জাগুনত খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত

ডিগবৈ বনসংমণ্ডলৰ অধিনৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ দুই নং ফানেঙত বুধবাৰে নিশা খাদ্যৰ সন্ধানত অহা এটা বনৰীয়া হাতীৰ আক্ৰমণ এজন লোকে প্ৰাণ হেৰুৱাব লগা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

নিহত লোকজনক প্ৰদীপ গগৈ (৫০) বুলি চিনাক্ত কৰা হৈছে। নিশা প্ৰায় ১১ বজাত লোকজনৰ ঘৰত হাতীয়ে আক্ৰমণ চলাইছিল। অৱশ্যে সেই সময়ত ঘৰত থকা এগৰাকী মহিলা আৰু এটি শিশুৱে কোনো মতে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়।

আজি পুৱা বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ বাসগৃহৰ কাষতে থকা ধাননি পথাৰৰ পৰা গগৈৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লোকজনৰ মৃত্যুত অঞ্চলটোৰ লোকে বনবিভাগৰ বিৰুদ্ধে বনৰীয়া হাতীৰ আক্ৰমণৰ অঞ্চলটোৰ ৰাইজক সুৰক্ষা দিব পৰা নাই ক্ষোভ প্ৰকাশ কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ প্ৰদান নকৰাৰ অভিযোগ আনে।

এইক্ষেত্ৰত অসম চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভোক্তভোগী লোকসকলে দাবী জনাইছে।