‘প্ৰশ্নটো মই সুধিবই লাগিব…’ দ্বিতীয় দিনৰ খেলৰ অন্ত পৰাৰ পিছত শ্বান পলকৰ কণ্ঠত সেই অনিবাৰ্য প্ৰশ্নটো আছিল – আপোনাৰ সন্মুখত ব্রায়ান লাৰাৰ ৪০০ ৰান অতিক্ৰম কৰি টেষ্ট ইতিহাসৰ সৰ্বোচ্চ ৰানৰ ইনিংছৰ মালিক হোৱাৰ সুযোগ আছিল, তথাপিও মধ্যাহ্ন ভোজন বিৰতিৰ পিছত ৩৬৭ ৰানত অপৰাজিত হোৱাৰ সময়ত আপুনি কিয় ইনিংছ ঘোষণা কৰিলে?
তাৰ পিছত ৱিয়ান মুল্ডাৰে ক্ৰিকেট জগতৰ সকলোৱে অপেক্ষা কৰি থকা উত্তৰটো দিলে, ‘আৰম্ভণিতে প্ৰথম কথাটো কওঁ – মই ভাবিছিলো যে নতুন বলটো ল’বলৈ যথেষ্ট ৰান আছে।’ প্ৰথম কথাৰ অৰ্থ হ’ল দ্বিতীয়টো কাৰণো থাকিবই লাগিব। টেষ্ট ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ ভংগ কৰাৰ সুযোগ পুনৰ নাহে। মুল্ডাৰেও সেই কথা জানে। তেওঁ আছিল অধিনায়ক, গতিকে অভিলেখ গঢ়িবলৈ সকলো সুযোগ আছিল।
কিন্তু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰগৰাকীয়ে কয় যে যদি পুনৰ এনে সুযোগ আহে তেন্তে তেওঁ একে কামেই কৰিব আৰু তেওঁ লাৰাক সন্মান জনাই এই কামটো কৰিছিল, ‘বাস্তৱতাটো হ’ল ব্রায়ান লাৰা এজন কিংবদন্তি৷ তেওঁৰ ৪০০ ৰান আছিল ইংলেণ্ডৰ বিৰুদ্ধে। তেওঁৰ দৰে কোনোবাৰ এই অভিলেখ থকাটো বিশেষ। মই ভাবো যদি মই আকৌ সুযোগ পাওঁ তেন্তে মই হয়তো একে কামে কৰিম।’
জিম্বাবুৱেৰ বিৰুদ্ধে বুলাৱায়ো টেষ্টৰ দ্বিতীয় দিন আছিল মাত্ৰ। আগলৈ বহু সময় আছিল। ৫ উইকেটত ৬২৬ ৰান সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাই নিজৰ ইনিংছ ঘোষণা কৰে। তাৰ পিছত বেটিং কৰিবলৈ ওলাই অহা জিম্বাবুৱে প্ৰথম ইনিংছত ১৭০ ৰান সংগ্ৰহ কৰি অল আউট হয়। ইয়াৰ পিছতে ফলো অন কৰি নমা জিম্বাবুৱেই দ্বিতীয় দিনৰ শেষত ১ উইকেট হেৰুৱাই ৫১ ৰান সংগ্ৰহ কৰি ৪০৫ ৰান পিছ পৰি থাকে।
ইমান সময় পাইও তেওঁ অভিলেখৰ পথত নগ’ল তাৰ কাৰণৰ বিষয়ে দলৰ মুখ্য প্ৰশিক্ষক শুক্ৰী কনৰাডৰ সৈতেও আলোচনা কৰে মুল্ডাৰে, ‘মই শুক্ৰীৰ সৈতেও কথা পাতিছো, তেওঁৱো কৈছে, “কিংবদন্তিগৰাকীক এই অভিলেখটো ধৰি ৰাখিবলৈ দিয়ক। ব্রায়ান লাৰাৰ হাততে অভিলেখটো থকা উচিত।’
দক্ষিণ আফ্ৰিকাৰ হৈ মুঠ ২১খন টেষ্ট খেলিছে মুল্ডাৰে। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ সাত-আঠ নম্বৰত বেটিং কৰিছিল। তেওঁ এতিয়ালৈকে মাত্ৰ ৭ টা ইনিংছতহে তিনি নম্বৰত বেটিং কৰিছে। তাৰমাজতে তেওঁ ৩৬৭ ৰানৰ ইনিংছটো খেলিলে, যিটো টেষ্টত দেশৰ বাহিৰত তেওঁৰ ব্যক্তিগত সৰ্বোচ্চ ইনিংছ।
তেওঁৰ উত্তৰণৰ সন্দৰ্ভত তেওঁ কয়, “যেতিয়া মই ৰাষ্ট্ৰীয় দলৰ হৈ খেলিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া মই যথেষ্ট ভালৰ ওচৰে পাজৰে নাছিলোঁ। ব’ৰ্ডে মোক শিকিবলৈ আৰু উন্নতিৰ বহু সুযোগ দিছে। ইংলেণ্ডত খেলি মোৰ কাৰিকৰী দক্ষতা বৃদ্ধি পাইছে আৰু মই কেনেধৰণৰ ক্ৰিকেটাৰ হ’ব বিচাৰো সেই কথা বুজিবলৈ সহায় কৰিছে।”