• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2022 8:10 pm
Putin Russia-Ukraine war
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইন যুদ্ধৰ পাছত পুটিনৰ কি হ’ব? যদি যুদ্ধত পুটিন হাৰে অথবা যুদ্ধ অপৰাধত দোষী সাব্যষ্ট হয়, তেন্তে কি হ’ব এই প্ৰবল প্ৰতাপী ভ্লাদিমিৰ পুটিনৰ? তাৰ আগতে আন এটা প্ৰশ্ন হৈছে- একোখন যুদ্ধৰ নিয়ম থাকেনে? উত্তৰটো হৈছে- যুদ্ধৰো নিয়ম থাকে! সেইবাবেই যুদ্ধৰ পাছত কোনোবা হৈ পৰে যুদ্ধ অপৰাধী, কোনোবা হয় পৰে যুদ্ধবিজয়ী।

বৰ্তমান ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধেও ব্যাপক যুদ্ধ অপৰাধৰ অভিযোগ অনা হৈছে। কিন্তু কিহৰ ভিত্তিত এই অভিযোগসমূহ অনা হৈছে? অভিযোগসমূহৰ ব্যৱস্থা কি লোৱা হ’ব? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইনকে ধৰি পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত ব্যাপক পৰিমাণে যুদ্ধ অপৰাধৰ অভিযোগ আনিছে। এই যুদ্ধ অপৰাধ হৈছে ইউক্ৰেইনৰ নিৰীহ তথা অস্ত্ৰহীন নাগৰিকসকলক ৰাছিয়াৰ সেনাই হত্যা কৰিছে। ইউক্ৰেইন চৰকাৰে জনোৱামতে, দহ হাজাৰৰো অধিক এনেধৰণৰ যুদ্ধ অপৰাধ সংঘটিত হৈছে। আনহাতে এই অভিযোগসমূহ ৰাছিয়াই অস্বীকাৰ কৰিছে।

ইতিমধ্যে দ্যা ইণ্টাৰনেচনেল ক্ৰিমিনেল কোৰ্টে ইয়াৰ অনুসন্ধান চলাই আছে। এতিয়া কথা হ’ল, কি এই যুদ্ধ অপৰাধ? আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই যুদ্ধ অপৰাধসমূহ কোনে নিৰ্ধাৰণ কৰে? কোনে কৰে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া? ইয়াৰ বাবে আমি উভটি চাব লাগিব ঐতিহাসিক জেনেভা কনভেচনলৈ।

সেইসময়ত ৰাষ্ট্ৰসংঘ গঠন হোৱাই নাই। দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে ১৯৬ খন দেশৰ প্ৰতিনিধিসকলে চুইজাৰললেণ্ডৰ জেনেভা চহৰত এখন বৈঠকত বহিছিল। ইয়াৰ লক্ষ্য আছিল বিশ্বৰ পৰা যুদ্ধৰ বিভীষিকা দূৰ কৰা। এতিয়াও চৰ্চিত হৈ অহা এই বৈঠকত যুদ্ধ অপৰাধ, মানৱ অধিকাৰ, আন্তঃৰাষ্ট্ৰীয় আইন ইত্যাদি বিষয়সমূহ উত্থাপন কৰা হৈছিল।

বৈঠকখনত কোৱা হৈছিল যে যুদ্ধৰ নামত কোনো দেশে শত্ৰু দেশৰ নিৰীহ লোকসকলক আক্ৰমণ কৰিব নোৱাৰিব। তদুপৰি বহুবোৰ অস্ত্ৰ-শস্ত্ৰ, যেনে- ৰাসায়নিক অস্ত্ৰ, জৈৱিক অস্ত্ৰৰ বিৰুদ্ধেও ব্যাপক ব্যৱস্থা লোৱা হৈছিল। আনহাতে, শত্ৰু দেশৰ আঘাতপ্ৰাপ্ত সৈনিকক হত্যা কৰিব নোৱাৰিব, যুদ্ধবন্দীহে কৰিব পাৰিব।

বিশ্বশান্তিৰ হকে জেনেভা কনভেচনত যিসমূহ সিদ্ধান্ত লোৱা হৈছিল, এতিয়াও সেইসমূহকে পালন কৰি অহা হৈছে। বৰ্তমান যুদ্ধ অপৰাধৰ বিচাৰসমূহ পৰিচালনা কৰে ৰাষ্ট্ৰসংঘৰ দ্যা ইণ্টাৰনেচনেল কোৰ্ট অৱ জাষ্টিছ আৰু দ্যা ইণ্টাৰনেচনেল ক্ৰিমিনেল কোৰ্টে। দ্যা ইণ্টাৰনেচনেল কোৰ্ট অৱ জাষ্টিছে কোনো ব্যক্তিৰ ওপৰত ব্যৱস্থা ল’ব নোৱাৰে, কিন্তু দুখন দেশৰ মাজত হোৱা সংঘাত আইনী প্ৰক্ৰিয়াৰে সমাধান কৰে।

যদি দ্যা ইণ্টাৰনেচনেল কোৰ্ট অৱ জাষ্টিছে এতিয়া ৰাছিয়াক দোষী সাব্যস্ত কৰে, তেন্তে ৰাছিয়াৰ ওপৰত ব্যৱস্থা লোৱাৰ দায়িত্ব পৰিব ৰাষ্ট্ৰসংঘৰ চিকিউৰিটী কাউন্সিলৰ হাতত। আনহাতে, দ্যা ইণ্টাৰনেচনেল ক্ৰিমিনেল কোৰ্টে যিকোনো যুদ্ধ অপৰাধীৰ ওপৰত ব্যৱস্থা ল’ব পাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত হোৱা ঐতিহাসিক নুৰেমবাৰ্গ ট্ৰায়েলৰ পাছত দ্যা ইণ্টাৰনেচনেল ক্ৰিমিনেল কোৰ্টৰ ধাৰণাটো আহিছিল। এই নুৰেমবাৰ্গ ট্ৰায়েলত হিটলাৰৰ যুদ্ধ অপৰাধীবিলাকৰ বিচাৰ চলিছিল।

এই অনুসৰিয়ে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইনকে ধৰি পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ আনিছে। ইতিমধ্যে ৪১ জন ৰাছিয়ান সৈনিকৰ ওপৰত নিৰীহ নাগৰিকক হত্যা, ধৰ্ষণ, লুণ্ঠনৰ অভিযোগত ইউক্ৰেইন চৰকাৰে গোচৰ তৰিছে।

ইয়াৰ মাজৰে ভাদিম ছিছিমাৰিন নামৰ এজন সৈনিকক ইউক্ৰেইনত বন্দী কৰি কিয়েভৰ আদালতে জীৱনজোৰা কাৰাদণ্ডৰে দণ্ডিত কৰিছে। ২১ বৰ্ষীয় সৈনিকজনৰ যুদ্ধ অপৰাধৰ বিচাৰ প্ৰক্ৰিয়াও চলি আছে। উল্লেখযোগ্য যে ইউক্ৰেইন যুদ্ধৰ এয়া প্ৰথমটো যুদ্ধ অপৰাধৰ বিচাৰ। যোৱা ১৮ মে’ তাৰিখে ভাদিমে স্বীকাৰ কৰিছে যে তেওঁ এজন ৬২ বৰ্ষীয় নিৰীহ ইউক্ৰেইনিয়ান নাগৰিকক মূৰত গুলিয়াই হত্যা কৰিছিল।

কিন্তু বৰ্তমান ৰাছিয়া এখন ছুপাৰপাৱাৰ দেশ। বিশ্বজুৰি পুটিনৰ প্ৰভাৱ আছে। তেনেস্থলত পুটিনৰ ওপৰত যুদ্ধঅপৰাধৰ অভিযোগ আনিলেও বাস্তৱতে তেওঁৰ ওপৰত ব্যৱস্থা লোৱা সম্ভৱনে? পশ্চিমীয়া দেশসমূহে পুটিনৰ বিৰুদ্ধে বাৰম্বাৰ অভিযোগ আনিছে। কিন্তু পুটিনৰ সমৰ্থনত আছে এছিয়া মহাদেশৰ কেইবাখনো শক্তিশালী দেশ।

তেনেস্থলত যুদ্ধ অপৰাধৰ অভিযোগৰ পৰা সাৰি যাব নেকি পুটিন? ইউক্ৰেইনত অজস্ৰ নিৰীহ নাগৰিকক গুলিয়াবলৈ নিৰ্দেশ দিয়া পুটিনৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হ’বনে? ভৱিষ্যতৰ বিশ্ব ৰাজনীতিৰ প্ৰেক্ষাপটত এই বিষয়টো লক্ষ্যণীয় হৈ ৰ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd