তথ্য আৰু জনসংযোগ বিভাগক লেকাম লগাবনে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে?

accreditation-750x375

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকক স্বীকৃতি পত্ৰ প্ৰদান কৰা অনুষ্ঠান।

সংবাদ কৰ্মীৰ বাবে এলানি কল্যাণকামী আঁচনিক লৈ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগ্ৰহ প্ৰদৰ্শন কৰাৰ সময়ত একাংশ জ্যেষ্ঠ সাংবাদিকক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰিছে ৰাজ্য চৰকাৰে।

অসম ৰাজ্যিক প্ৰে’ছ স্বীকৃতি সমিতিয়ে স্বীকৃতিৰ বাবে সাংবাদিকসকলৰ নাম যোৱা ২০ ছেপ্তেম্বৰত দাখিল কৰিছিল, আৰু মুখ্য মন্ত্ৰী সোণোৱালে ২৬ ছেপ্তেম্বৰত অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত কাৰ্ডসমূহ বিতৰণ কৰিছিল।

সোণোৱালে ৰাজ্যৰ কৰ্মৰত সাংবাদিকসকলৰ সমস্যা ধৈৰ্য্য সহকাৰে শুনিছিল আৰু বাসগৃ্হ, স্বাস্থ্য আৰু সন্তানৰ শিক্ষাকে ধৰি এলানি কল্যাণকামী আঁচনি ৰূপায়ণৰ আশ্বাস দিছিল।

কৰ্মৰত সাংবাদিকৰ সমস্যা সমাধানত মুখ্য মন্ত্ৰীয়েই ইমান নিষ্ঠা প্ৰদৰ্শন কৰাৰ সময়ত তথ্য আৰু জনসংযোগ বিভাগৰ তদানীন্তন সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই অসমৰ প্ৰতিজন প্ৰকৃত কৰ্মৰত সাংবাদিকে স্বীকৃতি পত্ৰ পোৱাক লৈ নেদেখুৱালে কোনো ব্যগ্ৰতা।

লগতে পঢ়ক– বিনা অনুমোদনত নতুনকৈ নিযুক্তি পাইছে এ চি এছ আমোলাই

হিন্দুস্তান টাইমছৰ জ্যেষ্ঠ সাংবাদিক উৎপল পৰাশৰক স্বীকৃতি দিয়া হোৱা নাই, অথচ তেওঁ দুই দশকতকৈও অধিক কাল এই বৃত্তিত আছে। গুৱাহাটীলৈ অহাৰ পূৰ্বে পৰাশৰ নেপালত হিন্দুস্তান টাইমছৰ বিদেশ সংবাদদাতা আছিল, তেওঁ সমগ্ৰ দক্ষিণ এছিয়াজুৰি জনাজাত। তেওঁ উত্তৰাখণ্ডৰ স্বীকৃতি সমিতিৰো সদস্য আছিল।

হিন্দুস্তান টাইমছত পৰাশৰৰ আন এগৰাকী সহকৰ্মী, গুৱাহাটীৰ বিশেষ সাংবাদিক চাদিক নকবিকো অসম চৰকাৰে স্বীকৃতি পত্ৰ প্ৰদান কৰা নাই। একেদৰে ভাৰতৰ দুই নিউজ এ’জেন্সি পিটিআই (Press Trust of India) আৰু ইউএনআই (United News of India)ৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিককো স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰি এক ভুল কৰিছে ৰাজীৱ প্ৰকাশ বৰুৱাই।

ইউএনআই-ৰ বাৰ্তা সমন্বয়ক (উত্তৰ-পূব) অভিজিত দেব আৰু পিটিআই-ৰ বিশেষ সংবাদদাতা দুৰ্বা ঘোষক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰা হৈছে। প্ৰে’ছ ইনফৰ্মে’চন ব্যুৰ’ৰ স্বীকৃতি পত্ৰ আছে বুলি নথি-পত্ৰ জমা দিয়াৰ পিছতো অভিজিত দেবক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰিছে অসম চৰকাৰে।

লগতে পঢ়ক– অসমৰ এই আমোলাজনে কিয় ভংগ কৰিছে প্ৰ’ট’কল?

অসমত দীৰ্ঘদিন ধৰি কাম কৰি অহাৰ পিছতো দুৰ্বা ঘোষক স্বীকৃতি পত্ৰ দিবলৈ অস্বীকাৰ কৰা হৈছে সেইটো এতিয়াও স্পষ্ট হোৱা নাই। তেওঁ জ্যেষ্ঠ আই এ’ এছ বিষয়া সঞ্জীৱ গোহাঁই বৰুৱাৰ পত্নী।

জ্যেষ্ঠ সাংবাদিকসকলক স্বীকৃতি পত্ৰ নিদিয়া সন্দৰ্ভত অসম চৰকাৰে বিভাগীয় বিবৃতি জাৰি কৰা নাই যদিও, এ’ চি এছ বিষয়াৰূপে অৱসৰ গ্ৰহণৰ দুদিন পূৰ্বে যোৱা ২৮ ছেপ্তেম্বৰত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে এক চুক্তিভিত্তিক চাকৰি যোগাৰ কৰিবলৈ সক্ষম হৈছে ৰাজীৱ প্ৰকাশ বৰুৱা।

আশ্চৰ্য্যজনকভাৱে অসম চৰকাৰে এতিয়াও খামুচি আছে আওপুৰণি Assam Press Correspondents (Accreditation/ Recognition) Rules, 1989, আৰু দিআইপিআৰ-ৰ সঞ্চালক হিচাপে এই বিধিসমূহ সংশোধন নকৰি ৰাজীৱ প্ৰকাশ বৰুৱাৰ দৰে বিষয়াই তেওঁৰ কাৰ্য্যকালৰ প্ৰায় ১০ মাহ কাল নষ্ট কৰিলে।

জ্যেষ্ঠ সাংবাদিকক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰাৰ বাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজীৱ প্ৰকাশ বৰুৱাক লেকাম লগাব পাৰিবনে?