NORTHEAST NOW (Assamese)

মাজুলীত শতাধিক বনৰীয়া হাতীৰ তাণ্ডৱ

August 3, 2019 1:08 pm · মিণ্টু দাস
মাজুলীত বনৰীয়া হাতীৰ উপদ্ৰপ

মাজুলীৰ শালমৰাত শুকুৰবাৰে নিশা এটা এশ জনীয়া বৃহৎ হাতীৰ জাকে প্ৰৱেশ কৰি সমগ্ৰ অঞ্চলটোত আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে।

খাদ্যৰ সন্ধানত জনসাধাৰণৰ বসতি প্ৰধান অঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে নিশা শালমৰাত পাঁচটা বাসগৃহ ভাঙি চূৰমাৰ কৰে।

হাতীৰ জাকটোৱে অকমান ল’ৰা হাজৰিকা, ৰাতুল শ‌ইকীয়া, দুলাল ভূঞা, সোনমাই চমুৱা, আইতি হাজৰিকাৰ ঘৰ ভাঙি পেলায়।

হাতীৰ উপদ্ৰৱত কথমপি প্ৰাণ ৰক্ষা পৰা পৰিয়ালকেইটাৰ লগতে সমগ্ৰ অঞ্চলটোত এতিয়া বনৰীয়া হাতীৰ আতংকই বিৰাজ কৰিছে।

মাজুলীৰ গ্ৰেজিং চাপৰিত আশ্ৰয় লৈ থকা হাতীৰ জাকটোৱে মাহটোত কেইবাবাৰো সমীপৰ গাঁও সমূহত প্ৰৱেশ কৰি মানুহৰ বাসগৃহৰ লগতে শস্য পথাৰৰ অনিষ্ট সাধন কৰি আহিছে ।

শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ চাপৰি সমূহত বিচৰণ কৰি ফুৰা হাতী জাকটোৱে কালি নিশা শালমৰাত প্ৰৱেশ কৰে। ইয়াৰ এমাহ পূৰ্বে দক্ষিণপট অঞ্চলত এই হাতী জাকৰ আক্ৰমণত এগৰাকী লোকৰ থিতাতে মৃত্যু হৈছিল।

মাজুলীৰ বন বিভাগে হাতী জাকটো খেদি পথোৱাৰ বাবে দিনে ৰাতিয়ে চেষ্টা আছে যদিও সফল হ’ব পৰা নাই।

বিশেষকৈ খাদ্য আৰু বাসস্থানৰ সংকটত ভোগা হাতীৰ জাকটো মাজুলীৰ বাহিৰলৈ খেদি পঠোৱাটো একপ্ৰকাৰ কঠিন হৈ পৰিছে।

Related News