‘লাডেন’ক প্ৰশিক্ষণ কেন্দ্ৰলৈ স্থানান্তৰ; হাতীটোক নতুন নাম দিলে পদ্ম হাজৰিকাই

বান্ধি থোৱা অৱস্থাত 'লাডেন'। ফটো : নৰ্থ-ইষ্ট নাও

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত সোমবাৰে কৰায়ত্ত কৰা গোৱালপাৰা জিলাত সন্ত্ৰাস সৃষ্টি কৰি বনৰীয়া হাতী ‘লাডেন’ক আজি ৰংজুলিৰ পৰা প্ৰশিক্ষণ কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে।

আনহাতে এতিয়াৰ হাতীটোৰ নামো সলনি কৰা হৈছে বুলি জানিব পৰা গৈছে। ‘লাডেন’ৰ ঠাইত বিধায়ক হাজৰিকাই হাতীটোৰ নতুন নাম দিছে ‘কৃষ্ণ’।

উক্ত প্ৰশিক্ষণ কেন্দ্ৰটোত হাতীটোক দুটা ঘৰচীয়া হাতীৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰে এটা হাতী বিধায়ক গৰাকীৰ নিজৰ।

জানিব পৰা মতে প্ৰশিক্ষণৰ পিছত হাতীটোক ৰাজ্যৰ বন বিভাগৰ কামত ব্যৱহাৰ কৰা হ’ব।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি গোৱালপাৰা জিলাত সন্ত্ৰাস সৃষ্টি কৰা বনৰীয়া হাতী ‘লাডেন’ক কালি অৰ্থাৎ সোমবাৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এটা দলে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল।

পিছত দলটোৰ সৈতে যোৱা চিকিৎসকে হাতীটোক ট্ৰেংকুলাইজ কৰে। ‘লাডেন’ক কৰায়ত্ত কৰাৰ পিছতে বিধায়ক হাজৰিকাক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধন্যবাদ জনায়।