• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিকিৰচাং পাহাৰ লাইনত বন্যপ্ৰাণী সপ্তাহৰ বিশেষ অনুষ্ঠান; কুইজ প্ৰতিযোগিতা

উত্তম শইকীয়া by উত্তম শইকীয়া
October 4, 2019 7:02 am
WL Week.1

মিকিৰচাং পাহাৰ লাইনত বন্যপ্ৰাণী সপ্তাহৰ বিশেষ অনুষ্ঠান। ফটো : নৰ্থইষ্ট নাও

628
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত বৃহস্পতিবাৰে বোকাখাতৰ মিকিৰচাঙত ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ বিশেষ অনুষ্ঠান আয়োজিত হয় ৷

মিকিৰচাং পাহাৰ লাইন প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতেই মিকিৰচাং পাহাৰ লাইন প্ৰাথমিক বিদ্যালয় আৰু বিহৰা চাহ বাগিচা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বন আৰু বন্যপ্ৰাণী সম্পৰ্কীয় মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

পৰৱৰ্তী সময়ত শিক্ষক তৰুণ বিশ্বাসৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভা ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিবেশিত এক সমবেত গীতেৰে আৰম্ভ কৰা হয় ৷

সভাত গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু আৰণ্যকৰ সমন্বয়ক নিৰঞ্জন ভূঞাই সমল ব্যক্তি হিচাবে উপস্থিত থাকি হাতী আৰু হাতী-মানুহৰ সংঘাত নিৰাময়ৰ ওপৰত আলোচনা আগবঢ়ায় ৷

মুকলি সভাত গোলাঘাট বন সংমণ্ডলৰ ডি এফ অ’ ভাস্কৰ ডেকা,সহকাৰী বন সংৰক্ষক প্ৰফুল্ল লহকৰ, বোকাখাতৰ ইলেক্ট্ৰনিকছ মিডিয়া জাৰ্ণেলিষ্ট এছোচিয়েশ্যনৰ সভাপতি প্ৰদীপ বৰা, সৰ্ব শিক্ষা অভিযানৰ সমল শিক্ষক দীপক বৈৰাগী উপস্থিত থাকে।

তদুপৰি,গোলাঘাট সংমণ্ডলৰ বনাঞ্চলিক বিষয়া ক্ৰমে পুস্পধৰ বুঢ়গোঁহাই, ৰাজু শইকীয়া আৰু দিপন বৰ্মনৰ, মিকিৰচাং অঞ্চলৰ জেষ্ঠ নাগৰিক মনিৰাম তাঁতী আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মুনমী সন্দিকৈৰ উপৰিও স্থানীয় বহু লোকে সভাখনত অংশ গ্ৰহণ কৰে ৷

বিহৰা চাহ বাগিচা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বীৰেন দাসে আঁত ধৰা এই সভাত ছাত্ৰ-ছাত্ৰী সকলে হাতী আৰু মানুহৰ সংঘাতৰ পটভূমিত এখন নাটকো পৰিবেশন কৰে ৷ এই সভাতেই কুইজ প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক বঁটা প্ৰদান কৰা হয় ৷

ইপিনে, কাজিৰঙাতো বৃহস্পতিবাৰে বন্যপ্ৰাণী সপ্তাহ উপলক্ষে হস্তী দিৱস উদযাপন কৰা হয় ৷

কাজিৰঙাৰ কৰ্তৃপক্ষ আৰু কৰবেট ফাউণ্ডেশ্যনে আয়োজন কৰা এই অনুষ্ঠানত কাজিৰঙাৰ কাষৰীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক হাতীৰ বিষয়ে জ্ঞান প্ৰদান কৰা হয় ৷

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd