এন আৰ চিৰ কি কথাত মানসিক অশান্তিত ভূগি আত্মহত্যা কৰিলে এইগৰাকী মহিলাই!

suicide-750x375

সন্ধ্যা চক্ৰৱৰ্তী-আলোকচিত্ৰ সৌজন্য-নৰ্থ-ইষ্ট নাও

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰাৰ পৰা নিজৰ নাম বাদ পৰাৰ বাবে মানসিক অশান্তিত ভূগি মঙলদৈৰ এগৰাকী বিধৱা মহিলাই আত্মহননৰ পথ বাছি ল’বলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।তিনিটা সন্তানৰ মাতৃ মহিলা গৰাকীয়ে নিজৰ শৰীৰত অগ্নি সংযোগ কৰি আত্মহত্যা কৰে।

আৰক্ষীয়ে সদৰী কৰা মতে সন্ধ্যা চক্ৰৱৰ্তী নামৰ ৫৯ বছৰীয়া মহিলা গৰাকীক শুকুৰবাৰে নিজগৃহৰ গা ধোৱা ঘৰত গুৰুতৰ ভাবে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয়। ততাতয়াকৈ মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকৎসকে মহিলা গৰাকীক মৃত ঘোষণা কৰে। আত্মহত্যা কৰা মহিলা গৰাকীয়ে স্বামীৰ মৃত্যুৰ পাছৰে পৰা নিজৰ দেউতাক স্বৰ্গীয় ধীৰেণ চক্ৰৱৰ্তীৰ ঘৰত বাস কৰিছিল। বাতৰি যুগুটোৱাৰ পৰলৈ আৰক্ষীয়ে মহিলাগৰাকীৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

আনহাতে, নাগৰিক পঞ্জীৰ খচৰাত নিজৰ নাম অন্তৰ্ভূক্ত নোহোৱা প্ৰসংগলৈ মহিলাগৰাকী বিগত কিছুমাহ ধৰি মানসিক অশান্তিত ভূগি আছিল আৰু ইয়াৰ বাবেই আত্মহননৰ পথ বাছি লোৱা বুলি মৃত মহিলা গৰাকীৰ পুত্ৰই অভিযোগ কৰে। উল্লেখ্য যে ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশ হোৱা নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাৰ পৰা প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল।