বন্যহস্তীৰ আক্ৰমণত ৰাজ্যত ২৪ ঘণ্টাৰ ভিতৰত তিনি ব্যক্তিৰ মৃত্যু

ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে বন্যহস্তী-মানুহৰ সংঘাত। বন্যহস্তীৰ আক্ৰমণত যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ তিনিটা পৃথক পৃথক স্থানত প্ৰাণ হেৰুৱাইছে তিনিগৰাকী ব্যক্তিয়ে।

বুধবাৰে নগাঁৱৰ কলিয়াবৰত বনৰীয়া হাতীয়ে ভৰিৰে গচকি হত্যা কৰে এজন লোকক। প্ৰাথমিক খবৰ অনুসৰি, বন্য হাতীটোক খেদিবলৈ চেষ্টা কৰাৰ সময়তে ব্যক্তিগৰাকীৰ ওপৰত আক্ৰমণ চলায় হাতীটোৱে।

মৃত ব্যক্তিগৰাকীক কলিয়াবৰ মহকুমাৰ লেংটেং গাঁৱৰ নিবাসী অজিত চৌৰা বুলি জানিব পৰা গৈছে।

ইফালে নগাঁৱৰে অন্তৰ্গত জুৰীয়াৰ বুটমাৰী চৰ অঞ্চলত হাতীৰ আক্ৰমণত এজন যুৱক নিহত হয়। নিহত যুৱকগৰাকীৰ নাম ছিৰাজুল ইছলাম বুলি জানিব পৰা গৈছে।

তদুপৰি মঙলবাৰে নিশা গোৱালপাৰা জিলাৰ অন্তৰ্গত দ্বাৰকা গাঁৱৰ কেটেকীবাৰীত এগৰাকী ব্যক্তিক ভৰিৰে মোহাৰি হত্যা কৰিছিল বন্য হাতীয়ে।