AFSPA বাতিল মণিপুৰ নিৰ্বাচনত মূল বিষয় হিচাপে গ্ৰহণ NPP ৰ, জনালে কনৰাড চাংমাই

AFSPA

মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেচনেল পিপলছ পাৰ্টিৰ (NPP) মুৰব্বী কনৰাড চাংমাই কয় যে বিতৰ্কিত আইন সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰৰ দাবী আগন্তুক মণিপুৰ বিধানসভা নিৰ্বাচনত তেওঁলোকৰ দলৰ মূল বিষয় হ’ব।

উল্লেখ্য যে নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ গণহত্যাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা AFSPA বাতিলৰ দাবী পুনৰ শক্তিশালী ৰূপত উত্থাপন হৈছে।

কনৰাড চাংমাৰ লগতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত AFSPA বাতিলৰ দাবী জনাইছে। AFSPA বাতিলৰ দাবীত নাগালেণ্ডৰ জনসাধাৰণে ৰাজপথতো আন্দোলনৰ ৰূপ দিছে। এনে সময়তে বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ NPP ৰ মূল নেতা কনৰাড চাংমাৰ এই স্থিতিয়ে ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে মণিপুৰত বিজেপি নেতৃত্বাধীন ৬০ জনীয়া মিত্ৰজোঁট চৰকাৰৰ NPP এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু উপ মুখ্যমন্ত্ৰীকে ধৰি দলটোৰ চৰকাৰত দুজন মন্ত্ৰী আছে।

এইবাৰ NPP- এ অকলে মণিপুৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। নিৰ্বাচনমুখী ৰাজ্যখনৰ শাসক আৰু বিৰোধী দল দুয়োটাই ৰাজ্যখনত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে।

মণিপুৰত এখন দলীয় সভাত ভাষণ দি চাংমাই কয়, “আমি জনসাধাৰণৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছো আৰু নিশ্চিতভাৱে আমি মণিপুৰৰ পূৰ্বৰ নিৰ্বাচনতকৈ যথেষ্ট ভাল প্ৰত্যাহ্বান জনাইছো।”