালৈকে বৰ্তি থকা সম্ভেদ পোৱা যায়।
আনকি ১৬১৬ত এগিবন্ধ নামৰ যুদ্ধত স্বৰ্গদেউ প্ৰতাপ সিংহই মোগলক পৰাস্ত কৰে,বহু সংখ্যক মোগল সৈন্যৰ মৃত্যু হয়। মৃত্যুবৰণ কৰা মোগলৰ সৈনিকৰ মুণ্ডচ্ছেদ কৰি মুণ্ডসমূহৰ যোগেদি মালা নিৰ্মাণ কৰি সেইয়া গৌৰৱৰ চানেকি হিচাপে ৰাজকাৰেঙত সজাই ৰাখিছিল।
শত্ৰুৰ দ্বাৰা প্ৰেৰণ কৰা দূত বা কটকীক কেতিয়াও কোনো পৰিস্থিতিতে আক্ৰমণ কৰা নহৈছিল,বৰং যুদ্ধ-বিগ্ৰহৰ সময় তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰহৰী ব্যৱস্থা কৰিছিল, তেনে পৰম্পৰা আহোমৰ দিনত বহু দিনৰে পৰা বৰ্তি থকা কথা জনা যায়।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে পৰাজিত সৈন্যৰ ৰজাৰ পৰা বিজয়ী ৰজাই ক্ষতিপূৰণ বিচৰা নিয়ম আছিল। সেইয়া ৰজা ভেদে ক্ষতিপূৰণৰ খতিয়ান ভিন্ন আছিল। তথ্য অনুসৰি এবাৰ স্বৰ্গদেউ চুহুংমুং(১৪৯৭-১৫৩৯) ৰ শাসনৰ সময়ত কছাৰী ৰজাই যুদ্ধৰ সলনি শান্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল, তেতিয়া ৰজাই সুযোগ বুজি ক্ষতিপূৰণ হিচাপে কছাৰী ৰজাৰ পৰা ১৫০০ ৰূপৰ সামগ্ৰী,দুটা হাতী আৰু ৰজাৰ ভনীয়েককো খুজি পঠাইছিল।
আহোম ৰজাই পোতক তুলিবলৈ কৰা আক্ৰমণৰ সময়ত শিশু, মহিলা, বৃদ্ধ লোকক গ্ৰেপ্তাৰ কৰিছিল, কেতিয়াবা হত্যা পৰ্যন্ত কৰিছিল। ভঁৰালসমূহ জ্বলাই দিছিল,সম্পত্তিবোৰ বাজেয়াপ্ত কৰিছিল। শত্ৰুৰ গাঁও আৰু নগৰ সমূহ ধ্বংস কৰা নজিৰো অসংখ্য পোৱা যায়।
স্বৰ্গদেউ চুখ্যামফা(১৫৫২-১৬০১)ৰ দিনত আতনৰ নগাই ক্ষতিপূৰণ দিবলৈ অমান্তি হোৱাত কঠোৰ শাস্তি বিহা লগতে নগাৰ পত্নী আৰু সন্তানসকলক বন্দী কৰে। তেওঁলোকৰ গাঁও সমূহত লুটপাত চলাই আহোম সেনাই। মিৰি(মিছিং) ৰজাই আহোমৰ এলেকাত আক্ৰমণ কৰোঁতে গদাধৰ সিংহ(১৬৮১-৯৬)ই বৰ্বৰভাৱে প্ৰতি আক্ৰমণ চলাইছিল।
অৰ্থাৎ বহু ক্ষেত্ৰত যে আহোমৰ শাসক অধিক আগ্ৰাসী, অধিক খঙাল হৈ পৰিছিল এইবোৰ তাৰেই প্ৰমাণ। তাৰোপৰি শত্ৰু সেনাই যদি কিবা কাৰণত বৈশ্যতা স্বীকাৰ নকৰে, তেওঁলোকৰ শিবিৰবোৰ ধ্বংস কৰি দিয়া হৈছিল।
স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত এবাৰ হাজোত মোগলৰ সেনাপতি মীৰণক আবদ্ধ কৰে এজাক আহোম সেনাই, কিন্তু তেওঁ নিজকে সমৰ্পন কৰিবলৈ অমান্তি হোৱাত আহোম ৰজাৰ নিৰ্দেশত তেওঁক তাতে হানি-খুচি হত্যা কৰা লগতে দুটাকৈ মোগল শিবিৰত আক্ৰমণ কৰি ২,৬৬০ টা টোপ, ৪,৯২০ খন তৰোৱাল, ৭০০ খন জমাদাৰ (একধৰণৰ ৰজাৰ তৰোৱাল), ৭০০ খন খুকুৰী, খাবোৱা( খান্দিবলৈ ব্যৱহৃত সঁজুলি)ৰ লগতে এক বৃহৎ সংখ্যক সোণ-ৰূপৰ অলংকাৰ আৰু সৌন্দৰ্য্যবৰ্ধক সামগ্ৰী হস্তগত কৰা তথ্য পোৱা যায়।
কেতিয়াবা ৰজাই পোতক তুলিবলৈ শত্ৰু পক্ষৰ ৰাণীক নিজৰ হাৰেমলৈ প্ৰেৰণ কৰিছিল বুলি জনা যায়, তেনে ৰাণীৰ স’তে ৰজাই কেতিয়াবা শাৰীৰিক সম্বন্ধও কৰিছিল। ১৫৩৬ চনত আহোম ৰজাই কছাৰী ৰজা দাৰচুংফাক হত্যা কৰা পিছত ৰজাৰ তিনিজনী সুন্দৰী ৰাণীক ধৰি আহোমৰ হাৰেমলৈ লৈ অনা হৈছিল।
আহোম ৰজাই নতুন অঞ্চল নিজৰ অধীনলৈ অনাৰ পিছত শাসনৰ সুবিধাৰ্থে কিছু কৌশল অৱলম্বন কৰিছিল। অকল শাসনৰ সুবিধাৰ্থেই নহয়, শত্ৰুপক্ষই তৎক্ষণাত যাতে আক্ৰমণ কৰিব নোৱাৰে, সেয়া আছিল তাৰ আগতীয়া সাৱধানতাৰ কৌশল। আহোমে দখল কৰা শত্ৰু ৰাজ্যৰ নিৰ্দিষ্ট লোকক অন্য ঠাইত প্ৰতিস্থাপনৰ সূত্ৰ লৈছিল, সেয়া ১৫২৩ চনত চুতীয়া ৰাজ্য জয় কৰাৰ পিছত তেনে নীতি লোৱা দেখা গৈছিল।
চুতীয়া ৰাজ্যৰ বহু ব্ৰাহ্মণ, শিপিনী, কুমাৰ, কমাৰ, মিস্ত্ৰী, মালা প্ৰস্তুত কৰাত দক্ষ কৌশলীৰ লগতে বিভিন্ন কলাৰ ক্ষেত্ৰত বিশেষভাৱে দখল থকা লোকক উঠাই আনি আহোম ৰাজ্যৰ অন্যান্য প্ৰান্তত সেইসকলক সংস্থাপন দিছিল।
১৬২৩ চনত স্বৰ্গদেউ প্ৰতাপ সিংহই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভূঞা ৰাজ্য দখল কৰা পিছত বহু ভূঞা নেতাক দক্ষিণ প্ৰান্তত পুনঃবাসনৰ ব্যৱস্থা কৰিছিল। আহোম শাসকে ফন্দী কৰি প্ৰতিপক্ষৰ ৰাজ্য দখল কৰাও নজিৰ আছে, সাধাৰণতে বেলেগ ৰজাৰ সৰলতাক সাৰথি কৰি কিছু অন্ধবিশ্বাস বিয়পাই- তাৰ সুযোগ লৈ দখল কৰা নজিৰ আছে।
কছাৰী ৰাজ্যৰ কিছু অঞ্চল দখল কৰা ক্ষেত্ৰত তেনে ফন্দী আহোম ৰজাই ৰচনা কৰিছিল বুজি জনা যায়। অৰ্থাৎ আহোম শাসকে অকল বাহুবলৰ ওপৰতে নিৰ্ভৰ নকৰি সন্ধি পাতি ফন্দীৰেও বহু সময়ত প্ৰতিপক্ষক ঘটিয়ে ঘটিয়ে পানী খুওৱাটো যুদ্ধৰ এক উল্লেখযোগ্য কৌশল ৰূপে গ্ৰহণ কৰিছিল।
এইখিনিতে গুৰুত্বপূৰ্ণ তথ্য এটা হৈছে আহোম সৈন্যই যুদ্ধৰ সময়চোৱাত প্ৰতিপক্ষৰ মন্দিৰ, ধৰ্মীয় আচবাব, উপাসনা স্থলীসমূহ আক্ৰমণৰ পৰা বিৰত আছিল, মঠ-মন্দিৰ- মছজিদ সমূহ নষ্ট কৰাটো নৈতিকতাৰ অপৰিপন্থী ৰূপে বিবেচনা কৰিছিল। বৰং সেই সমূহ ক্ষয়-ক্ষতি হ’লে পুনঃনির্মাণৰ তথা সৌন্দৰ্য্যবৰ্ধনৰ হকে অৰ্থ যোগান বা অন্যান্য পৃষ্ঠপোষকতাহে কৰিছিল।
এনেদৰেই আহোমে যুদ্ধ-বিগ্ৰহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিশেষ বিশেষ নীতি মানি চলিছিল। আহোম শাসন ব্যৱস্থা যে বহু সময়ত এক আদৰ্শ শাসন ব্যৱস্থা আছিল, সেইবাবেই আজিও আধুনিক যুগত তেনে নীতিসমূহ বিভিন্ন দেশে মানি চলে।
আহোমৰ কঢ়া যুদ্ধ সম্পৰ্কীয় নীতিৰ বাবেই প্ৰতিপক্ষ বিধ্বস্ত হৈছিল,আচৰিত হৈছিল। আহোমৰ মূল নীতিটো হৈছে-“এটা চকুৰ বিৰুদ্ধে এটা চকু, এটা দাঁতৰ বাবে এটা দাঁত।” পৰবৰ্তী সময়ত আমি আহোমৰ শাসন ব্যৱস্থা, নৌ-সেনা,লাচিত বৰফুকনৰ শৰাইঘাট যুদ্ধত বিস্তৰ অৱদান সম্পৰ্কে পাতিবলৈ চেষ্টা কৰিম।
(উৎস: দেওধাই অসম বুৰঞ্জী- এছ. কে ভূঞা,প্ৰকাশিত ১৯৬২)
লেখক- দীপজ্যোতি গগৈ, (ফোন-৯১০১৪৯১৩০৪)